অসম

assam

জাতীয় দলৰ জাৰ্ছী পিন্ধাৰ সপোন পূৰাবলৈ ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জিম্বাব’ৱেলৈ উৰা মাৰিলে ৰিয়ান পৰাগে - ZIMBABWE TOUR OF INDIAN TEAM

By ETV Bharat Sports Team

Published : Jul 2, 2024, 1:49 PM IST

Updated : Jul 2, 2024, 2:13 PM IST

Ind vs Zim : পৰৱৰ্তী শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে অধিনায়ক শুভমন গিলৰ নেতৃত্বত জিম্বাব’ৱেলৈ ৰাওনা হৈছে ভাৰতীয় ক্ৰিকেট দল ৷ মেন-ইন ব্লুৰ জাৰ্ছী পিন্ধাৰ সপোনৰ দিশে এখোজ আগুৱাই হাৰাৰে অভিমুখী বিমানত বহিল অসম সন্তান ৰিয়ান পৰাগ ৷ দলটোৰ সৈতে একেলগে আছে প্ৰশিক্ষক ভি ভি এছ লক্ষ্মণ ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

ZIMBABWE TOUR OF INDIN TEAM
জিম্বাব’ৱেলৈ ৰাওনা ভাৰতীয় ক্ৰিকেট দল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 2 জুলাই :টি 20 বিশ্বকাপত ভাৰতে খিতাপ দখল কৰাৰ পিছত দৰ্শক তথা অনুৰাগীৰ দৃষ্টি আৱদ্ধ হৈছে যুৱ ক্ৰিকেটাৰৰে গঠিত জিম্বাব’ৱে অভিমুখে যাত্ৰা কৰা ভাৰতীয় দলটোৰ ওপৰত ৷ নতুন আৰু যুৱ খেলুৱৈৰে গঠিত দলটোৱে 6 জুলাইৰ পৰা জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি 20 মেচৰ শৃংখলাত ভাগ ল’ব ৷

এই শৃংখলাটো প্ৰতিগৰাকী ভাৰতীয়ৰ লগতে সমানে গুৰুত্বপূৰ্ণ প্ৰতিগৰাকী অসমীয়াৰ বাবে ৷ কিয়নো এইখন বিমানতে উঠি জিম্বাব’ৱে অভিমুখে যাত্ৰা কৰিছে অসম সন্তান তথা ৰঞ্জি দলৰ অধিনায়ক ৰিয়ান পৰাগ ৷ ৰিয়ানে এই শৃংখলাৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰিব ৷ যি ক্ষণৰ বাবে আশাৰে বাট চাইছে প্ৰতিগৰাকী অসমীয়াই ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা ভি ভি এছ লক্ষ্মণ এই দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছে ৷ পাঁচখনকৈ টি-20 মেচৰ এই শৃংখলাটো 6-14 জুলাইলৈ হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব ৷ বিচিচিআয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে প্ৰশিক্ষক আৰু খেলুৱৈসকলৰ কেইবাখনো ফটো ইতিমধ্যে শ্বেয়াৰ কৰিছে ৷

লগতে পঢ়ক:তীব্ৰ উৎকণ্ঠাৰ অৱসান; চাৰ্টাৰ্ড বিমানেৰে উভতিব ভাৰতীয় দল - Indian team stuck in Barbados

জিম্বাব’ৱে চতুৰ্থবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে টি-20 শৃংখলাত মুখামুখি হ’ব ৷ ইয়াৰ পূৰ্বে দলটোৱে ভাৰতৰ বিৰুদ্ধে 2010, 2015 আৰু 2016 চনত টি 20 শৃংখলাত অংশগ্ৰহণ কৰিছিল ৷ ভাৰতীয় দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে উদীয়মান ক্ৰিকেটাৰ শুভমন গিলক ৷

ইয়াৰোপৰি ভাৰতীয় দলটোত অন্তৰ্ভূক্ত কৰা হৈছে আই পি এলত হায়দৰাবাদৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰা অভিষেক শৰ্মাক ৷ তদুপৰি চেন্নাই চুপাৰ কিংছৰ দ্ৰুতবলাৰ তুষাৰ দেশপাণ্ডেকো এই দলত স্থান দিয়া হৈছে ৷

প্ৰথমবাৰৰ বাবে শুভমন গিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলৰ নেতৃত্ব প্ৰদান কৰা হৈছে ৷ গিলে পূৰ্বতে চলিত বৰ্ষৰ আই পি এলৰ পইণ্ট তালিকাৰ নৱম স্থানত থকা দল গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰোপৰি, উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলো ভাৰতীয় দলটোথ আছে, যিয়ে এইবছৰ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল ।

জিম্বাব’ৱেৰ বিৰুদ্ধে ঘোষণা কৰা ভাৰতীয় দলটো

শুভমন গিল(অধিনায়ক), যশস্বী জয়ছোৱাল, ৰুতুৰাজ গায়কোৱাড়, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু ছেমচন(উইকেটৰক্ষক), ধ্ৰুৱ জুৰেল(উইকেটৰক্ষক), নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈই, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে ৷

লগতে পঢ়ক:কিয়াৰা-সিদ্ধাৰ্থক পেলালে ছেৰ : ইনষ্টাগ্ৰামত বিৰাট কোহলীৰ ফটোত লাইকৰ বৰষুণ - VIRAT KOHLI POST TOPS INSTA LIKES

Last Updated : Jul 2, 2024, 2:13 PM IST

ABOUT THE AUTHOR

...view details