গুৱাহাটী, ১১ মে’:অহা মে’ৰ দ্বিতীয় সপ্তাহৰ পৰা দেশ তথা ৰাজ্যৰ হজযাত্ৰীসকলৰ যাত্ৰা আৰম্ভ কৰিব । এইবাৰ উত্তৰ-পূবৰ ৩৮০০ গৰাকী যাত্ৰী হজলৈ যাত্ৰা কৰিব । ইয়াৰে অসমৰ ৩৪০০ গৰাকী হজযাত্ৰী । এই কথা ই টিভি ভাৰতক সদৰী কৰিছে ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে ।
হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে জনায় যে ৰাজ্যিক হজ কমিটিৰ উদ্যোগত উত্তৰ-পূব ৩৮০০ গৰাকী হজযাত্ৰীয়ে গুৱাহাটী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিব । তদুপৰি ৰাজ্যিক হজ কমিটিৰ উদ্যোগত কলকাতাৰ পৰা ৪০০ গৰাকী হজযাত্ৰী ১৪ আৰু ১৫ মে’ত হজলৈ যাত্ৰা কৰিব ।
হজযাত্ৰীসকল নিদিষ্ট বিমানবন্দৰ পৰা জেদ্দা তথা মদিনালৈ পোনপটীয়া যাত্ৰা কৰিব । ইতিমধ্যে সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে । নেকিবুৰ জামানে জনায় যে অহা ১৫ মে’ৰ পূৰ্বে হজলৈ যাবলগীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো হজযাত্ৰী গুৱাহাটীৰ গান্ধীবস্তিত থকা হাজী মুছাফীৰ খানাত উপস্থিত হ’ব । হাজী মুছাফীৰ খানাত ৰাজ্যিক হজ কমিটিৰ তৰফৰ পৰা হজযাত্ৰীসকলৰ সকলো থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ব ।