অসম

assam

ETV Bharat / state

ডিমা হাছাওত আয়োজন ফেলকন ফেষ্টিভেল ২০২৪ - FALCON FESTIVAL 2024

শুকুৰবাৰৰ পৰা ডিমা হাছাও জিলাত আয়োজন ফেলকন ফেষ্টিভেল ২০২৪ৰ দশম সংস্কৰণ ৷ ইয়াৰ লক্ষ্য পাহাৰীয়া জিলাখনৰ সংস্কৃতিক দিশৰ লগতে আমূৰ ফেলকনৰ বিষয়ে সজাগতা সৃষ্টি কৰা৷

10th edition of the Falcon Festival
ফেলকন ফেষ্টিভেল ২০২৪ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 8:10 PM IST

হাফলং :শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত ফেলকন ফেষ্টিভেল ২০২৪ ৰ দশম সংস্কৰণ ৷ ডিমা হাছাও জিলাৰ বিভিন্ন জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত নৃত্য আৰু সংগীতৰ মাজেৰে আৰম্ভ হৈছে এই ফেষ্টিভেল ।

এই ফেষ্টিভেল বা উৎসৱত কেৱল পাহাৰীয়া জিলাখনৰ সংস্কৃতি প্ৰদৰ্শন কৰাই নহয় লগতে ‘‘আমূৰ ফেলকন”ৰ বিষয়ে সজাগতা সৃষ্টি কৰাও ইয়াৰ অন্যতম লক্ষ্য ৷ ইতিমধ্যে সকলোৱে জানে যে প্ৰতিটো শীতকালতে অসমৰ অন্যতম পাহাৰীয়া জিলালৈ আহে পৰিভ্ৰমী পক্ষী “আমূৰ ফেলকন” ৷ সেয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি পৰিভ্ৰমী চৰাই আমূৰ ফেলকনৰ সজাগতাৰ বাবেও এই উৎসৱ উদযাপন কৰা হৈছে ।

ফেলকন ফেষ্টিভেল ২০২৪ (ETV Bharat Assam)

এই চৰাইবোৰৰ বাৰ্ষিক আগমনো প্ৰকৃতিৰ এক আশ্চৰ্যকৰ বিষয় বুলি ধৰা হয় ৷ কিয়নো আমূৰ ফেলকনে নিজৰ যাত্ৰাৰ সময়ত ডিমা হাছাওক অন্যতম মূল ষ্টপ অভাৰ হিচাপে বাছি লয় । এই অনন্য পৰিঘটনাই পাৰ্বত্য জিলাখনৰ পৰিৱেশৰ গুৰুত্ব আৰু পৰ্যটনৰ বাবে এক প্ৰধান স্থান হিচাপেও পৰ্যটকসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷

ফেলকন ফেষ্টিভেল ২০২৪ (ETV Bharat Assam)

লগতে পঢ়ক :বন্যহস্তীৰ দেহত ৰেডিঅ' ক'লাৰ স্থাপন, জানিব পৰা যাব হাতীৰ জাকৰ গতিবিধি

লগতে পঢ়ক :মানাহত তিনিগুণ বৃদ্ধি ঢেঁকীয়াপতীয়াৰ সংখ্যা

উল্লেখ্য যে, ফেলকন ফেষ্টিভেল উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰা ৷ ইয়াৰ লক্ষ্য হৈছে প্ৰকৃতিৰ প্ৰতি আৰু অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে ডিমা হাছাওৰ পৰ্যটনৰ বৃদ্ধিতো অৰিহণা যোগোৱা ৷ সেয়ে এই লক্ষ্য উদ্দেশ্যক সাৰোগত কৰিয়েই প্ৰতিবছৰে ফেলকন মহোৎসৱ আয়োজন কৰি আহিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু জিলাৰ পৰ্যটন বিভাগে ।

ফেলকন ফেষ্টিভেল ২০২৪ৰ দশম সংস্কৰণ (ETV Bharat Assam)

এই মেগা ইভেণ্টৰ প্ৰধান লক্ষ্য হৈছে পাৰ্বত্য জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, ঐতিহ্য আৰু সাংস্কৃতিক দিশটো সকলোৰে আগত তুলি ধৰা । ইয়াৰ উপৰিও এই অসমৰ অন্যতম পাহাৰীয়া জিলাৰ প্ৰাকৃতিক সম্পদ উপভোগ কৰা আৰু দেশ-বিদেশৰ পৰ্যটকসকলৰ বাবে এই উৎসৱক এক অবিস্মৰণীয় অভিজ্ঞতা হিচাপে গঢ়ি তোলাও ইয়াৰ অন্যতম লক্ষ্য বুলি মত প্ৰকাশ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

লগতে পঢ়ক :গোষ্ঠী হিংসাই স্পৰ্শ নকৰা মণিপুৰৰ তামেংলঙত আমূৰ ফেলকন উৎসৱ

লগতে পঢ়ক :প্ৰায় 9 বছৰৰ পাচত জাতিংগাত দৃশ্যমান টাইগাৰ বিটাৰ্ন

ABOUT THE AUTHOR

...view details