গুৱাহাটী: "এডভাণ্টেজ অসমৰ (২.০) দ্বিতীয় সংস্কৰণ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব । এই বিশাল সন্মিলনত বিশ্বৰ ৩৫ খন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে উচ্চ আয়ুক্তসকল অংশগ্ৰহণ কৰিব । লগতে এডভাণ্টেজ অসমৰ (২.০) দ্বিতীয় সংস্কৰণ ব্যৱসায়িক সন্মিলনখনত বিশ্বৰ পাচখন ৰাষ্ট্ৰৰ উদ্যোগপতিসকল অংশগ্ৰহণ কৰিব । আকৌ দেশৰ প্ৰধান উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জন জিণ্ডাল, অনিল কুমাৰ চালামালা শেঠী আদিয়ে সন্মিলনখনত অংশগ্ৰহণ কৰিব ।"- দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ।
এডভাণ্টেজ অসমৰ (২.০) দ্বিতীয় সংস্কৰণ বিভিন্ন দিশ সামৰি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয়, "অসমৰ বাবে ভাল খবৰ যে অষ্ট্ৰেলিয়া দূতাবাসে অষ্ট্ৰেলিয়াৰ পৰ্যটকসকলক অসম ভ্ৰমণৰ বাধা নিষেধ আঁতৰ কৰিছে । মাত্ৰ AFSPA আইন থকা অসমৰ তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলা কেইখনৰ বাহিৰে বাকী সকলো জিলাত অষ্ট্ৰেলিয়াৰ পৰ্যটকসকলক অসম ভ্ৰমণ কৰিব পাৰিব বুলি অষ্ট্ৰেলিয়া দূতাবাসে সদৰী কৰিছে ।"
তেওঁ কয়, "সন্মিলনত ইউৰোপিয়ান দেশ, ইটালি, কিউৱা, জাপান, কোৰিয়া, ভূটান, মালেছিয়া , ছিংগাপুৰ, থাইলেণ্ড আদি দেশৰ দুতাবাস, ৰাষ্ট্ৰদূত আৰু উচ্চ আয়ুক্তসকলে সন্মিলনত অংশগ্ৰহণ কৰিব । সন্মিলনৰ প্ৰথম দিনা অসমৰ উদ্যোগপতি আৰু বাহিৰৰ উদ্যোগপতিৰ সভা হ'ব । সভাত অসমৰ উদ্যোগপতি হৈ অভিজিৎ বৰুৱা আৰু অনুপম ডেকাই বক্তৃতা দিব । আনহাতে বাহিৰৰ উদ্যোগপতি হিচাপে দেশৰ প্ৰধান উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জন জিণ্ডাল, অনিল কুমাৰ চালামালাশেঠী আদিয়ে ভাষণ দিব ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "সন্মিলনৰ বিকশিত অসম, এক্ট ইষ্ট পলিচি, ছেমিকণ্ডাক্টৰ, হাইড্ৰ'কাৰ্বন, ভূটান আৰু ভাৰত সহযোগিতা, পথ, জলপথ, ৰেলপথ যাতায়ত, আৰ্থিক বিনিয়োগ আদি বিষয়ত পৃথকে পৃথকে অধিবেশন হ'ব । এই অধিৱেশনত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আদিয়ে ভাষণ দিব । শৰ্মাই কয় যে সন্মিলনত জাপান, দক্ষিণ কোৰিয়া, ভূটান, মালেছিয়া , ছিংগাপুৰ, থাইলেণ্ডৰ উদ্যোগপতিসকলে অংশগ্ৰহণ কৰিব ।"