মৰাণ, 15 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড়ত অধিক তৎপৰ হৈছে বিজেপি । প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে দুলীয়াজানত উপস্থিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোণোৱালৰ আগমনত দলীয় কাৰ্য-কৰ্তাসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয় । দলীয় কাৰ্য-কৰ্তাসকলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক টেঙাখাতৰ পৰা মটৰ চাইকেলেৰে শোভাযাত্ৰা আদৰি আনে ৷
দুলীয়াজানত উপস্থিত হোৱাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গায়ন-বায়ন, বিহু, ঝুমুৰ, সোণোৱাল-কছাৰীসকলৰ লেছেৰি নৃত্য-গীতেৰে বিপুল আদৰণি জনায় । পোনে পোনে দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালে ভাৰতীয় জনতা পাৰ্টীৰ দুলীয়াজান বিধানসভা সমষ্টিৰ মণ্ডল মৰ্চা, শক্তিকেন্দ্ৰ প্ৰমূখ, বুথ সভাপতি আৰু সম্পাদকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত আলোচনা কৰে ।
উক্ত সভাতে সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কংগ্ৰেছ আৰু আটছা ত্যাগ কৰি প্ৰায় অৰ্দ্ধ শতাধিকে লোকে বিজেপি দলত যোগদান কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে কয়, "ৰাইজ এতিয়া পতিয়ন গৈছে যে বিজেপি চৰকাৰ থাকিলেহে উন্নয়ন সম্ভৱ । ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ জিলাৰ বিধায়কসকলে ৰাইজৰ উন্নয়নৰ কাম সফলতাৰে আগুৱাই নিবলৈ সক্ষম হৈছে ।"