স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ: গ্ৰেটাৰ নয়দাৰ শ্বহীদ বিজয় সিং পথিক স্প’ৰ্টছ কমপ্লেক্স গ্ৰাউণ্ডত সোমবাৰৰে পৰা অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্ট মেচত মুখামুখি হ’ব আফগানিস্তান আৰু নিউজিলেণ্ড ৷
পিছে মেচখনৰ পূৰ্বে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আফগানিস্তান ৷ দলটোৰ অন্যতম শীৰ্ষ বেটছমেন ইব্ৰাহিম জাদৰানৰ আঘাতৰ বাবে মেচত অংশ নোলোৱাটো নিশ্চিত হৈ পৰিছে ৷ ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও শৃংখলাৰ পৰাও বাহিৰ হৈছে ক্ৰিকেটাৰগৰাকী ৷
ভৰিৰ আঘাতৰ বাবে বাহিৰ ইব্ৰাহিম জাদৰান
আফগানিস্তানে নিজৰ অফিচিয়েল এক্স একাউণ্টৰ জৰিয়তে ৰাজহুৱা কৰিছে এই খবৰ ৷ দলটোৱে "আঘাতৰ আপডেট, আফগানিস্তানৰ সৰ্বশ্ৰেষ্ঠ টপ অৰ্ডাৰ বেটছমেন ইব্ৰাহিম জাদৰানক আগন্তুক এখন আফগানিস্তান বনাম নিউজিলেণ্ড টেষ্ট আৰু 3 খন মেচৰ আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা এদিনীয়া শৃংখলাৰ পৰা বাওঁ গোৰোহা মোচোকা হোৱাৰ বাবে বাহিৰ কৰা হৈছে । সোনকালে সুস্থ হওক, ইব্ৰাহিম" বুলি এক্সত প্ৰকাশ কৰিছিল ৷