গুৱাহাটী, ২৯ জুন:পুনৰ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে বক্সাৰ লাভলীনা বৰগোঁহাই । টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে বিশ্বৰ বক্সিং ৰিঙত ইতিহাস ৰচনা কৰা লাভলীনা বৰগোঁহায়ে পুনৰ ইতিহাস ৰচনাৰ সপোন লৈ পেৰিছ অভিমুখে ৰাওনা হৈছে ।
এইবাৰ ফ্ৰান্সৰ ৰাজধানী পেৰিছত ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক অনুষ্ঠিত হ'ব । ২০২০ চনৰ টকিঅ' অলিম্পিকৰ দৰে এইবাৰৰ পেৰিছ অলিম্পিকতো বক্সিঙত ভাৰতীয় দলটোত স্থান লাভ কৰিছে অসমকন্যা লাভলীনা বৰগোঁহায়ে । লক্ষণীয় বিষয় যে টকিঅ' অলিম্পিকত লাভলীনা বৰগোঁহায়ে ৬৯ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হৈছিল যদিও এইবাৰৰ অলিম্পিকত ৭৫ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হ'ব ।
টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহায়ে ব্ৰঞ্জৰ পদকেৰে বিশ্বৰ বক্সিং ৰিঙত অসমৰ তথা দেশৰ নাম উজলাই তুলিছিল । এইবাৰৰ পেৰিছ অলিম্পিকত সোণৰ পদক অৰ্জনৰ লক্ষ্যৰে লাভলীনা বৰগোঁহাইসহ ভাৰতীয় বক্সাৰৰ দলটোৱে জাৰ্মানী অভিমুখে ৰাওনা হৈছে । লাভলীনা বৰগোঁহাইসহ ভাৰতীয় বক্সাৰৰ দলটোৱে সদ্যহতে জাৰ্মানীৰ ছাৰব্ৰুকেন নগৰীত ২২ জুলাইলৈ প্রশিক্ষণ গ্ৰহণ কৰিব ।
প্ৰশিক্ষণৰ সময়ত তাত কেম্প কৰিবলগীয়া আন আন দেশৰ শক্তিশালী খেলুৱৈসকলৰ সৈতে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাত অংশগ্রহণ কৰিব । লাভলীনা বৰগোঁহাইৰ লগতে আন এগৰাকী অসমীয়া আছে ভাৰতীয় দলটোত । তেওঁ হৈছে প্ৰশিক্ষক প্ৰণামিকা বৰা । প্রশিক্ষক প্ৰণামিকা বৰাৰ ঘৰ তিতাবৰৰ সমীপৰ টিপমীয়া বৰপাচি গাঁৱত । ভাৰতীয় দলৰ হৈ কেইবাবাৰো খেলা প্ৰণামিকা বৰাই এছিয়ান পৰ্যায়ত পদক অৰ্জন কৰিছে ।
হাৰিয়ানাৰ ৰোহটকত থকা বক্সিঙৰ চেণ্টাৰ অৱ এক্সেলেন্সত ব্যস্ত থকা প্ৰণামিকা বৰা ৰাষ্ট্ৰীয় মহিলা দলৰ প্রশিক্ষক পেনেলৰ অন্যতম সদস্য । জাৰ্মানীৰ পৰাই লাভলীনা বৰগোঁহাইসহ ভাৰতীয় দলটোৱে পোনে পোনে পেৰিছত উপস্থিত হৈ অলিম্পিকত অংশ ল'ব ।