স্পৰ্টছ ডেস্ক, ১৪ ফেব্ৰুৱাৰী :স্পেইনৰ গ্ৰেনাডাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্প'ৰ্ট ফেডাৰেচনৰ (আইএছএছএফ) শ্বুটিং বিশ্বকাপৰ 10 মিটাৰ এয়াৰ ৰাইফল জুনিয়ৰ মিক্সড দলৰ প্ৰতিযোগিতাত ভাৰতে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰে । ঈশা অনিল টাকচালে আৰু উমা মহেশ মাদিনেনীয়ে নিজৰ ব্যক্তিগত মহিলা আৰু পুৰুষ ইভেণ্টত সোণৰ পদক জয়ৰ পিচত মঙলবাৰে মিক্সড দলৰ ইভেণ্টৰ ফাইনেলত নিজ দেশৰে অনভি ৰাথোৰ আৰু অভিনৱ শ্ব'ক ১৬-৮ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ।
এই প্ৰতিযোগিতাত ভাৰতে বৰ্তমানলৈকে তিনিটা স্বৰ্ণসহ সাতটা পদক অৰ্জন কৰিছে । অনভি আৰু অভিনৱে ৬২৯.০ ৰ যুটীয়া স্ক'ৰেৰে সোণৰ পদকৰ মেচখনৰ বাবে যোগ্যতা অৰ্জন কৰে । ঈশা আৰু উমা মহেশ ৬২৭.৪ পইণ্টেৰে তেওঁলোকৰ পিছত স্থান লাভ কৰে ।
ইয়াৰ পূৰ্বে মঙলবাৰে দৃষ্টি চাংৱান আৰু পাৰস খোলাই এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টৰ পদক মেচৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয় । যুটিটোৱে অৰ্হতা অৰ্জনত ষষ্ঠ স্থান লাভ কৰে । আনহাতে, জৰ্জিয়ান যুটি দুটাই প্ৰতিযোগিতাখনত সোণ আৰু ৰূপৰ পদক জয় কৰে ।