অসম

assam

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 8:30 PM IST

Updated : Apr 26, 2024, 9:30 AM IST

ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৭,০৯,২৭৬ গৰাকী ভোটাৰে - Lok Sabha Election 2024

অসমৰ ৫ টা সমষ্টিত শুকুৰবাৰে অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । ভাগ্য বন্দী হ’ব ৬১ গৰাকী প্ৰাৰ্থীৰ ৷ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৭৭,০৯,২৭৬ গৰাকী ৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
লোকসভা নিৰ্বাচন

গুৱাহাটী, ২৬ এপ্ৰিল : দ্বিতীয় পৰ্যায়ত শুকুৰবাৰে অসমৰ ৫ টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱাৰ পিচত সন্ধিয়া ৫ বজালৈকে অনুষ্ঠিত হ'ব এই দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টি হ’ল-

ডিফু, কৰিমগঞ্জ, দৰং-ওদালগুৰি, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টি ।

৫ টা সমষ্টিৰ কিমান ভোটাৰে কৰিব ভোটদান ?

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হ'ল ৭৭,০৯,২৭৬ গৰাকী ৷ ইয়াৰে ৩৮,৭৮,৬৬৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৩৮,৩০,৪৩৯ গৰাকী মহিলা ভোটাৰ ৷ আনহাতে ১৭০ গৰাকী আছে তৃতীয় লিংগৰ ভোটাৰ ৷

মুঠ ভোটাৰৰ সংখ্যা

দৰং-ওদালগুৰি- ২২,১৪,৫১৬ গৰাকী

ডিফু- ৯,০২,০৫০ গৰাকী

কৰিমগঞ্জ- ১৪,১৪,৫২০ গৰাকী

শিলচৰত-১৩,৭৪,৫৫৯ গৰাকী

নগাঁও- ১৮, ২১,০২৩ গৰাকী

ভোটগ্ৰহণ কেন্দ্ৰ:

মুঠ ৯১৩৩ টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ । ইয়াৰ ভিতৰত আছে ৯০ টা আদর্শ ভোটকেন্দ্ৰ ৷ বিপৰীতে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১২ টা ৷ দ্বিতীয় পৰ্যায়ৰ ৫ টা সমষ্টিৰ ভোটগ্ৰহণত মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৪৭৩ টা । মুঠ ৯১৩৩ টা ভিভিপেট, ১০৭৯৩ টা বেলট ইউনিট, ৯১৩৩ টা কণ্ট্ৰ'ল ইউনিট ব্যৱহাৰ কৰা হ'ব অসমৰ দ্বিতীয় পর্যায়ৰ নিৰ্বাচনত ৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা-

দৰং-ওদালগুৰি- ২,৬২২টা

ডিফু- ১,২১৭ টা

কৰিমগঞ্জ- ১,৬৬০ টা

শিলচৰ- ১,৫৫১ টা

নগাঁও- ২,০৮৩টা

৬১ গৰাকী প্ৰার্থীৰ ভাগ্য বন্দী হ’ব ই ভি এমত

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ৫ টা সমষ্টি ডিফু, কৰিমগঞ্জ, দৰং-ওদালগুৰি, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত মুঠ ৬১ গৰাকী প্ৰার্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে ।

দৰং-ওদালগুৰিত ১১ গৰাকী প্ৰাৰ্থী

ডিফুত পাঁচগৰাকী প্ৰাৰ্থী

কৰিমঞ্জত ২৪ গৰাকী প্ৰাৰ্থী

শিলচৰত ৮ গৰাকী প্ৰাৰ্থী আৰু

নগাঁৱত ১৩ গৰাকী প্ৰার্থী ৷

হেভীৱেটসকলৰ আজি ৰাজনৈতিক পৰীক্ষা

উল্লেখ্য যে দৰং-ওদালগুৰি সমষ্টিত বি জে পিৰ প্ৰাৰ্থী দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী, বি পি এফৰ দুৰ্গাদাস বড়ো

ডিফু সমষ্টিত অমৰছিং টিচ’, কংগ্ৰেছৰ জয়ৰাম ইংলেং; কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ হাফিছ ৰছিদ আহমেদ চৌধুৰী, বি জে পিৰ কৃপানাথ মাল্লা, এ আই ইউ ডি এফৰ ছাহাবুল ইছলাম চৌধুৰী

নগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ‌ বৰা, এআইইউডিএফৰ আমিনুল ইছলাম আৰু

শিলচৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ,বিজেপিৰ পৰিমল‌ শুক্লবৈদ্য আৰু তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আদিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচন: গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কি বিচাৰে?

Last Updated : Apr 26, 2024, 9:30 AM IST

ABOUT THE AUTHOR

...view details