গুৱাহাটী: সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে দাবী কৰি অহাৰ দৰে বাংলাদেশৰ আন্তৰ্জাতিক সীমান্তৰে অসমসহ উত্তৰ-পূবৰ ৰাজ্যকেইখনলৈ অব্যাহত আছে বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰব্ৰজন । আনকি এনে অনুপ্ৰৱেশকাৰীয়ে দালালৰ জৰিয়তে ভুৱা আধাৰ কাৰ্ড সংগ্ৰহ কৰি ভাৰতীয় নাগৰিকৰ বেশ লৈ কাম কৰিবলৈ সক্ষম হৈছে ।
আন্তৰ্জাতিক সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফৰ হাতত তেনে বহু বাংলাদেশী ধৰা পৰিলেও বি এছ এফ, আৰক্ষীৰ অজ্ঞাতে ত্ৰিপুৰা, অসমৰ কৰিমগঞ্জ আদিৰে ৰে'ল অথবা বাছত একাংশ বাংলাদেশীয়ে অসমসহ উত্তৰ-পূবৰ আন ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈ আত্মগোপন কৰিছে ।
ইফালে, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনী তথা আৰ পি এফে তেনে বাংলাদেশী নাগৰিকে যাতে ৰে’লেৰে যাত্ৰা কৰিব নোৱাৰে তাৰ ওপৰত চকু ৰখা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই মন্তব্য় কৰিছে ।
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰি কয়, "১ নৱেম্বৰ পৰা ৩০ নৱেম্বৰলৈ আৰ পি এফে বি এছ এফৰ সৈতে চলোৱা যৌথ অভিযানত অসমৰ মাজেৰে দেশৰ আন ৰাজ্যলৈ যোৱা অৱস্থাত আগৰতলা, ধৰ্মনগৰ, জিৰণীয়া ৰে'ল ষ্টেচনৰ পৰা মহিলাসহ ২৩ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় । অৱশ্যে বাংলাদেশী প্ৰব্ৰজনকাৰীক সীমান্ত পাৰ কৰোৱাত সহায় কৰা দালাল চক্ৰটো পলাই যাবলৈ সক্ষম হয় ।"