স্প’ৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ:19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত অনুষ্ঠিত হ’বলগীয়া শৃংখলাক লৈ সম্প্ৰতি ব্যস্ত টীম ইণ্ডিয়া ৷ ঘৰৰ মাটিত ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷ এই শৃংখলাৰ পূৰ্বে দলটোৱে বৃহস্পতিবাৰৰ পৰা চেন্নাইত শিবিৰ আৰম্ভ কৰিব ৷
ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে সদ্যসমাপ্ত দিল্লী প্ৰিমিয়াৰ লীগত(ডি পি এল) উপস্থিত হৈ এক বিস্ফোৰক মন্তব্যৰে তোলপাৰ লগাইছে সমগ্ৰ ক্ৰিকেট জগতত ৷ দিল্লী প্ৰিমিয়াৰ লীগৰ সময়ত গম্ভীৰে কৰা মন্তব্যৰ এক ভিডিঅ’ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷
এই ভিডিঅ’ত গম্ভীৰে ক্ৰিকেট জগতৰ যুৱৰাজ আৰু বাদশ্বাহ হিচাপে আখ্যা দিছে দুগৰাকীকৈ ক্ৰিকেটাৰক ৷ পিছে তেওঁলোক দুগৰাকী কোন ?
বিৰাট কোহলী ক্ৰিকেটৰ যুৱৰাজ
সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত টেলিভিছনৰ আঁতধৰোতা শেফালী বাগ্গাৰ সৈতে দেখা গৈছে গৌতম গম্ভীৰক ৷ বিভিন্ন ক্ৰিকেটাৰৰ ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ অৱদান আৰু ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰি খিতাপ দিবলৈ বাগ্গাই ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকগৰাকীক অনুৰোধ জনায় ৷
বাগ্গাৰ অনুৰোধমৰ্মে গম্ভীৰে বিৰাট কোহলীক ক্ৰিকেটৰ যুৱৰাজ আখ্যা দি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে । সততে দেখা যায় যে, গম্ভীৰ আৰু কোহলীৰ মাজৰ সম্পৰ্ক মসৃণ নহয় । আই পি এলৰ সময়তো দুয়োজন খেলুৱৈৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছিল ৷
কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এনে মন্তব্যই দুয়োগৰাকীৰ মাজত বিভেদ নোহোৱা হোৱাতোকে সূচাইছে ৷ আই পি এল 2024-ৰ সময়তো এনে এটা মুহূৰ্ত আছিল, য’ত গম্ভীৰ-কোহলীক আলিংগন কৰা দেখা গৈছিল ৷
গম্ভীৰে ক্ৰিকেটাৰসকলক দিয়া খিতাপ