স্প’ৰ্টছ ডেস্ক, ১ মে':আমেৰিকা আৰু কেৰিবিয়ানত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে তাৰকাৰে ভৰা অষ্ট্ৰেলিয়া দলৰ অধিনায়ক হ’ব মিচেল মাৰ্শ্ব । ক্ৰিকেট অষ্ট্ৰেলিয়াই বুধবাৰে নিজৰ অফিচিয়েল এক্সৰ জৰিয়তে ঘোষণা কৰে, ১৫ জনীয়া দলটো । অষ্ট্ৰেলিয়াৰ নিৰ্বাচকসকলে দলটোৰ অধিনায়কৰ দায়িত্ব মিচেল মাৰ্শ্বক দিছে, যিয়ে প্ৰথমবাৰৰ বাবে খেলখনৰ আটাইতকৈ চুটি ফৰ্মেটত নিজৰ দলটোৰ অধিনায়কত্ব কৰিব ।
চাৰি সপ্তাহৰ এই প্ৰতিযোগিতাখনৰ বাবে দলত অন্তৰ্ভুক্ত হোৱা নাই প্ৰবীণ বেটছমেন ষ্টিভ স্মিথ, যুৱ খেলুৱৈ জেক ফ্ৰেজাৰ-মেকগাৰ্ক, অভিজ্ঞ ছিমাৰ জেছন বেহৰেণ্ডৰ্ফ আৰু অল ৰাউণ্ডাৰ মেট শ্বৰ্ট ।
এদিনীয়া আৰু টেষ্টৰ অধিনায়ক পেট কামিন্সে পেচ আক্ৰমণৰ নেতৃত্ব দিব । য’ত আছে প্ৰবীণ বাওঁহাতৰ পেচাৰ মিচেল ষ্টাৰ্ক । বিষ্ফোৰক অ’পেনাৰ আৰু অভিজ্ঞ খেলুৱৈ ডেভিদ ৱাৰ্ণাৰৰ ওপৰতো নিৰ্বাচকসকলে বিশ্বাস প্ৰকাশ কৰিছে ।