স্প’ৰ্টছ ডেস্ক: হংকং ছিক্স টুৰ্ণামেণ্টত ৰবীন উথাপ্পা নেতৃত্বাধীন ভাৰতীয় দলৰ পৰাজয় ৷ 6 জনীয়া ভাৰতীয় দলটোৱে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে শুকুৰবাৰে শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ৷ এই পৰাজয়ে ভাৰতীয় অনুৰাগীসকলৰ দেৱালী উদযাপনৰ আনন্দ ম্লান কৰি পেলায় ৷
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়
প্ৰতিযোগিতাখনত এয়া ভাৰতৰ প্ৰথমখন খেল আছিল ৷ প্ৰথমখন খেলতে পৰাজয়ৰ সন্মুখীন হয় ভাৰত ৷ এই পৰাজয়ৰ বাবে মূলতঃ দায়ী আছিল ভাৰতীয় বলাৰসকল, যিয়ে পাকিস্তানৰ বেটছমেনসকলৰ ওপৰত চাপ সৃষ্টি কৰাত ব্যৰ্থ হৈছিল ।
ভাৰতে পাকিস্তানক 120 ৰাণৰ লক্ষ্য প্ৰদান কৰিছিল ৷ প্ৰত্যুত্তৰত অ’পেনাৰ আচিফ আলী আৰু মহম্মদ আখলাকৰ অৰ্ধশতকৰ সহায়ত পাকিস্তানে 5 অভাৰতে নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় ৷
ভাৰতীয় বলাৰৰ দুৰ্বল প্ৰদৰ্শন
উক্ত খেলখনত পাকিস্তানে এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰে 120 ৰাণ ৷ এই কথাৰ পৰাই স্পষ্ট প্ৰমাণিত হয় যে, ভাৰতীয় বলাৰসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল ৷ লক্ষণীয়ভাৱে চলিত টুৰ্ণামেণ্টত এয়া পাকিস্তানৰ দ্বিতীয়টো জয় আছিল ৷ দলটোৱে উদ্বোধনী খেলখনত সংযুক্ত আৰৱ আমিৰশ্বাহীক পৰাস্ত কৰিছিল ।