স্প’ৰ্টছ ডেস্ক, 30 আগষ্ট: পেৰিছ অলিম্পিকত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা তাৰকা ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাট শুকুৰবাৰে পুৱা উপস্থিত হয় অমৃতসৰত ৷ খেলুৱৈগৰাকীয়ে স্বৰ্ণমন্দিৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে ৷
বিনেশে দৰবাৰ চাহিবত সেৱা জনোৱাৰ পিছত গুৰবানী কীৰ্তনত অংশ লৈ ভৱিষ্যত জীৱনৰ বাবে প্ৰাৰ্থনা কৰে । বিনেশৰ সৈতে এই কাৰ্যসূচীত উপস্থিত আছিল তখত শ্ৰী দামদামা চাহিবৰ জথেদাৰ সিং চাহিব গিয়ানি হৰপ্ৰীত সিং ৷
ইয়ালৈ অহাতো মোৰ সপোন আছিল: বিনেশ ফোগাট
স্বৰ্ণমন্দিৰত উপস্থিত হোৱাৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত 30 বছৰীয়া মল্লযোদ্ধা ফোগাটে স্বৰ্ণমন্দিৰ দৰ্শন কৰাতো খেলুৱৈগৰাকীৰ এটা সপোন আছিল বুলি ব্যক্ত কৰে ৷ যি সপোন শুকুৰবাৰে পূৰণ হয় ।
বিনেশে কয় যে "মই ইয়াত উপস্থিত হৈ আনন্দ অনুভৱ কৰিছো ৷ মই আশা কৰিছিলো যে, ঈশ্বৰে মোক ইয়ালৈ নিমন্ত্ৰণ জনাব । একমাত্ৰ প্ৰাৰ্থনাৰ বাবেহে দেশখন প্ৰগতিৰ পথত আগবাঢ়িছে । ঈশ্বৰে সকলোকে শক্তি দিয়ক, যাতে সকলোৱে শক্তিশালী হৈ থাকিব পাৰে" ।