অসম

assam

ETV Bharat / politics

ভোটাধিকাৰ সাব্যস্ত কৰিয়ে ইহসংসাৰৰ পৰা মেলানি মাগিলে চন্দ্ৰভানুৱে - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

গোৱালপাৰাত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা ভোটাৰৰ কৰুণ মৃত্যু । মৃত মহিলাগৰাকীৰ নাম চন্দ্ৰভানু নেচা । ২০৮ নং জলডোবা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্রত সংঘটিত হৈছে এই ঘটনা ।

Woman dies after exercising her franchise in Goalpara
ভোটাধিকাৰ সাব্যস্ত কৰিয়ে ইহসংসাৰৰ পৰা মেলানি মাগিলে চন্দ্ৰভানুৱে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:58 PM IST

ভোটাধিকাৰ সাব্যস্ত কৰিয়ে ইহসংসাৰৰ পৰা মেলানি মাগিলে চন্দ্ৰভানুৱে (ETV Bharat Assam)

গোৱালপাৰা,৭ মে':ৰাজ্যত অন্ত পৰিল লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ । মঙলবাৰে ৫ বজাৰ লগে লগে অন্ত পৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । বিশেষভাৱে সক্ষম ভোটাৰৰ পৰা অশীতিপৰ ভোটাৰেও সাব্যস্ত কৰে ভোটাধিকাৰ । পিছে ইয়াৰ মাজতে এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা অহা খবৰে চকু সেমেকাই তুলিছে সকলোৰে । ভোটাধিকাৰ সাব্যস্ত কৰিয়েই ইহ সংসাৰৰ পৰা মেলানি মাগিলে এগৰাকী ভোটাৰে ।

গোৱালপাৰা জিলাত সংঘটিত হৈছে এই ঘটনা । দেশৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই । গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ২০৮ নং জলডোবা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্রত সংঘটিত হৈছে এই কৰুণ ঘটনা । মৃত মহিলা গৰাকী দামৰিভাষা গাঁৱৰ শ্বাহাদত আলীৰ পত্নী চন্দ্রভানু নেচা বুলি জানিব পৰা গৈছে । স্থানীয় লোকে জনোৱা অনুসৰি মহিলাগৰাকীৰ বয়স ৬৫ বছৰ ।

জানিব পৰা মতে, দুপৰীয়াৰ ভাগত মহিলাগৰাকীয়ে প্ৰতিকূল বতৰকো নেওচি নিজ স্বামীৰ সৈতে ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছিল । নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে ভোটকেন্দ্ৰৰ ভিতৰত অচেতন হৈ ঢলি পৰে চন্দ্ৰভানু । লগে লগে ভোটগ্ৰহণ কেন্দ্ৰত থকা স্বাস্থ্যকৰ্মীয়ে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অচেতন অৱস্থাতে নিজ স্বামীয়ে ঘৰলৈ লৈ যায় ।

পিছে ঘৰ পোৱাৰ আগতেই মহিলাগৰাকীৰ দেহাৱসান হয় । মৃত্যুৰ খবৰ পোৱাৰ মাত্ৰকে পৰিয়ালটোৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । পিছত এক শোকাকুল পৰিৱেশ মাজত মহিলাগৰাকীৰ জানাজাৰ নামাজ সম্পূর্ণ হয় । উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:এফালে মাতৃক হেৰুওৱাৰ বেদনা, আনফালে দেশ মাতৃৰ প্ৰতি দায়ৱদ্ধতা - LOK SABHA ELECTION 2024

গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ 'নিৰ্বাচন': আইতা আহিল ভোট দিবলৈ - LOK SABHA ELECTION 2024

নাই এখন দলং, বাঁহৰ সাঁকো পাৰ হৈ ভোট দিবলৈ ওলাই আহিল সাংসদ দিলীপ শইকীয়াৰ গৃহ গাঁৱৰ ৰাইজ - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details