এডিলেইড (অষ্ট্ৰেলিয়া) : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ এডিলেইডৰ অ'ভেল খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত টীম ইণ্ডিয়াৰ প্ৰথম ইনিংছ ১৮০ ৰাণতে স্তব্ধ হয় । যুৱ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে দলটোৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । আনহাতে, দিনটোৰ শেষত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৩৩ অ'ভাৰত এক উইকেটৰ বিনিময়ত ৮৬ ৰাণ সংগ্ৰহ কৰে ।
১৮০ ৰাণত স্তব্ধ প্ৰথম ইনিংছ
এডিলেইডত ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৮০ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ কেৱল যুৱ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়েহে কিছু দৃঢ়তা প্ৰদৰ্শন কৰে । নীতিশ কুমাৰ ৰেড্ডীয়ে ৫৪ টা বলত ৪২ ৰাণৰ এক মাৰমুখী ইনিংছ উপহাৰ দিয়ে । তেওঁৰ ইনিংছটো ৩ টা চাৰি আৰু ৩ টা ছয়েৰে সজায় । ভাৰতৰ হৈ ইয়াৰ পিচত ঋষভ পণ্ট (৩৫ বলত ২১ ৰাণ) আৰু ৰবিচন্দ্ৰন অশ্বিনে (২২ বলত ২২ ৰাণ) বহুমূলীয়া বৰঙণি আগবঢ়ায় ।
গুলপীয়া বলৰ দিবা-নৈশ টেষ্টখনত এডিলেইড অ'ভেলত ৰোহিত শৰ্মাই টছত জয়ী হয় আৰু ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ৰোহিত শৰ্মা, শুভমন গিল আৰু ৰবিচন্দ্ৰন অশ্বিনে প্ৰথম টেষ্ট একাদশত স্থান লাভ কৰা ধ্ৰুৱ জুৰেল, দেৱদত্ত পাডিক্কাল আৰু ৱাশ্বিংটন সুন্দৰৰ স্থান লয় । কিন্তু ৰোহিত শৰ্মা বেটিঙত ব্যৰ্থ হয় ।
ৰোহিত-বিৰাট ব্যৰ্থ
অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়ো বিফল হয় । ইয়াৰ পূৰ্বে ইনিংছৰ প্ৰথম বলটোতে অপেনাৰ যশস্বী জয়ছোৱাল শূন্য ৰাণতে আউট হোৱাত কে এল ৰাহুল আৰু শুভমন গিলে যথেষ্ট দৃঢ়তা প্ৰদান কৰি ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা চলায় । অৱশ্যে আৰম্ভণিতে ৰাহুলেও এবাৰ জীৱনদান লাভ কৰে । কে এল ৰাহুলে ৬৪ বলত ৩৭ ৰাণ আৰু শুভমন গিলে ৫১ বলত ৩১ ৰাণৰ বৰঙণি আগবঢ়ায় । এডিলেইডত ভাৰতীয় দলৰ বিৰাট কোহলীৰ পৰাও অধিক বৰঙণিৰ প্ৰত্যাশা আছিল যদিও ৰান মেচিন কোহলি মাত্ৰ ৭ ৰাণৰ ব্যক্তিগত স্ক'ৰ পেভিলিয়নলৈ উভতি যায় । তেওঁ ষ্টাৰ্কৰ বলত শ্লিপত ষ্টিভ স্মিথৰ হাতত বন্দী হয় । আনহাতে, ২৩ টা বল খেলা ৰোহিতে ক্ৰীজত টিকি থকাৰ মানসিকতা প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় আৰু ৩ ৰাণৰ ব্যক্তিগত স্ক'ৰত আউট হয় ।
ভাৰতৰ সন্মুখত প্ৰতিশোধৰ সুযোগ
উল্লেখ্য যে এই দিবা-নৈশ টেষ্টখনত টীম ইণ্ডিয়াৰ উদ্দেশ্য হ'ব প্ৰতিশোধ লোৱা । কিয়নো ২০২০-২১ শৃংখলাত ভাৰতীয় দলটো মাত্ৰ ৩৬ ৰাণত আউট হৈছিল । সেয়ে ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন মেচত ৰোহিত বাহিনীৰ হাতত প্ৰতিশোধ লোৱাৰ সুন্দৰ সুযোগ আছে । আনহাতে, প্ৰথম ইনিংছত বেটিং ব্যৰ্থৰ পিচত এতিয়া টীম ইণ্ডিয়াৰ একমাত্ৰ ভৰসা হৈছে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ । কিয়নো প্ৰথম ইনিংছত অগ্ৰগতি ৰোধত এই দুগৰাকী পেচাৰৰ ভূমিকাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব ।