অসম

assam

ETV Bharat / politics

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ বাবেই আক্ৰমণৰ বলি এটা পৰিয়াল ? - Election violence in assam - ELECTION VIOLENCE IN ASSAM

Lok sabha Election 2024: বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট নিদিয়া বাবেই দলবদ্ধ আক্ৰমণ এটি পৰিয়ালক । আক্ৰমণত আহত 7 জন । ঘটনা সন্দৰ্ভত বিজেপিলৈ অভিযোগৰ আঙুলিটোৱাই জিলা কংগ্ৰেছৰ সংবাদমেল । আৰক্ষীৰ ভূমিকাক সমালোচনা জিলা কংগ্ৰেছৰ ৷

Nalbari district congress prees meet over election violence in nalbari
মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ বাবেই বিজেপিৰ আক্ৰমণৰ বলি এটি পৰিয়াল (Etv bharat assam)

By ETV Bharat Assamese Team

Published : May 10, 2024, 2:33 PM IST

মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ বাবেই বিজেপিৰ আক্ৰমণৰ বলি এটি পৰিয়াল (Etv bharat assam)

নলবাৰী, 10 মে’: নলবাৰীত নিৰ্বাচনকেন্দ্ৰিক হিংসা । কংগ্ৰেছ দলৰ পক্ষত ভোটদান কৰাৰ বাবেই দলবদ্ধ আক্ৰমণৰ সম্মুখীন হ’ল এটি পৰিয়াল । শাসকীয় দল বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণত সাতগৰাকীকৈ লোক আহত হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ ।

নলবাৰীৰ বালিতাৰাত সংঘটিত হৈছে এই ঘটনাটো । অভিযোগ অনুসৰি উত্তৰ নলবাৰী মণ্ডল বিজেপিৰ সম্পাদক ৰঞ্জন বৰ্মনৰ নেতৃত্বত বিজেপিৰ এদল পালিনেতাই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ ৭ মে’ৰ নিশাৰ ভাগত চাৰিচকীয়া বাহনেৰে আহি প্ৰদীপ ৰাজবংশীৰ বাসগৃহত প্ৰৱেশ কৰি প্ৰথমতে বাকবিতণ্ডা আৰু পিছত শাৰীৰিক আক্ৰমণ চলায় বুলি অভিযোগ তুলিছে পৰিয়ালটোৱে ।

অভিযোগ অনুসৰি প্ৰদীপ ৰাজবংশীৰ পত্নী, পুত্ৰ আৰু প্ৰত্যক্ষদৰ্শীক চৰ, ঘোচা সোধোৱাৰ লগতে লাঠী-ৰ’ড আদিৰে প্ৰহাৰ কৰি প্ৰদীপ ৰাজবংশীৰ পত্নী সোণতৰা ৰাজবংশীৰ লগতে সাতগৰাকী লোকক আহত কৰে । প্ৰদীপ ৰাজবংশীৰ প্ৰতিৱেশীকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে ৷

ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল যদিও এই মূহুৰ্তলৈ কোনো এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰা নাই বুলি জানিব পৰা গৈছে । উক্ত ঘটনাৰ পিছতে আহত 4 গৰাকীক স্থানীয় ৰাইজে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে । সোনতৰা ৰাজবংশী, পুত্ৰ জয়দেৱ ৰাজবংশী, ৰেণু ৰাজবংশী আৰু মোহিত ৰাজবংশী ভৰ্তি হৈছিল চিকিৎসা মহাবিদ্যালয়খনত ৷

বৃহস্পতিবাৰে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাত সমগ্ৰ নলবাৰীতেই চাঞ্চল্যৰ সৃষ্টি হয় । আনহাতে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত ঘটনা সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰে নলবাৰী জিলা কংগ্ৰেছে । সংবাদমেলত প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাত সন্দেহ তথা ক্ষোভ প্ৰকাশ কৰিছে নলবাৰী জিলা কংগ্ৰেছে ।

বৃহস্পতিবাৰে সন্ধিয়া আয়োজিত সংবাদমেলখনত নলবাৰীত নিৰ্বাচনত্তোৰ হিংসাৰ ঘটনাক ধিক্কাৰ দিয়ে নলবাৰী জিলা কংগ্ৰেছে । সমগ্ৰ ঘটনাক লৈ উচিত তদন্তৰ দাবী তুলিছে জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ।

ভুক্তভোগী প্ৰদীপ ৰাজবংশী আৰু সোণতৰা ৰাজবংশীৰ অভিযোগৰ ভিত্তিত ঘগ্ৰাপাৰ আৰক্ষীয়ে 74/2024 নম্বৰত এক গোচৰ ৰুজু কৰিছে । 171(C), 447/325/379/354(B)/147/148 ধাৰাত গোচৰ ৰুজু কৰিছে ঘগ্ৰাপাৰ আৰক্ষীয়ে ।

লগতে পঢ়ক :১৪ খন আখনৰ ১৩ খনেই বিজেপি মিত্ৰজোঁটৰ দখলত থাকিব: ভৱেশ কলিতা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details