অসম

assam

ETV Bharat / politics

ৰিগিঙক লৈ পিতা-পুত্ৰই কৰা অভিযোগৰ কোনো সামঞ্জস্য নাই: ৰূপক শৰ্মা - SAMAGURI BYE ELECTION

চামগুৰি বিধানসভা সমষ্টিত ৰিগিং প্ৰসংগত কোন সঁচা-কোন মিচা ? উপ-নিৰ্বাচন শেষ হ'লেও অন্ত পৰা নাই বিতৰ্কৰ ।

MLA Rupak Sharmas press conference
বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 5:14 PM IST

নগাঁও:উপ-নিৰ্বাচন শেষ হ'লেও বিতৰ্ক,অভিযোগ-প্ৰতি অভিযোগৰ অন্ত পৰা নাই চামগুৰি বিধানসভা সমষ্টিত । ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে যদিও প্ৰাক নিৰ্বাচনী হিংসা,মাৰপিট, আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পাছতো প্ৰায় শান্তিপূৰ্ণভাৱে উপ-নিৰ্বাচন অনুষ্ঠিত হয় । অৱশ্য়ে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছৰ পৰাই ৰিগিং প্ৰসংগক লৈ চৰ্চাত আছে চামগুৰি বিধানসভা সমষ্টি ।

১৩ নৱেম্বৰত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ পাছতেই সন্ধিয়া নিজ বাসভৱত এক সংবাদমেলৰ আয়োজন কৰি বিজেপিৰ বিৰুদ্ধে চামগুৰি সমষ্টিৰ ভোটগ্ৰহণত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰিছিল সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তানজিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে । সমষ্টিটোৰ ১৬ টা ভোটকেন্দ্ৰত ৰিগিং হোৱা বুলি সাংসদ ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰাৰ এদিন পাছতেই অৰ্থাৎ বৃহস্পতিবাৰে চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে সমষ্টিটোৰ ৩৩ টা ভোটকেন্দ্ৰত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰি ৰিটাৰ্ণিং বিষয়াৰ লগতে নিৰ্বাচন আয়োগলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিছিল ।

বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

চামগুৰি সমষ্টিৰ ৩৩ টা ভোটকেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে চামগুৰিৰ ৰিগিংকাণ্ডত বিজেপিৰ দুই বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামী জড়িত থকা বুলিও কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে অভিযোগ উত্থাপন কৰাৰ পাছতেই পিতা-পুত্ৰক উভতি ধৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । শুকুৰবাৰে নগাঁও বাজপেয়ী ভৱনত এক সংবাদ মেলৰ আয়োজন কৰি পৰাজয়ৰ উমান পাই এতিয়া কংগ্ৰেছে আবোল-তাবোল বকিবলৈ আৰম্ভ কৰা বুলি কটাক্ষ কৰে বিধায়ক ৰূপক শৰ্মাই ।

চামগুৰি উপ-নিৰ্বাচনত ৰিগিং হোৱা বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ নস্যাৎ কৰি বিধায়ক ৰূপক শৰ্মাই কয়,"চামগুৰিত ৰিগিং পৰম্পৰা কংগ্ৰেছৰ । কংগ্ৰেছে বছৰ বছৰ ধৰি চামগুৰিত ভয় ভাবুকি,ৰিগিং আদিৰ জড়িয়তে জয়ী হৈ আহিছে । এইবাৰ প্ৰাশাসনৰ কটকটীয়া নিৰাপত্তাৰ বাবে কংগ্ৰেছে ৰিগিং কৰিব নোৱাৰি এতিয়া বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰত নামি পৰিছে ।" আনকি এইবাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতেই চামগুৰি সমষ্টিৰ বহু ভোটাৰে বহু বছৰ পাছতহে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ কথা বিধায়কগৰাকীক জনোৱা বুলিও উল্লেখ কৰে ।

ৰিগিঙক লৈ পিতা-পুত্ৰৰ অভিযোগৰ কোনো সামঞ্জস্য নথকাৰ কথা উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাই কয়,"প্ৰথমে পিতৃ ৰকিবুল হুছেইনে চামগুৰিৰ ১৬ টা ভোটকেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছত পুত্ৰ তানজিলে ৩৩ টা ভোটকেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ অভিযোগৰ অসত্যতা কংগ্ৰেছে নিজেই প্ৰমাণ কৰাৰ কৰিছে ।" বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ প্ৰমাণ দিবলৈয়ো প্ৰত্যাহ্বান জনাই এনে মিছা অভিযোগেৰে বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈয়ো কংগ্ৰেছক সকীয়াই দিয়ে বিধায়ক ৰূপক শৰ্মাই ।

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ৰাজনৈতিক অপৰিপক্কতাৰ বাবেই চামগুৰিৰ ৰাইজে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থীক ভোটদান কৰি জয়ী কৰাব বুলিও দাবী কৰে বিধায়ক ৰূপক শৰ্মাই । ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিতেই বিজেপিৰ জয় নিশ্চিত বুলিও দাবী কৰে বিধায়ক ৰূপক শৰ্মাই ।

ইপিনে, বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ সদায় কংগ্ৰেছৰ হৈ কাম কৰা বুলিও উল্লেখ কৰি অখিল গগৈয়ে চামগুৰিৰ নিৰ্বাচনৰ বিষয়ে একো নাজানে বুলিও কটাক্ষ কৰে বিধায়ক ৰূপক শৰ্মাই । এই সংবাদমেলত বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, অমিতাভ বৰা, নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাও উপস্থিত থাকে ।

লগতে পঢ়ক:পিতৃৰ মতে ১৬; নিৰ্বাচন আয়োগক তানজিলে দিলে চামগুৰিৰ ৩৩ টা ভোটকেন্দ্ৰত ৰিগিঙৰ অভিযোগ

উপ-নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details