অসম

assam

ETV Bharat / sports

এলিষ্টাৰ কুকক অতিক্ৰমী সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিণত জ’ ৰুট

Joe root becomes highest run scorer: ইংলেণ্ডৰ ক্ৰিকেট ইতিহাসত বেটছমেন জ’ ৰুটৰ অভিলেখ ৷ ৰুটে অতিক্ৰম কৰিলে এই তালিকাৰ শীৰ্ষত থকা এলিষ্টাৰ কুকক ৷

By ETV Bharat Sports Team

Published : 5 hours ago

JOE ROOT
জ’ ৰুট (AP)

স্প’ৰ্টছ ডেস্ক, 9 অক্টোবৰ:বুধবাৰে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথম টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ ৰুটে স্থাপন কৰিছে এক অভিলেখ ৷ ইংলেণ্ডৰ আগশাৰীৰ ক্ৰিকেটাৰ এলিষ্টাৰ কুকক অতিক্ৰমি এই অভিলেখ স্থাপন কৰে ৰুটে ৷ ইংৰাজ বেটছমেন হিচাপে সৰ্বাধিক টেষ্ট ৰাণৰ অভিলেখ ভংগ কৰে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৷

33 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে পাকিস্তানী পেচাৰ আমিৰ জামালৰ বলত চাৰি ৰাণৰ বাউণ্ডেৰী কোবাই এই অভিলেখ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ৰুটে এই শ্বটটোৰ সৈতে সম্পূৰ্ণ কৰে 71 ৰাণ ৷ এইদৰে তেওঁ ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিগণিত হয় ৷ সমান্তৰালকৈ ৰুট হৈ পৰে টেষ্ট ক্ৰিকেটত বিশ্বৰ সপ্তমগৰাকী সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৷

সোঁহতীয়া বেটছমেনগৰাকীয়ে এই কৃতিত্ব অৰ্জনৰ লগে লগে সতীৰ্থ আৰু ইংলেণ্ডৰ সমৰ্থকসকলে উল্লাস প্ৰদৰ্শন কৰে ৷ ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীক অতিক্ৰম কৰা ৰুটে 268 টা ইনিংছ আৰু 147 খন টেষ্ট মেচত অংশগ্ৰহণ কৰিছে ৷ মেচখনত হেৰী ব্ৰুকেও অৰ্জন কৰে অৰ্ধশতক ৷

সৰ্বকালৰ তালিকাত ভাৰতৰ বেটিং কিংবদন্তি শচীন তেণ্ডুলকাৰে 200 খন মেচত 15,921 ৰাণ সংগ্ৰহ কৰি শীৰ্ষত আছে । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ৰিকী পণ্টিং (13,378) আৰু জেক কালিছ (13,289) ।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ

15,921 ৰাণ - শচীন তেণ্ডুলকাৰ

13,378 - ৰিকী পণ্টিং

13,289 - জেক কালিছ

13,288 - ৰাহুল দ্ৰাবিড়

12,473* - জ’ ৰুট

12,472 - এলিষ্টাৰ কুক

12,400 - কুমাৰ ছাংগাকাৰা

ইয়াৰোপৰি এই মেচৰ সময়ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ৰ ইতিহাসত 5000 ৰাণ সংগ্ৰহ কৰা প্ৰথমজন বেটছমেনত পৰিগণিত হয় ৰুট । সোঁহতীয়া বেটছমেনগৰাকীক এই মাইলৰ খুঁটি অৰ্জন কৰিবলৈ প্ৰয়োজন হৈছিল 27 ৰাণৰ । তাৰপিছত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশ্বেন(3904) আৰু ষ্টিভ স্মিথ(3484) ৰাণ ।

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details