মৰাণ, 29 ফেব্ৰুৱাৰী : ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলতে সৃষ্টি হৈছে প্ৰত্যাহ্বান ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ডিব্ৰুগড় লোকসভা সমষ্টিত আৰম্ভ হৈছে প্ৰতিস্থান বিৰোধী ঢৌ ৷ চাহ জনগোষ্ঠীৰ বহুকেইটা সংগঠনে ৰামেশ্বৰ তেলীক বিজেপিয়ে পুনৰ টিকট দিলে দলটোক বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলিও ঘোষণা কৰিছে ৷
ইয়াৰ পাচতে ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে উঠা প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বিৰুদ্ধে আজি লাহোৱালত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ৷ চাহ জনগোষ্ঠীৰ সংগঠন আছা আৰু আটছাই তেলীয়ে প্ৰাৰ্থিত্ব পালে বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ভাবুকিৰ প্ৰসংগতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়- "এই বিলাক বিৰোধিতা, প্ৰতিবাদ হ'বই ৷ চৰকাৰখনত থাকি নিষ্ঠাৰে কাম কৰিছো ৷ মই চাহ জনগোষ্ঠীৰ পৰা অহা সাংসদ হ'লেও কেৱল চাহ জনগোষ্ঠীৰ বাবে কাম কৰিলে নহ'ব ৷ সকলো জাতি-জনগোষ্ঠীৰ বাবে কাম কৰি আহিছো ৷"