অসম

assam

ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত নিউজীলেণ্ড-ভাৰত, প্ৰতিযোগিতাৰ পৰা বাহিৰ পাকিস্তান-বাংলাদেশ - CHAMPIONS TROPHY 2025

বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰি গ্ৰুপ ‘এ’ত পৰা ভাৰতৰ সৈতে ছেমি ফাইনেলৰ স্থান নিশ্চিত কৰে নিউজীলেণ্ডে ।

CHAMPIONS TROPHY 2025
নিউজীলেণ্ড ক্ৰিকেট দল (AP PHOTO)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 7:06 AM IST

ৰাৱালপিণ্ডি:ৰাচিন ৰবীন্দ্ৰৰ শতকেৰে নিউজীলেণ্ডক চেম্পিয়নছ ট্ৰফী ২০২৫ত একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে । সোমবাৰে ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰে নিউজীলেণ্ডে । নিউজীলেণ্ডে ৪৬.১ অভাৰত ৫ উইকেট বাংলাদেশে নিৰ্ধাৰণ কৰি দিয়া ২৩৭ ৰাণৰ লক্ষ্যত উপনীত হয় আৰু ছেমি ফাইনেলত স্থান নিশ্চিত কৰে ৷

ছেমি ফাইনেলত নিউজীলেণ্ড-ভাৰত

এই জয়ৰ জৰিয়তে আয়োজক পাকিস্তান আৰু বাংলাদেশ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে নিউজীলেণ্ড আৰু ভাৰতে ছেমি ফাইনেলত স্থান দখল কৰিছে । ২ মাৰ্চ দেওবাৰে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন এতিয়া আনুষ্ঠানিকতাত পৰিণত হৈছে আৰু কোনটো দলে গ্ৰুপত শীৰ্ষস্থান দখল কৰিব সেইটো নিৰ্ণয় কৰিব ।

প্ৰতিযোগিতাৰ পৰা বাহিৰ পাকিস্তান-বাংলাদেশ

পাকিস্তান আৰু বাংলাদেশে দুখনকৈ মেচত পৰাজয়ৰ সন্মুখীন হৈছে । নিউজীলেণ্ডৰ বিৰুদ্ধে পাকিস্তান ৬০ ৰাণত পৰাস্ত হোৱাৰ বিপৰীতে ভাৰতে ৬ উইকেটত পৰাস্ত কৰে । আনহাতে বাংলাদেশে অভিযানৰ প্রথমখন খেলত ভাৰতৰ হাতত ৬ উইকেটত আৰু দ্বিতীয়খন খেলত নিউজীলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷

বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰে নিউজীলেণ্ডে

সোমবাৰৰ খেলখনৰ কথা ক’বলৈ গ’লে, ৰাৱালপিণ্ডিৰ পিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত নিউজীলেণ্ড আৰু বাংলাদেশৰ মাজত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ষষ্ঠখন খেল অনুষ্ঠিত হয় । এই মেচত নিউজীলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি বেংগল টাইগাৰছে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৩৬ ৰাণ সংগ্ৰহ কৰে । বাংলাদেশৰ অধিনায়ক নাজামুল হাছান শান্তোৱে ৭৭ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে লোয়াৰ অৰ্ডাৰ বেটছমেন জাকিৰ আলীয়ে ৪৫, ৰছিদ হুছেইনে ২৬ আৰু অ’পেনাৰ তাঞ্জিদ হাছানে ২৪ ৰাণ সংগ্ৰহ কৰে ।

নিউজীলেণ্ডৰ হৈ মাইকেল ব্ৰেচৱেলে ১০ অভাৰত ২৬ ৰাণত ৪ উইকেট দখল কৰে । উইল অ’ৰ’ৰ্কে ২টা উইকেট দখল কৰাৰ বিপৰীতে মেট হেনৰী আৰু কাইল জেমিছনে এটাকৈ উইকেট দখল কৰে । ইফালে কিৱি দলটোৰ আৰম্ভণি আশাপ্ৰদক নাছিল আৰু কেন উইলিয়ামছনে ৫ ৰাণত পেভিলিয়নলৈ উভতি আহে ৷ ইফালে পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰা উইল ইয়ঙে কোনো ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল । এনে পৰিস্থিতিত ৰাচিন ৰবিন্দ্ৰই প্ৰথমে ডেভন কনৱেৰ সৈতে ৫৭ ৰাণৰ অংশীদাৰিত্ব আৰু তাৰ পিছত টম লেথামৰ সৈতে ১২৯ ৰাণৰ অংশীদাৰিত্ব কৰি বাংলাদেশৰ পৰা খেলখন কাঢ়ি লৈ ​​যায় ।

ডেভন কনৱে ৩০ ৰাণত আউট হোৱাৰ বিপৰীতে ৰাচিন ৰবিন্দ্ৰই ১১২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে ৷ তেওঁ কেৱল লাথামৰ সৈতে শতকীয় অংশীদাৰিত্ব সম্পূৰ্ণ কৰাই নহয়, শতকো সম্পূৰ্ণ কৰিছিল । অন্তিম মুহূৰ্তত লাথামে ৫৫ ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হৈছিল যদিও এই উইকেট হেৰুৱাই নিউজীলেণ্ডত কোনো প্ৰভাৱ পেলাব পৰা নাছিল কাৰণ ৪৭ নং অভাৰত কিৱি দলে ৫ উইকেটৰ লক্ষ্যত উপনীত হৈছিল । বাংলাদেশৰ হৈ তাস্কিন আহমেদ, নাহিদ ৰাণা, মুস্তাফিজুৰ ৰহমান আৰু ৰছিদ হুছেইনে এটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক:পাকিস্তানক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ভাৰত

পাকিস্তানে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব... কেনেকৈ ?

ABOUT THE AUTHOR

...view details