স্পৰ্টছ ডেস্ক, ১৬ জুন : শনিবাৰে ইংলেণ্ড আৰু নামিবিয়াৰ মাজত অনুষ্ঠিত হয় টি-২০ বিশ্বকাপ ২০২৪ ৰ ৩৪ সংখ্যক মেচ । এই খেলখনত ইংলেণ্ডে ৪১ ৰাণত পৰাস্ত কৰে নামিবিয়াক । টছত পৰাস্ত হোৱাৰ পাচত ইংলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ আহি ১০ অভাৰত ৫ উইকেট হেৰুৱাই ১২৫ ৰাণ সংগ্ৰহ কৰে ৷ ইফালে নামিবিয়াই ১০ অভাৰত ৩ উইকেট হেৰুৱাই মাত্ৰ ৮৪ ৰাণহে কৰিবলৈ সক্ষম হয় ।
ইংলেণ্ডৰ এই জয়ৰ পিছত এতিয়া দৃষ্টি নিক্ষেপ কেৱল অষ্ট্ৰেলিয়া বনাম স্কটলেণ্ডৰ মেচত আছে ৷ য’ত অষ্ট্ৰেলিয়াই জয়লাভ কৰিলেহে স্কটলেণ্ডে ছুপাৰ-৮ ৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব ।
ইফালে বৰষুণৰ বাবে ইংলেণ্ড আৰু নামিবিয়াৰ মাজৰ খেলখন পলমকৈ আৰম্ভ হৈছিল । টছত জয়ী হোৱাৰ পাচত নামিবিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । এই পৰিস্থিতিৰ সুযোগ লৈ ইংলেণ্ডে আগ্ৰাসী শৈলী গ্ৰহণ কৰি ১০ অভাৰত ১২৫ ৰাণ সংগ্ৰহ কৰে ।
হেৰী ব্ৰুকে ২০ টা বলত ৪৭ ৰাণৰ ইনিংছ খেলিছিল, য’ত ২ টা ছয় আৰু ৪ টা চাৰিটা আছিল । তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ উপৰিও ময়েন আলীয়ে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ৬ বলত ১৬ ৰাণ সংগ্ৰহ কৰে ।