অসম

assam

ETV Bharat / politics

বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ; সংসদত বিৰোধী সাংসদসকলৰ প্ৰতিবাদ - OPPOSITION MPS PROTEST

প্ৰতিবাদকাৰীসকলৰ ভিতৰত থকা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে 'বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিয়ক' শ্লোগান লিখা বেগ এটা হাতত লৈ আছিল ।

Opposition MPs protest in Parliament
সংসদত বিৰোধী সাংসদসকলৰ প্ৰতিবাদ (ANI)

By ANI

Published : Dec 17, 2024, 2:07 PM IST

নতুন দিল্লী : কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি কেইবাগৰাকীও বিৰোধী সাংসদে বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত সংঘটিত অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ উদ্বেগ ব্যক্ত কৰিবলৈ সংসদ চৌহদৰ ভিতৰত একত্ৰিত হয় । সাংসদসকলে হাতত ন্যায়ৰ আহ্বান জনোৱা বাৰ্তা লিখা প্লে’ কাৰ্ড আৰু বেগ লৈ সীমান্তৰ সিপাৰে সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ গৰিহণা দিয়ে ।

প্ৰতিবাদকাৰীসকলৰ ভিতৰত আছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী । তেওঁ "বাংলাদেশকে হিন্দু আৰু ইছায়োঁকে সাথ খাড়ে হো" (বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিয়ক) শ্লোগান লিখা বেগ এটা হাতত লৈ আছিল ।

সাংসদসকলে 'আমি ন্যায় বিচাৰোঁ' আৰু 'ভাৰত চৰকাৰ জৱাব দো' আদি শ্লোগান দিয়াৰ লগতে বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

উল্লেখ্য যে এই প্ৰতিবাদৰ জৰিয়তে সংখ্যালঘু বিষয়ত বিৰোধীৰ দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছে, বিশেষকৈ হিন্দুসকলৰ উৎপীড়নৰ ক্ষেত্ৰত ।

সাধাৰণতে ভাৰত আৰু বিদেশত মুছলমানসকলৰ সৈতে কৰা আচৰণক লৈ উদ্বেগ প্ৰকাশ কৰা বিৰোধীয়ে এইবাৰ হিন্দুসকলৰ প্ৰতি এক স্পষ্ট স্থিতি গ্ৰহণ কৰিছে আৰু সকলো সংখ্যালঘুৰ বাবে তেওঁলোকৰ উদ্বেগৰ একেই দৃষ্টিভংগীৰ ইংগিত বহন কৰিছে ।

আনহাতে, এই প্ৰতিবাদৰ পিছতে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আশ্চৰ্য প্ৰকাশ কৰে । তেওঁৰ মন্তব্য, "এইটো দেখি মই আচৰিত হৈছোঁ । আমাৰ বিৰোধীয়ে সদায় কেৱল মুছলমানসকলৰ বিষয়েহে চিন্তিত হৈ আহিছে । ভাৰতত 'সংখ্যালঘু'ৰ অৰ্থ সলনি হৈছে । কংগ্ৰেছ আৰু আমাৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াক মুছলমানলৈ সলনি কৰিছিল । তেওঁলোকে এতিয়া হিন্দুসকলৰ বাবেও আন্দোলন কৰি আছে । সেয়েহে এইটো এটা ডাঙৰ পৰিৱৰ্তন । সম্ভৱতঃ এয়া হৈছে মোদী যাদু ।"

উল্লেখ্য যে সোমবাৰে কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই পেলেষ্টাইন লিখা এখন বেগ লৈ সংসদত প্ৰৱেশ কৰাত বিজেপিৰ মন্তব্যক তীব্ৰ সমালোচনা কৰি তেওঁলোকক 'অপ্ৰয়োজনীয় কথা' বুলি অভিহিত কৰে ।

বিজেপিৰ তোষণৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে এনেধৰণৰ অদৰকাৰী কথা কোৱাৰ পৰিৱৰ্তে চৰকাৰে বাংলাদেশত সংঘটিত সংখ্যালঘু আৰু হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কিছু পদক্ষেপ গ্ৰহণ কৰা উচিত ।

লগতে পঢ়ক :আজি লোকসভাত উত্থাপন হ’ব 'এক দেশ, এক নিৰ্বাচন' বিধেয়ক; বিজেপি-কংগ্ৰেছ দুয়ো দলৰে হুইপ জাৰী - ONE NATION ONE ELECTION
লগতে পঢ়ক :সংঘৰ্ষই বধ্যভূমিত পৰিণত কৰা বাংলাদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন - ELECTION IN BANGLADESH

ABOUT THE AUTHOR

...view details