নিউজ ডেস্ক, 3 এপ্ৰিল: বুধবাৰে লোকসভা নিৰ্বাচনৰ বাবে ৱায়ানাড সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী তথা জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু প্ৰাক্তন কংগ্ৰেছ মুৰব্বী ছোনিয়া গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীয়ে দাখিল কৰা শপতনামা অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত তেওঁৰ মুঠ আয় ১,০২,৭৮,৬৮০ টকা । ২০২১-২২ বিত্তীয় বৰ্ষত ৰাহুল গান্ধীৰ মুঠ আয় আছিল ১,৩১,০৪,৯৭০ টকা ।
শপতনামা অনুসৰি ৰাহুল গান্ধীক আইপিচিৰ ৪৯৯ আৰু ৫০০ ধাৰাত চুৰাট চিজেএম আদালতে দোষী সাব্যস্ত কৰে । তেওঁক ২ বছৰৰ শাস্তি প্ৰদান কৰা হয় । দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে মুখ্য জিলা আৰু সত্ৰ ন্যায়াধীশ চুৰাটৰ সন্মুখত অপৰাধমূলক আবেদন দাখিল কৰা হয় আৰু গোচৰটো আদালতৰ সন্মুখত বিচাৰাধীন হৈ আছে । এই দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে এছ এল পিৰ গোচৰত স্থগিতাদেশ জাৰী কৰিছে ।
ৰাহুল গান্ধীৰ হাতত নগদ ধন ৫৫ হাজাৰ টকা আৰু বেংক একাউণ্টত জমা আৰু অন্যান্য জমা ধনৰ পৰিমাণ ২৬,২৫,১৫৭ টকা । ৰাহুল গান্ধীৰ ইয়ং ইণ্ডিয়ানৰ ১,৯০,০০০ টকাৰ ১০০ টকাকৈ ১৯০০ টা ইকুইটি শ্বেয়াৰ আছে । কংগ্ৰেছ নেতাগৰাকীয়ে ২৫টা কোম্পানীৰ শ্বেয়াৰ তালিকাভুক্ত কৰিছে যাৰ বজাৰ মূল্য ৪,৩৩,৬০,৫১৯ টকা ।