গুৱাহাটী, ১৯ মে' :লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্য়ত ৰাজনৈতিক দলসমূহৰ মাজত চলিছে আসনৰ হিচাপ-নিকাচ । অৱশ্যে সকলো হিচাপ-নিকাচৰ প্ৰকৃত ছবিখন অহা ৪ জুনত স্পষ্ট হ'ব । এইবাৰৰ লোকসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে মহিলা আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি বিভিন্ন আঁচনিৰ চমক দিছিল । লক্ষণীয় বিষয় যে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত পুৰুষৰ তুলনাত মহিলাৰ ভোটদানৰ হাৰ বেছি আছিল । তেনেস্থলত মহিলা ভোটাৰৰ প্ৰসংগটো বিশেষভাৱে চৰ্চা হৈছে ।
এইবাৰৰ নিৰ্বাচনত বিজেপিৰ প্ৰধান লক্ষ্য আছিল ৰাজ্যৰ মহিলা ভোটাৰসকল । উল্লেখ্য যে ৰাজ্যত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা কম যদিও ভোটদানৰ ক্ষেত্ৰত মহিলাসকল পুৰুষতকৈ আগত আছে । এইবাৰ ৰাজ্যখনত পুৰুষৰ ভোটদানৰ হাৰ আছিল ৮১.৪১ শতাংশ । ইয়াৰ বিপৰীতে মহিলাৰ ভোটদানৰ হাৰ হৈছে ৮১.৭১ শতাংশ । সেইবাবে মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধিয়েই অধিক আত্মবিশ্বাসী কৰিছে বিজেপিক ।
উল্লেখ্য যে মহিলা ভোটাৰক লক্ষ্য কৰিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিছিল । নগদ ধন প্ৰদান কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্রায় ২৭ লাখলৈ বৃদ্ধি কৰা চৰকাৰখনে ১৫ লাখ মহিলাক মাইক্র' ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবত ভোটৰ পূৰ্বে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছিল । আনকি মহিলা ভোটাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে লাখপতি বাইদেউৰ দৰে আঁচনি প্ৰৱৰ্তন কৰি চমক দিছিল । এই আঁচনিৰ অধীনত প্রায় ৪৫ লাখ মহিলাক সামৰি লোৱা হ'ব বুলিও ঘোষণা কৰা হৈছিল । মুঠতে বিজেপি চৰকাৰে বিশেষভাৱে মহিলাসকলক টাৰ্গেট কৰি লৈছিল ।
কোন সমষ্টিত বেছি বৃদ্ধি হৈছে
ইফালে, ১৪ টা সমষ্টিত সামগ্ৰিকভাৱে পুৰুষৰ তুলনাত মহিলাৰ ভোটদানৰ হাৰ বেছি হোৱাৰ উপৰি বিভিন্ন সমষ্টিত যথেষ্ট বেছি । প্রথম পৰ্যায়ত নির্বাচন অনুষ্ঠিত কাজিৰঙা লোকসভা সমষ্টিত পুৰুষৰ ভোটদানৰ হাৰ ৭৮.২৯ শতাংশ হোৱাৰ বিপৰীতে মহিলাৰ ভোটদানৰ হাৰ ৮০.৩৮ শতাংশ । একেদৰে শোণিতপুৰ সমষ্টিত পুৰুষৰ ভোটদানৰ হাৰ ৭৭.৪৪ শতাংশ আৰু মহিলাৰ ভোটদানৰ হাৰ হৈছে ৭৯.৪৮ শতাংশ । লখিমপুৰ লোকসভা সমষ্টিত পুৰুষৰ ৭৫.৬৫ শতাংশ আৰু মহিলাৰ ভোটদানৰ হাৰ ৭৭.১৮ শতাংশ । আনহাতে, যোৰহাটত ৭৭.৬৯ শতাংশ পুৰুষে আৰু ৭৮.৮১ শতাংশ মহিলাই, ডিফু সমষ্টিত ৭৫.৪৫ শতাংশ পুৰুষ আৰু ৭৬.০৩ শতাংশ মহিলাই, নগাঁও সমষ্টিত ৮১.১৬ শতাংশ পুৰুষ আৰু ৮১.১৮ শতাংশ মহিলাই, ধুবুৰী সমষ্টিত ৯১.৯৯ শতাংশ পুৰুষ আৰু ৯২.১৭ শতাংশ মহিলাই ভোটদান কৰিছে ।
আনহাতে, দৰং ওদালগুৰি, বৰপেটা, গুৱাহাটী, কৰিমগঞ্জ, শিলচৰ আৰু ডিব্ৰুগড় সমষ্টিত পুৰুষৰ ভোটদানৰ হাৰ সামান্য পৰিমাণে বেছি । সেই অনুসৰি দৰং ওদালগুৰি সমষ্টিত ৮২.৩৯ শতাংশ পুৰুষ আৰু ৮১.৬২ শতাংশ মহিলাই, বৰপেটাত ৮৫.৪০ শতাংশ পুৰুষ আৰু ৮৫.০৮ শতাংশ মহিলাই, গুৱাহাটীত ৮৫.৫৬ শতাংশ পুৰুষ আৰু ৮৫.৩৪ শতাংশ মহিলাই, কৰিমগঞ্জত ৮০.৫৮ শতাংশ পুৰুষ আৰু ৮০.৩৮ শতাংশ মহিলাই, শিলচৰত ৭৯.১৭ শতাংশ পুৰুষ আৰু ৭৮.৯২ শতাংশ মহিলাই, ডিব্ৰুগড়ত ৭৬.৯৬ শতাংশ পুৰুষ আৰু ৭৬.৫৫ শতাংশ মহিলাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইপিনে,কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভিতৰত ৯ টা সমষ্টিতে মহিলাৰ ভোটদানৰ হাৰ বেছি ।