কলিয়াবৰ: ১৩ নৱেম্বৰত হ'ব ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ সেয়ে এই নিৰ্বাচনী যুঁজত উঠি-পৰি লাগিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী আৰু সমৰ্থকসকল । এই উপ-নিৰ্বাচনক লৈ কলিয়াবৰত নিশা অগপ কাৰ্যালয়ত মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কে ৰচনা কৰে ৰণকৌশল ।
বুধবাৰে নিশা চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ কলিয়াবৰ অগপ কাৰ্যালয়ত মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী বিমল বড়া, বিধায়ক ৰূপক শৰ্মা, শিলাদিত্য দেৱ, প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ লগতে দলৰ নেতা-কৰ্মী আৰু সমৰ্থকসকল এক বৈঠকত মিলিত হয় ।
মন্ত্ৰী বিমল বড়া :
সভাত উপস্থিত থকা চামগুৰি সমষ্টিৰ নিৰ্বাচনী তত্বাৱধায়ক মন্ত্ৰী বিমল বড়াই কয়, ‘‘নতুনকৈ সীমা নিৰ্দ্ধাৰণ হোৱা ৫৭ নং কলিয়াবৰ সমষ্টিত সংযোগ হোৱা পুৰণি চামগুৰি সমষ্টিৰ অন্তৰ্গত বহুকেইটা অঞ্চলৰ বিজেপি-অগপ দলৰ কৰ্মকৰ্তাই মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছে । এই বৈঠকত দুয়ো দলৰ কৰ্মকৰ্তাৰ বৈঠকত কেনেদৰে এই উপ-নিৰ্বাচনত আমাৰ প্ৰাৰ্থীক জয়ী কৰাব পাৰো, তাৰেই পুংখানুপুংখভাৱে আলোচনা কৰা হয় ।’’
‘‘চামগুৰি সমষ্টি বিগত দিনত যিসমূহ কাৰ্যকলাপ হ'ল, যাৰ বিষয়ে জনসাধাৰণৰ মাজত বিশেষভাৱে আলোচিত হৈছে, সেই বিষয়ে নিৰ্মোহভাৱে আলোচনা হৈছে । এইবাৰ চামগুৰিৰ ৰাইজে এক উচিত ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ কথা তেওঁলোকে গম পাইছে ।’’ তেওঁ কয় ৷
‘‘কংগ্ৰেছে এক ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হৈছে, ভয়ংকৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে । য'ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু ধুবুৰীৰ সাংসদগৰাকী জড়িত আছে । ইতিমধ্যে চামগুৰিত বিভিন্ন দুষ্কাৰ্যৰ লগত জড়িত আৰাফট আলী, ইজাজুৰ হক আৰু আন এজন ব্যক্তিত আৰক্ষীয়ে হাৰাশাস্তি কৰিছে বুলি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে যাতে এই অপৰাধীসকলক কোনো অসুবিধা দিয়া নাযায় । এই নিৰ্বাচনৰ সময়ত সৰ্বসাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰিবলৈ কংগ্ৰেছে চেষ্টা চলোৱাটো ইয়াৰ জৰিয়তে প্ৰমাণ হৈছে আৰু এই বিষয়ে বিভিন্ন পক্ষই অৱগত কৰিছো ৷’’ মন্ত্ৰী বিমল বড়াই কয় ৷
বড়াই কয়, ‘‘যিসকল লোকে এনে অভিযোগ আনিছে, সেইসকল লোকেই চামগুৰিৰ স্বাভিমানক, চামগুৰিৰ জনগণক কুঠাৰাঘাট কৰি আহিছিল ৷ এই কাম চামগুৰিত কংগ্ৰেছে দীৰ্ঘদিন কৰি আহিছিল । এইবাৰ এই কাৰ্যৰ লগত জড়িত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি । গতিকে, কোনোধৰণৰ সন্ত্ৰাসজৰ্জৰ পৰিৱেশ এটা ইয়াত হ'বলৈ দিয়া নহ'ব । এই বিষয়েও আমি নিৰ্বাচন আয়োগক অৱগত কৰিম ।’’
লগতে পঢ়ক :বিহালীত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই গৌৰৱ গগৈৰ মুখত বিলাতী সুৰা আৰু ৰিপুন বৰাৰ মুখত গাখীৰৰ প্ৰসংগ |
আনহাতে, তিনি গগৈৰ মাজত ফাঁট মেলা বিষয়ে মন্ত্ৰীগৰাকী অৱগত নহয় বুলি জনোৱাৰ লগতে কয় – ‘‘যি কংগ্ৰেছ কোনো কালে অসমৰ লগত নাছিল, তাৰ প্ৰমাণ নেহৰুৱে ১৯৬২ চনতে দি থৈছে । অসমৰ স্বাভিমানক আঘাত হনাৰ কাম কৰা কংগ্ৰেছে নিবনুৱাক প্ৰতাৰণা কৰিলে, গুপ্তহত্যাৰ পাতনি মেলিছিল ৷ গতিকে, সেই কংগ্ৰেছ অসমৰ অস্তিত্ব, অসমৰ খিলঞ্জীয়া, অসমৰ ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিৰ লগত নাছিলেই । তাত তেল-পানীৰ দৰে কেইদিনমান একেলগে থাকি কোনোবাই বজ্ৰগৰ্জন কৰিছিল, কোনোবাই সিংহনাদ কৰিছিলে, কোনোবাই কাৰোবাক ৰক্ষণাবেক্ষণা দিবলৈ গৈ কংগ্ৰেছৰ ভৰিত ধৰিছিল । তদুপৰি, তেওঁলোকৰ যি অস্বাভাৱিক বুজাপৰা, সি এদিন নোহোৱা হ'ব বুলি অসমৰ ৰাইজে জানিছিলেই । সেয়ে, অসমৰ ৰাইজে বিজেপিক ইটোৰ পিছত সিটো নিৰ্বাচনত জয়ী কৰাই আহিছে ।’’
প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা :
চামগুৰি সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই কয়, ‘‘ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ যুটীয়া নিৰ্বাচনী সভা মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত কলিয়াবৰত অনুষ্ঠিত হৈছে । ইতিমধ্যে চামগুৰিৰ বিজেপি আৰু অগপৰ প্ৰত্যেকটো নিৰ্বাচনী বুথত আমাৰ মন্ত্ৰী-বিধায়ক, দলীয় নেতাৰ সক্ৰিয় অংশগ্ৰহণেৰে নিৰ্বাচনী কাম-কাজবোৰ আগবাঢ়িছে ।’’
‘‘আজিৰ এই বৈঠকত বৰ্তমানৰ কলিয়াবৰৰ অন্তৰ্গত অঞ্চলসমূহৰ দলীয় নেতা-কৰ্মী, বুথ কমিটীৰ প্ৰতিনিধিৰ সৈতে আমাৰ মন্ত্ৰী-বিধায়কৰ উপস্থিতিত নিৰ্বাচনী কাম-কাজৰ এক পৰ্যবেক্ষণ কৰা হয় । যাতে নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত নিৰ্বাচনী কৌশল মতে ঐক্যবদ্ধভাৱে কাম কৰিব পাৰো, চোতাল বৈঠক কৰিব পাৰো ।’’ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শৰ্মাই কয় ৷
লগতে পঢ়ক :কংগ্ৰেছে আজমলৰ কঁকাল ভাঙিলে: অতুল বৰা |