অসম

assam

ETV Bharat / state

অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ৪০২ সংখ্য়ক জন্মজয়ন্তী উদযাপন - LACHIT DIWAS 2024

অসমীয়াৰ সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটো 'লাচিত দিৱস' হিচাপে পালন কৰি অহা হৈছে ।

402 birth anniversary of Lachit Borphukan
বীৰ লাচিতৰ ৪০২ সংখ্য়ক জন্মজয়ন্তী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 8:19 PM IST

নিউজ ডেস্ক: সমগ্ৰ ৰাজ্যত আজি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় লাচিত দিৱস ৷ আহোম সেনাপতি তথা অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ৪০২ সংখ্য়ক জন্মজয়ন্তী দেওবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় লাচিত দিৱস

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কেন্দ্ৰীয়ভাৱে লাচিত দিৱস আয়োজন কৰা হৈছে । প্ৰথম দিনা পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ কেন্দ্রীয় সভাপতি পলাশ চাংমায়ে । ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে । ইয়াৰ পাছতে লাচিতৰ প্ৰতিচ্ছবিত মাল্যার্পণ অনুষ্ঠান মুকলি কৰে পুলক বৰাই ।

বীৰ লাচিতৰ ৪০২ সংখ্য়ক জন্মজয়ন্তী (ETV Bharat Assam)

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি কয়, "আহোম ৰাজতন্ত্ৰ হ'লেও সেই সময়তে গণতন্ত্ৰৰ উন্মেষ ঘটিছিল । ইয়াৰ অন্যতম উদাহৰণ বীৰ লাচিত । এগৰাকী অতুলনীয় বীৰ ৰূপে অসমৰ সাহসৰ প্ৰতীক ৰূপে মোগলৰ বিৰুদ্ধে নৰীয়া গাৰে যুঁজত অৱতীৰ্ণ হৈ যি এক অনন্য সাহসৰ পৰিচয় দাঙি ধৰিলে সি আমাৰ অসমবাসীৰ বাবে,নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস । এনে এগৰাকী বীৰযোদ্ধাক হিন্দু বীৰ বুলি প্ৰতিষ্ঠা কৰাতো দুৰ্ভাগ্যজনক ।" লাচিত দিৱস উপলক্ষে আয়োজন কৰা সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নাট্যকৰ্মী ভূপেন্দ্ৰনাথ হাজৰিকাই । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট অভিনেত্রী ভ্রান্তি মেধিয়ে ।

জন্মস্থানত লাচিত বৰফুকনক স্মৰণ

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় লাচিত দিৱস ৷ মহাবীৰ লাচিত বৰফুকনৰ জন্মস্থান শিৱসাগৰ জিলাৰ হাঁহচৰা শুকতি আলিত আজি মহাবীৰ লাচিত বৰফুকন জন্মস্থান সংৰক্ষণ সমিতিৰ উদ্যোগত উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয় । পুৱা পৰিবেশ নিকাকৰণ দ্বাৰা এই কাৰ্যসূচীৰ পাতনি মেলা হয় । পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ব্ৰজেন ফুকনে । এই কাৰ্যসূচীৰ অংশ ৰূপে লাচিতৰ প্ৰতিছব্বিত স্মৃতি তৰ্পণ আৰু মাল্যাৰ্পণ কৰে সমিতিৰ সম্পাদক ৰঞ্জিত মেছে । এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, কবিতা আবৃত্তি আদি প্ৰতিযোগিতাৰ লগতে মুকলি সভাৰ আয়োজন কৰা হয় ।

উল্লেখ্য় যে ২০২৩ চনত বুৰঞ্জীবিদ পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনে শুকতি আলিৰ লাচিত ঢাপ পৰিদৰ্শন কৰি বুৰঞ্জীৰ সূত্ৰ ধৰি শুকতি আলি মহাবীৰ লাচিতৰ জন্মস্থান বুলি থাৱৰ কৰিছিল । লাচিতৰ জন্মস্থান নিশ্চিত হোৱাৰ পূৰ্বৰে পৰা এৰা ধৰাকৈ ১৯৮৬ চনৰ পৰা শুকতি আলিত লাচিত দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছিল যদিও ২০২২ চনৰ পৰা ইয়াত ধাৰাবাহিকভাৱে এই দিৱস উদযাপন কৰি অহা হৈছে ।

শিলচৰত লাচিত দিৱস

সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো উদযাপন কৰা হয় লাচিত দিৱস । সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সংস্থা (আকসা)ৰ উদ্য়োগত শিলচৰ গান্ধী ভৱনত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকে হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপচাৰ্য মানবেন্দ্ৰ দত্ত, অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক বিশ্বতোষ চৌধুৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক নিৰঞ্জন দত্ত আদি ।

হাবুঙত মহাবীৰ লাচিত দিৱস

সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো আহোমৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰ চাওলুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী খ্যাত হাবুঙত দিনজোৰা কাৰ্যসূচীৰে অসমীয়াৰ স্বাভিমান, জাতীয় মহাবীৰ লাচিত বৰফুকনক স্মৰণ কৰা হয় । হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উদ্যেগ আৰু ধেমাজি জিলা প্ৰশাসনৰ উদ্যেগত হাবুং চাওঁ ছেন ৰেঙৰ প্ৰাংগনত আজিৰে পৰা সপ্তাহজোৰা বিশ্ব ঐতিহ্য সপ্তাহ ২০২৪ পালন কৰা হৈছে । প্ৰথমতে বীৰজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতে হাবুং উপাসনাথলীত পূজা-অৰ্চনা কৰা হয় ৷ তদুপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় । আহোম জনগোষ্ঠীটোৰ পৰম্পৰা গীত আৰু নৃত্যও পৰিৱেশন কৰা হয় ৷

লগতে পঢ়ক:টীয়কৰ ঐতিহাসিক মৈদামত লাচিত দিৱস উদযাপন; প্ৰশাসনৰ নাই গুৰুত্ব

৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details