অসম

assam

পেৰিছ অলিম্পিকৰ প্ৰদৰ্শনৰ বাবে মীৰাবাঈ চানুক সন্মানিত ভাৰতীয় সেনাৰ - Paris Olympics 2024

By ANI

Published : Aug 13, 2024, 7:23 AM IST

Indian Army: ভাৰতীয় সেনাই মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুক সম্বৰ্ধনা জ্ঞাপন কৰে । পেৰিছ অলিম্পিকত সাধাৰণ ব্যৱধানৰ বাবে পদক লাভৰ পৰা বঞ্চিত হৈছিল চানু । চানুৱে টকিঅ' অলিম্পিকত লাভ কৰিছিল ৰূপৰ পদক ।

Paris Olympics 2024
ভাৰোত্তোলক মীৰাবাঈ চানুক ভাৰতীয় সেনাৰ সম্বৰ্ধনা (ANI)

স্প’ৰ্টছ ডেস্ক, ১৩ আগষ্ট:টকিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুৱে পেৰিছ অলিম্পিকত পদকৰ সপোন অৰ্জন কৰিব নোৱাৰিলে । কিন্তু তেওঁৰ প্ৰদৰ্শন আছিল প্ৰশংসনীয় ।

ভাৰোত্তোলনৰ ৪৯ কিল’গ্ৰাম শাখাত মীৰাবাঈ চানুৱে চতুৰ্থ স্থান দখল কৰে । পদক লাভ কৰিব নোৱাৰিলেও তেওঁৰ প্ৰদৰ্শনত আপ্লুত হৈছে দেশবাসী । পেৰিছৰ পৰা আহি বাসগৃহত উপস্থিত হোৱাৰ পিচতে বিভিন্নজনে তেওঁক সাক্ষাৎ কৰাৰ লগতে অভিনন্দনো জ্ঞাপন কৰিছে ।

মীৰাবাঈ চানুক সন্মান ভাৰতীয় সেনাৰ

ভাৰতীয় সেনায়ো সোমবাৰে মণিপুৰত চানুৰ বাসগৃহত উপস্থিত হৈ সন্মান জনায় । খেলুৱৈগৰাকীৰ নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু বিশ্বৰ মঞ্চত ৰাষ্ট্ৰৰ গৌৰৱত তেওঁৰ অৱদানৰ প্ৰতি সন্মান আৰু প্ৰশংসাৰ চিহ্ন হিচাপে ভাৰতীয় সেনাই এই সন্মান জনায় ।

ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকলে খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হৈ এক বিশেষ স্মাৰক প্ৰদান কৰে আৰু তেওঁৰ উল্লেখনীয় সাফল্য আৰু সমগ্ৰ দেশৰ লাখ লাখ লোকক প্ৰদান কৰা অনুপ্ৰেৰণা স্বীকাৰ কৰে ।

ভাৰতীয় সেনাই এক বিবৃতিত কয় যে, অলিম্পিকত মীৰাবাঈ চানুৰ অংশগ্ৰহণ কেৱল চানু আৰু তেওঁৰ পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ মণিপুৰৰ বাবেও গৌৰৱৰ মুহূৰ্ত । পেৰিছ অলিম্পিকত মীৰাবাঈ চানুৰ প্ৰদৰ্শনে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে । তেওঁৰ অধ্যৱসায় আৰু উৎকৰ্ষতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিয়ে দেশৰ জনসাধাৰণৰ বাবে উদাহৰণ হিচাপে কাম কৰে বুলিও সেনাই উল্লেখ কৰে ।

চতুৰ্থ স্থানতে থমকি ৰ'ল মণিপুৰৰ জীয়ৰী :

ভাৰতীয় সেনাই বিজ্ঞপ্তিটোত কয়, "ভাৰতীয় সেনাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰা ক্ৰীড়া আৰু খেলুৱৈসকলক নিৰন্তৰ সমৰ্থন আৰু উৎসাহিত কৰি আহিছে । মীৰাবাঈ চানুৰ এই স্বীকৃতি সমগ্ৰ দেশতে ক্ৰীড়া প্ৰতিভা উদযাপনৰ বাবে সেনাৰ এই প্ৰতিশ্ৰুতিৰ অংশ ।"

উল্লেখ্য যে, পেৰিছ অলিম্পিকত মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৪৯ কিল’গ্ৰাম ইভেণ্টত চতুৰ্থ স্থান লাভ কৰাৰ পিচত চানুৱে পদক লাভৰ পৰা বঞ্চিত হয় । চীনৰ হাউ ঝিহুইয়ে শেষৰফালে এক শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই সোণৰ পদক অৰ্জন কৰে । তেওঁ ২০৬ কিল’গ্ৰামৰ প্ৰচেষ্টাৰে সোণৰ পদক দখল কৰে । ৰোমানিয়াৰ মিহেলা ভেলেণ্টিনা কেম্বেই মুঠ ২০৫ কিল’গ্ৰামৰ সৈতে ৰূপৰ পদক লাভ কৰে । থাইলেণ্ডৰ সুৰোদচানা খাম্বায়েও মুঠ ২০০ কিল’গ্ৰামৰ সৈতে ব্ৰঞ্জ দখল কৰে ।

লগতে পঢ়ক :পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ : চতুৰ্থ স্থানতে ক্ষান্ত ভাৰোত্তোলক মীৰাবাঈ চানু - PARIS OLYMPICS 2024

ABOUT THE AUTHOR

...view details