যোৰহাট, 24 ফেব্ৰুৱাৰী : আৰক্ষীৰ পদক্ষেপলৈ বাট নাচাইঅভিভাৱকে বিহাৰলৈ গৈ উদ্ধাৰ কৰিলে মৰিয়নীৰ পৰা নিৰুদ্দেশ হোৱা দুই ছাত্ৰী ৷ উদ্ধাৰ কৰি আনিয়েই ছাত্ৰীসহ মৰিয়নী থানাত উপস্থিত হয় অভিভাৱক ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া মৰিয়নী দুই ছাত্ৰী পৰীক্ষাৰ পূৰ্বে অৰ্থাৎ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ অভিভাৱকসহ শুকুৰবাৰৰ নিশা ৰে’ল যোগে মৰিয়নীত উপস্থিত হয় তেওঁলোক ।
তাৎপৰ্যপূৰ্ণ যে দুই ছাত্ৰীক বেংগালুৰুৰ পৰা আহি থকা অৱস্থাত অভিভাৱকে বিহাৰত উদ্ধাৰ কৰে ৷ তেওঁলোকক উদ্ধাৰ কৰিবলৈ অভিভাৱকৰ লগত আৰক্ষী যোৱা নাছিল । অভিভাৱকৰ ভাষ্য অনুসৰি আৰক্ষীয়ে সহায়-সহযোগিতা অগবঢ়াইছিল যদিও কিন্তু তেওঁলোকক আনিবলৈ যোৱা নাছিল ৷ শুকুৰবাৰে দুই ছাত্ৰী পিতৃ-মাতৃৰ সৈতে বিবেক এক্সপ্ৰেছৰ জৰিয়তে মৰিয়নী জংচনত উপস্থিত হয় । মৰিয়নী জংচনৰ পৰা পোনে পোনে অভিভাৱকৰ সৈতে দুই ছাত্ৰীৰ হাজিৰ হয় মৰিয়নী আৰক্ষী থানাৰ আৰক্ষী ওচৰত ।