স্প’ৰ্টছ ডেস্ক:দুবাৰকৈ টি-20 বিশ্বকাপ জয় কৰা ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডেৰেন ছেমিক সকলো ফৰ্মেটতে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
ক্ৰিকেট ৱেষ্ট ইণ্ডিজে (চি ডব্লিউ আই) ছেইণ্ট ভিনচেণ্টত ত্ৰিমাসিক সংবাদমেল সম্বোধন কৰি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে 2025 চনৰ 1 এপ্ৰিলৰ পৰা টেষ্ট দলৰ লগতে সীমিত অভাৰৰ দলসমূহৰ প্ৰশিক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰিব ৷
ডেৰেন ছেমিক ৱেষ্ট ইণ্ডিজৰ প্ৰশিক্ষকৰূপে নিযুক্তি
ছেমিয়ে আন্দ্ৰে কলীৰ স্থানত টেষ্ট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৷ 40 বছৰীয়া ছেমিয়ে 2023 চনত এই ভূমিকা গ্ৰহণ কৰাৰ পিছত বগা বলৰ দল গঠনৰ প্ৰচেষ্টাৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছে । তেওঁৰ প্ৰশিক্ষণে সীমিত অভাৰৰ ক্ৰিকেটত আশাব্যঞ্জক ফলাফলৰ সৈতে দলটোলৈ নতুন শক্তি আনিছিল ।
ক্ৰিকেট ৱেষ্ট ইণ্ডিজে (চি ডব্লিউ আই) নিজৰ 'এক্স' হেণ্ডেলত এনেদৰে টুইট কৰিছে, "ডেৰেন ছেমি 1 এপ্ৰিল 2025 ৰ পৰা সকলো জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক হ'ব । অলপ আগতে ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ সঞ্চালক মাইলছ বাচকম্বে ছেইণ্ট ভিনচেণ্টত তিনিমহীয়া সংবাদমেলখনত এই কথা ঘোষণা কৰে"।