অসম

assam

জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি 20 শৃংখলাত অন্তৰ্ভূক্ত সুদৰ্শন, জিতেশ, ৰাণা - Zimbabwe Tour Of Indian Team

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 7:11 AM IST

T 20 Against Zimbabwe : জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি 20 শৃংখলাটোত ভাৰতীয় দলটোৰ কিছু সালসলনি ঘটাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে(বিচিচিআই) ৷ সম্প্ৰতি দলটোত অন্তৰ্ভুক্ত কৰা হৈছে সুদৰ্শন, জিতেশ শৰ্মা আৰু হৰ্ষিত ৰাণাক ৷ চাওক বিতং খবৰ...

ZIMBABWE TOUR OF INDIAN TEAM
জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব টি 20 শৃংখলা (ANI)

স্প’ৰ্টছ ডেস্ক, 3 জুলাই: টি 20 বিশ্বকাপৰ খিতাপ দখলৰ পাছত ভাৰতীয় ক্ৰিকেট দলটো সাজু হৈছে জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি 20 শৃংখলাটোৰ বাবে ৷ 6 জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া দলটোত অন্তৰ্ভূক্ত কৰা হৈছে কেইবাখনো নতুন মুখ ৷ য’ত আছে অসম সন্তান ৰিয়ান পৰাগো ৷

তাৰোপৰি বিচিচিআয়ে দলটোৰ কিছু সালসলনি ঘটাই কলকাতা নাইট ৰাইডাৰ্ছৰ জনপ্ৰিয় খেলুৱৈ হৰ্ষিত ৰাণাক দলটোত স্থান দিছে ৷ বিচিচিআয়ে অনুষ্ঠানিকভাৱে এই সালসলনিৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক:জাতীয় দলৰ জাৰ্ছী পিন্ধাৰ সপোন পূৰাবলৈ ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জিম্বাব’ৱেলৈ উৰা মাৰিলে ৰিয়ান পৰাগে - Zimbabve Tour Of Indin Team

বিচিচিআইৰ সচিব জয় শ্বাহে এক চৰকাৰী বিজ্ঞপ্তিযোগে এই ঘোষণা কৰে ৷ বিজ্ঞপ্তিটোত প্ৰকাশ কৰা অনুসৰি, অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথম দুখন টি 20 মেচৰ বাবে সঞ্জু চেমছন, শিৱম দুবে আৰু যশস্বী জয়ছোৱালৰ স্থানত অন্তৰ্ভূক্ত কৰিছে সুদৰ্শন, জিতেশ শৰ্মা আৰু হৰ্ষিত ৰাণাক ৷

তিনিওগৰাকী খেলুৱৈয়ে 6 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া পাঁচখন মেচৰ টি 20 শৃংখলাটোৰ বাবে জিম্বাব’ৱে অভিমুখী দলটোত যোগদান কৰাৰ কথা আছিল যদিও, আইচিচি টি 20 বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাকীসকল সদস্যৰ সৈতে প্ৰথমে ভাৰত ভ্ৰমণ কৰিব ।

লগতে পঢ়ক:তীব্ৰ উৎকণ্ঠাৰ অৱসান; চাৰ্টাৰ্ড বিমানেৰে উভতিব ভাৰতীয় দল - Indian team stuck in Barbados

জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা টি 20 শৃংখলাটোৰ সময়ছোৱাত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব শুভমন গিলে ৷ তদুপৰি প্ৰশিক্ষকৰ দায়িত্বত আছে ভি ভি এছ লক্ষ্মণ ৷

বাছনি সমিতিয়ে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা টি 20 বিশ্বকাপ বিজয়ী দলৰ জ্যেষ্ঠ সদস্যসকলক বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লৈছে ৷ যাৰ ভিতৰত আছে উপ অধিনায়ক হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ, বাওঁহতীয়া পেচাৰ অৰ্শদীপ সিং ।

লগতে পঢ়ক:বিদায়ী ভাষণত কি ক'লে ৰাহুল দ্ৰাবিড়ে ? - Rahul Dravid farewell speech

ABOUT THE AUTHOR

...view details