গুৱাহাটী,১ জুন:৪ জুনত ঘোষণা হ'ব বহু আকাংক্ষিত লোকসভা নিৰ্বাচনৰ ফলাফল । উৎকণ্ঠাৰে সেই দিনটোলৈ বাট চাই আছে সমগ্ৰ দেশবাসীয়ে । কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ? আকৌ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'বনে ? কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ল'ব নেকি শাসনৰ বাঘজৰী ? নে আন কোনোবা এক প্ৰভাৱশালী ৰাজনৈতিক নেতাই দখল কৰিব দিল্লীৰ মচনদ ?
এই সকলোবোৰৰে হিচাপ নিকাচ তথা সম্ভাৱনাৰ অন্ত পৰিব ৪ জুনত । এই সন্দৰ্ভত গুৱাহাটীৰ ৰাইজ তথা সাধাৰণ ভোটাৰৰ মনৰ কথা জানিবলৈ তেওঁলোকৰ কাষ চপা হৈছিল । একাংশই দেশৰ ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে, আন একাংশই আকৌ দেশৰ ৰাজনৈতিক স্থিতাৱস্থা বাহাল থকাটো কামনা কৰিছে । একাংশই আকৌ ৰাইজৰ হিতে কাম কৰা এখন জনকল্যাণমুখী চৰকাৰ বিচাৰিছে ।
কাৰোবাৰ নৰেন্দ্ৰ মোদী প্ৰিয়, কাৰোবাৰ আকৌ প্ৰিয় ৰাহুল গান্ধী । ইপিনে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন চমু চাপি অহাৰ লগে লগে, বিশেষকৈ ৰাজ্যৰ কংগ্ৰেছ আৰু বিজেপি নেতৃত্ব উদ্বিগ্ন হৈ পৰিছে । বিজেপি আৰু কংগ্ৰেছে ২০১৯ চনৰ লোকসভা নির্বাচনত জয়লাভ কৰা সমষ্টিত যদি ২০২৪ চনৰ নির্বাচনত জয়লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে দুয়োটা দলৰ নেতৃত্ব শ'লঠেকত পৰাৰ ইংগিত পোৱা গৈছে ।
উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অসমত কংগ্রেছে তিনিটা লোকসভা সমষ্টিত জয় নিশ্চিত কৰিছিল । এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত দলটোৱে তিনিখনৰ অধিক আসন দখল কৰিবলৈ চেষ্টা কৰিছে । কংগ্ৰেছে ধুবুৰী, নগাঁও, যোৰহাট, কৰিমগঞ্জ আৰু গুৱাহাটী লোকসভা সমষ্টি দখল কৰিব পাৰিব বুলি সাংগঠনিক তথ্যত ধাৰণা কৰা হৈছে ।