অসম

assam

ETV Bharat / sports

অৰ্থৰ অভাৱ; দৰমহালৈ আশাৰে বাট চাইছে পাকিস্তানী ক্ৰিকেটাৰে - FINANCIAL CRISIS IN PAKISTAN

Pakistan cricket: তীব্ৰ বিত্তীয় সংকটত ভূগিছে পাকিস্তান ৷ দেশখনৰ হকী দলে আৰ্থিক সংকটত ভোগাৰ পিছত বৰ্তমান পাকিস্তানী ক্ৰিকেটাৰসকলে চাৰিমাহৰ দৰমহা পাবলৈ বাকী আছে ৷

By ETV Bharat Sports Team

Published : 5 hours ago

FINANCIAL CRISIS IN PAKISTAN
পাকিস্তানৰ ক্ৰিকেট দল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 4 অক্টোবৰ:তীব্ৰ বিত্তীয় সংকটত ভূগি আছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান ৷ পূৰ্বেও এই কথা প্ৰকাশ হৈছিল সংবাদ মাধ্যমত ৷ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ সময়তহে এই কথা পোহৰলৈ আহে ৷ কিয়নো সেই সময়ত এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ উদ্দেশ্যে পাকিস্তানৰ হকী দলটোৱে ধন ধাৰে লৈ চীন অভিমুখে যাত্ৰা কৰাৰ বাবে বিমানৰ টিকট ক্ৰয় কৰিছিল ৷

সম্প্ৰতি একেই সমস্যাত ভূগিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড ৷ ব’ৰ্ডখনে সম্প্ৰতি আৰ্থিক সংকটৰ সন্মুখীন হৈছে আৰু তেওঁলোকৰ ক্ৰিকেট খেলুৱৈসকলে চাৰি মাহ ধৰি দৰমহাৰ বাবে অপেক্ষা কৰি আছে । 2023 চনৰ 1 আগষ্টৰ পৰা ব’ৰ্ডৰ সৈতে 23 মাহৰ বাবে চুক্তিবদ্ধ হোৱা পাকিস্তানৰ খেলুৱৈসকলে 2024 চনৰ জুন মাহৰ পৰা লাভ কৰা নাই দৰমহা । এই চুক্তিৰ ম্য়াদ উকলিব 2025 চনৰ 30 জুনত ৷

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, "এই সন্দৰ্ভত কাম চলি আছে । তালিকাসমূহ চূড়ান্ত কৰি অনুমোদন জনোৱাৰ লগে লগে দৰমহাৰ ধন মোকলাই দিয়া হ’ব । একেদৰে 2024 চনৰ 1 জুলাইৰ পৰা এই চুক্তিৰ প্ৰস্তাৱ দিয়া হ’ব" ।

পিচিবিৰ এগৰাকী বিষয়াই সদৰী কৰা মতে, "পলমৰ কাৰণ হ’ল- বহু কথাই চলি আছে আৰু সকলো বিষয় সমাধান কৰিবলৈ সময়ৰ অভাৱ" ।

পিচিবিৰ নীতি অনুসৰি ক্ৰিকেটাৰসকলক থকাৰ ব্যৱস্থা আৰু দিনটোত তিনিবাৰকৈ খোৱাৰ ব্যৱস্থা কৰিলে ব’ৰ্ডে দৈনিক ভাট্টা নিদিয়ে । এইদৰে এক ছেপ্টেম্বৰৰ পৰা মুলতানত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰৰ বাবে মহিলা খেলুৱৈসকলে দৈনিক কোনো ভাট্টা লাভ কৰা নাছিল । প্ৰতিবেদন অনুসৰি শিবিৰত থকা সহায়ক কৰ্মচাৰীক প্ৰদান কৰা হয় ভাট্টা । কেৱল মহিলাই নহয়, পুৰুষ ক্ৰিকেটাৰসকলেও 4 মাহ ধৰি লাভ কৰা নাই দৰমহা ।

উল্লেখ্য যে, পাকিস্তানৰ মহিলা ক্ৰিকেটাৰসকল বিশ্বৰ ভিতৰতে সৰ্বনিম্ন দৰমহা লাভ কৰা খেলুৱৈসকলৰ ভিতৰত অন্যতম বুলিও এক প্ৰতিবেদনত প্ৰকাশ পাইছিল । পিচিবিয়ে মহিলা খেলুৱৈৰ বাবে ব্যয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, যদিও মহিলা ক্ৰিকেটত নতুন বিনিয়োগৰ সবিশেষ এতিয়াও প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক:হাতত নাই ধন, ধাৰ লৈ চীনলৈ ৰাওনা হকী দল - FINANCIAL CRISIS IN PAKISTAN

ABOUT THE AUTHOR

...view details