অসম

assam

ETV Bharat / politics

ভূপেন বৰাৰ পূৰ্বে বিজেপি নেতায়ো বালিসত্ৰৰ সৎসংগী সত্ৰত কৰিছিল ৰাজনৈতিক মন্তব্য : যুৱ কংগ্ৰেছ - Bhupen Borah controversy

Assam youth congress on Bhupen Borah controversy : বালিসত্ৰ সৎসংগী সত্ৰত ভূপেন বৰাৰ পূৰ্বেও বহু বিজেপি নেতাই ৰাজনৈতিক মন্তব্য কৰিছিল ৷ কিন্তু শুদ্ধি কৰা হোৱা নাছিল সত্ৰখন ৷ যুৱ কংগ্ৰেছে এই মন্তব্য কৰি ফটোসহ প্ৰমাণ দাঙি ধৰে ৷

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:12 PM IST

BHUPEN BORAH CONTROVERSY
ভূপেন বৰা বিতৰ্কৰ সন্দৰ্ভত যুৱ কংগ্ৰেছৰ সংবাদমেল (ETV Bharat Assam)

ৰঙিয়া, 30 জুন :বালিসত্ৰ সৎসংগী সত্ৰত ভূপেন বৰাই সৃষ্টি কৰা বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই ৷ বিতৰ্কটোৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে যুৱ কংগ্ৰেছে ৷ এই সম্পৰ্কে যুৱ কংগ্ৰেছৰ দুগৰাকী সদস্য ভাস্কৰ কলিতা আৰু আছিফুৰ ৰহমানে ৰঙিয়াৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ সৈতে মিলিত হয় ।

ভূপেন বৰা বিতৰ্কৰ সন্দৰ্ভত যুৱ কংগ্ৰেছৰ সংবাদমেল (ETV Bharat Assam)

যুৱ কংগ্ৰেছৰ ভাস্কৰ কলিতাই সংবাদ মাধ্যমৰ আগত বালিসত্ৰৰ সৎসংগী সত্ৰত ভূপেন বৰাই ৰাজনৈতিক মন্তব্য দিয়াৰ বিষয়টোৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ তদপুৰি সত্ৰখন শুদ্ধিকৰণ অনুষ্ঠানটোৰ গুৰি ধৰা ব্যক্তিসকলৰ ভিতৰত বিশেষকৈ বালিসত্ৰ বুথৰ গজেন ডেকা, উত্তৰ কামৰূপ জিলা বিজেপিৰ উপ-সভাপতি পিনকেশ্বৰ কলিতা আৰু উত্তৰ কামৰূপ জিলা বিজেপিৰ সম্পাদক হেমন্ত দাস আছিল বুলি মন্তব্য কৰে ।

তেওঁ কয় যে বালিসত্ৰৰ সৎসংগী সত্ৰত ভূপেন বৰা উপস্থিত হোৱাৰ পূৰ্বে কেবাবাৰো ৰাজনৈতিক নেতা উপস্থিত হোৱাৰ উদাহৰণ আছে ৷ তেওঁ ফটো সহকাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ২০২০ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে সত্ৰখনৰ একেটা গৃহতে উত্তৰ কামৰূপ জিলা বিজেপিৰ কাৰ্যকৰ্তা সভাখন অনুষ্ঠিত হৈছিল ৷ যিখন সভাত বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ তদানীন্তন সভাপতি নন্দন তালুকদাৰ, উপ-সভাপতি ভৱেশ ডেকা, উপ-সভাপতি হেমন্ত বৰা, সম্পাদক নিপন ভূঞা সমন্বিতে কেবাগৰাকীও স্থানীয় বিজেপিৰ নেতা আৰু সদস্য উপস্থিত আছিল ।

ইয়াৰ উপৰিও ২০২২ চনৰ ২৯ জানুৱাৰীত সত্ৰৰ চৌহদত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নেতৃত্বত অনুষ্ঠিত নিধী সভাত বহু বিজেপি কৰ্মী উপস্থিত আছিল বুলি উল্লেখ কৰে যুৱ কংগ্ৰেছে ৷ ইয়াৰ উপৰিও এ বি ভি পিৰ সদস্যসকলেও তাত যোগ দিৱস পালন কৰাৰ লগতে কেম্প আয়োজন কৰা, শাখা সমিতি গঠন কৰা কথা জনায় যুৱ কংগ্ৰেছৰ বিষয়ববীয়াই ।

যুৱ কংগ্ৰেছৰ নেতা ভাস্কৰ কলিতাই প্ৰশ্ন কৰে যে সেই সময়ত বিজেপি দলৰ এই অনুষ্ঠানসমূহ অনুষ্ঠিত হোৱাৰ সময়ত ভূপেন বৰাই মন্তব্য দিয়াৰ বাবে শুদ্ধিকৰণ কৰা লোকসকল কিয় নিমাত হৈ আছিল ? তেওঁ বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সম্পাদক হেমন্ত দাসে সত্ৰত ৰাজনৈতিক মন্তব্য প্ৰদান কৰিবলৈ সকলোকে বিৰত থাকিবলৈ কৰা এক মন্তব্যৰ আঁতধৰি কয় যে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই বালিসত্ৰৰ আৰিয়া মহোৎসৱৰ ৰাজহুৱা নাগাৰা নাম প্ৰসংগ উদ্বোধন কৰি ভাষণ প্ৰসংগত সকলোকে বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল ৷ তেতিয়া হেমন্ত দাসে কিয় প্ৰতিবাদ কৰা নাছিল বুলি প্ৰশ্ন কৰে যুৱ কংগ্ৰেছে ৷

যুৱ কংগ্ৰেছৰ নেতা দুগৰাকীয়ে বিজেপি দলৰ সদস্যসকলৰ প্ৰতি অনুৰোধ জনায় যে এই বিষয়টোৰ আলম লৈ তেওঁলোকে সমাজত বিভ্ৰন্তিৰ সৃষ্টি কৰাটো উচিত নহয় । লগতে মন্দিৰ বা সত্ৰক লৈ যি ৰাজনীতি কৰি আছে তাৰ পৰা আঁতৰি আহক । বালিসত্ৰ তথা ৰঙিয়াবাসী সংস্কৃতিৱান তথা ভক্তপ্ৰাণ ৰাইজৰ বাবে সমস্ত ঘটনাটো দুখজনক বুলি মন্তব্য কৰি এনেধৰণৰ ৰাজনীতিৰ পৰা বিজেপি দলক বিৰত থাকিবলৈ যুৱ কংগ্ৰেছৰ সদস্য দুগৰাকীয়ে আহ্বান জনায় ।

লগতে পঢ়ক:লোসসভা নিৰ্বাচনত 400 পাৰ নোহোৱাত কামাখ্যাত সাধু-সন্তৰ ওপৰত প্ৰতিশোধ লৈছে বিজেপিয়ে: ভূপেন বৰা

ABOUT THE AUTHOR

...view details