অসম

assam

ETV Bharat / politics

বৰপেটা‌ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত; 17 এপ্ৰিলত প্রধানমন্ত্ৰী মোদীৰ আগমনক লৈ নলবাৰীত মন্ত্ৰীৰ ভিৰ - PM Modi to visit Assam - PM MODI TO VISIT ASSAM

Lok Sabha election 2024 : সমুখত নিৰ্বাচন ৷ ৰাজনৈতিক সভা-সমিতিত ব্যস্তু ৰাজনৈতিক নেতাসকল ৷ অমিত শ্বাহৰ পাছত এইবাৰ 17 এপ্ৰিলত নিৰ্বাচনী ৰণডংকা বজাবলৈ নলবাৰীলৈ আহিব প্রধানমন্ত্ৰী মোদী ৷ যাৰ বাবে নলবাৰীত দেখা গৈছে মন্ত্ৰী-বিধায়কৰ ভিৰ ৷

বৰপেটা‌ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত; 17 এপ্ৰিলত প্রধানমন্ত্ৰী মোদীৰ আগমনক লৈ নলবাৰীত মন্ত্ৰীৰ ভিৰ
বৰপেটা‌ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত; 17 এপ্ৰিলত প্রধানমন্ত্ৰী মোদীৰ আগমনক লৈ নলবাৰীত মন্ত্ৰীৰ ভিৰ

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 7:13 AM IST

গুৱাহাটী, 14 এপ্রিল :উজনি অসমৰ পিছত এতিয়া নামনি অসমতো লোকসভা নিৰ্বাচনৰ গৰম‌ বতাহ বলিছে । তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব বিহুৰ পিছতে আৰম্ভ হ'ব । মন কৰিবলগীয়া যে বৰপেটা লোকসভা সমষ্টিত শাসক বিৰোধীৰ মাজত নিৰ্বাচনী যুজ ক্ৰমে আকৰ্ষণীয় হৈ আহিছে যদিও‌ বিৰোধীৰ ভোট বিভাজনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ বাবে বিজেপিৰ মিত্ৰদল অগপ দলে তৎপৰতা বৃদ্ধি কৰিছে ।

উল্লেখ্য যে, বিজেপিৰ মিত্ৰদল অগ‌পৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়ন আৰু অজাপৰ‌ পৰা ওলাই অহা দুলু আহমেদে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ‌ চলাই আছে । নিৰ্বাচনী প্ৰচাৰত দৌৰত ফণীভূষণ চৌধুৰী, মনোৰঞ্জন তালুকদাৰ আগত আছে যদিও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও পিছ পৰি থকা নাই ।

অৱশ্যে কোনো ষ্টাৰ কেম্পেনাইৰ অবিহনে কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নে প্ৰচাৰ অব্যাহত ৰাখিছে । প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছৰ যুৱ নেতা দীপ বায়ন সকলোৰে পৰিচিত মুখ নহয় । ইপিনে কেবাবাৰো বিধায়ক হোৱাৰ উপৰিও বৰপেটা লোকসভা সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অগ‌পৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ভোটাৰৰ বাবে চিনাকী মুখ ।‌

ইপিনে সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰপেটা লোকসভা সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । ‌সেই দিশৰ পৰা তেওঁ সমষ্টিটোৰ‌ ভোটাৰৰ বাবে চিনাকি মুখ ।

লক্ষণীয় যে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত মাত্ৰ এটা সমষ্টি বৰপেটাত চি পি আই এমৰ প্ৰাৰ্থী দিয়াৰ‌ বাবে অসমৰ বিভিন্ন ঠাইত থকা দলৰ প্ৰায়‌ভাগ কৰ্মী এই‌ সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত নামি পৰা‌ দেখা গৈছে । ইপিনে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নির্বাচনী প্ৰচাৰ চলাব প্রধানমন্ত্ৰীয়ে ।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 17 এপ্ৰিলত নলবাৰী জিলাৰ এখন নির্বাচনী সভাত অংশগ্রহণ কৰিব । তাকে লৈ নলবাৰীত এতিয়া ব্যাপক তৎপৰতা আৰম্ভ হৈছে । অসম মন্ত্ৰীসভাৰ আধা ডজন মন্ত্ৰী নলবাৰীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ বুজ লৈ আছে ।

উল্লেখ্য যে, নলবাৰী চহৰৰ সমীপৰ বৰকুৰাত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অনুষ্ঠিত হ'ব লগা সভাত অংশ লোৱাৰ বাবে 17 এপ্ৰিলৰ দিনৰ দহ বজাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি সেইদিনা সভাখনত দুই লাখ লোকক সম্বোধন কৰিব মোদীয়ে ।

নির্বাচনী সভাখনৰ বাবে নলবাৰীৰ বৰকুৰাৰ বিদ্যাঞ্চলৰ কাষৰ খেতিপথাৰত চলিছে ব্যাপক আয়োজন । বৰকুৰাৰ খেতিপথাৰত মোদীৰ নিৰ্বাচনী সভাৰ বাবে তিনিখনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে । একেদৰে কৃষিপথাৰৰ মাজত কেইবাটাও পকী পথ নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :নলবাৰীলৈ প্ৰধানমন্ত্ৰী মোদী: প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে - Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details