নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰী :লোকসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপিয়ে দেশজুৰি ব্যাপক নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰে । সূত্ৰৰ মতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দলৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়া আৰু সকলো ৰাজ্যৰ সহ-ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয় । বৈঠকখন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে ।
এই বৈঠকখনত নিৰ্বাচনী ভাৰপ্ৰাপ্তসকলৰ ভিতৰত বৈজয়ন্ত পাণ্ডা (উত্তৰ প্ৰদেশ), দুষ্মন্ত গৌতম (উত্তৰাখণ্ড), তৰুণ চুগ (জম্মু-কাশ্মীৰ), বিনোদ টাৱড়ে (বিহাৰ), আৰু বিপ্লৱ দেব (হাৰিয়ানা) আছে । সূত্ৰৰ মতে বৈঠকখনত বিজেপি পিচ পৰি থকা বা দুৰ্বল বুলি গণ্য কৰা আসনসমূহত দলৰ সম্ভাৱনা বৃদ্ধি কৰাৰ উপায়ৰ ওপৰত ব্যাপক আলোচনা কৰা হৈছে ।
ইফালে আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০-তকৈ অধিক আসন লাভ কৰাৰ বাবে এক ব্যাপক পৰিকল্পনাও প্ৰস্তুত কৰা হ'ব । নিৰ্বাচনী ৰণনীতিৰ উপৰিও বৈঠকত নেতাসকলে সমাজৰ হিতাধিকাৰীসকলক লক্ষ্য কৰি লোৱাৰ বাবে চলি থকা কাৰ্যসূচী আৰু কেন্দ্ৰীয় আঁচনিসমূহৰ মূল্যাঙ্কন আৰু বুজ ল'ব ।