অসম

assam

ETV Bharat / sports

বেংগালুৰু টেষ্টত ভাৰতৰ পৰাজয়ৰ পিছত নেটত অনুশীলন মহম্মদ ছামীৰ; দিলে প্ৰত্যাৱৰ্তনৰ ইংগিত

Mohammed shami practice on the nets: দললৈ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা মহম্মদ ছামীৰ ৷ নেট অনুশীলনত ব্যস্ত ভাৰতীয় বলাৰগৰাকী ৷

By ETV Bharat Sports Team

Published : 4 hours ago

MOHAMMED SHAMI
মহম্মদ ছামী (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 21 অক্টোবৰ:সুদীৰ্ঘ সময়ৰ পিছত দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে ভাৰতৰ ফাষ্ট বলাৰ মহম্মদ ছামী ৷ ভাৰতৰ ফাষ্ট বলাৰগৰাকী দীৰ্ঘদিনে আঘাতৰ বাবে দলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে ৷ শেহতীয়াকৈ ছামীক নেট অনুশীলন কৰি থকা পৰিলক্ষিত হয় ৷ যি দৃশ্যই শীঘ্ৰেই ভাৰতীয় বলাৰগৰাকী দললৈ প্ৰত্যাৱৰ্তন কৰাৰ ইংগিত বহন কৰিছে ৷

আঁঠুৰ আঘাতৰ বাবে বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত থকা ছামীয়ে দললৈ প্ৰত্যাৱৰ্তনত সম্পূৰ্ণ মনোনিৱেশ কৰিছে । শেহতীয়াকৈ নিজৰ শৈলীৰে বলিং অনুশীলন আৰম্ভ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে । কিৱি দলৰ বিৰুদ্ধে টেষ্ট মেচৰ মাজতে তেওঁ উপস্থিত হৈছিল নেট অনুশীলনত । অনুশীলনৰ ভিডিঅ’ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷

দেওবাৰে বেংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছত, ছামীয়ে একেখন খেলপথাৰতে নেটত অনুশীলন কৰিবলৈ গৈছিল । ছামীয়ে কিছু সময়ৰ বাবে টীম ইণ্ডিয়াৰ বেটছমেন শুভমন গিল আৰু প্ৰশিক্ষক অভিষেক নায়াৰক বলিং কৰে । বলাৰগৰাকীক দেখিলে বৰ্তমানেও তেওঁ ফিজিঅ’ৰ তত্বাৱধানত থকাতো অনুমান কৰিব পাৰি ৷

লগতে পঢ়ক:কেতিয়া দললৈ ঘূৰি আহিব মহম্মদ ছামী ? স্পষ্ট কৰিলে বিচিচিআইৰ সচিব জয় শ্বাহে - JAY SHAH ON MOHAMMED SHAMI

শেহতীয়া আপডেট অনুসৰি, ছামীয়ে পৰৱৰ্তী চাৰি সপ্তাহৰ ভিতৰত দললৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ এই খবৰ সঁচা হ’লে নৱেম্বৰত আৰম্ভ হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দেখা যাব ভাৰতীয় বলাৰগৰাকীক ৷ ছামীৰ প্ৰত্যাৱৰ্তনে অষ্ট্ৰেলিয়ান পিটচত পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা ।

যদি যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, আকাশদীপ আৰু ছামী টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত থাকে, তেন্তে দলটোৰ পেচ বিভাগ অধিক শক্তিশালী হ'ব । অৱশ্যে টীম ইণ্ডিয়াত পুনৰ যোগদান কৰিবলৈ ঘৰুৱা ক্ৰিকেটত কমেও এখন মেচ খেলাটো প্ৰয়োজন ।

তদুপৰি ছামীয়ে ঘৰুৱা ক্ৰিকেটত খেলিব নে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জাতীয় দলত স্থান লাভ কৰিব, সেই সিদ্ধান্ত গ্ৰহণ কৰিব বি চি চি আইয়ে ৷ যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল মহম্মদ ছামী । তেতিয়াৰে পৰাই ক্ৰিকেটৰ পৰা আঁতৰি আছে খেলুৱৈগৰাকী ৷

লগতে পঢ়ক:জীয়ৰীক সাক্ষাতৰ পিছতে মহম্মদ ছামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পূৰ্বৰ পত্নীৰ - MOHAMMED SHAMI Ex WIFE ALLEGATIONS

ABOUT THE AUTHOR

...view details