মৰাণ, ১ এপ্ৰিল:শাসক দল বিজেপিয়ে সমগ্ৰ দেশতে সৰ্বশক্তি প্ৰয়োগ কৰি লোকসভা নিৰ্বাচনত নামিছে । কিন্তু তেনে সময়ত অসমত এজনৰ পাচত আন এজন কংগ্ৰেছ নেতাই দল এৰিছে । যি সময়ত সমগ্ৰ দেশতে বিজেপি আগ্ৰাসী ৰূপত আগবাঢ়িছে তেনে সময়ত জ্যেষ্ঠ নেতাৰ দল ত্যাগে কংগ্ৰেছ দলটো বিপৰ্যস্ত কৰি তুলিছে । দুদিন পূৰ্বে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰয়াত প্ৰাক্তন কংগ্ৰেছী নেতা শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে বিজেপিত যোগদান কৰে । ইয়াৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াই ।
অনুজ বৰকটকীয়ে বিজেপিত যোগদান কৰাৰ পাচতেই তাৎক্ষণিকভাৱে দলটোৱে জিলাখনৰ প্ৰাক্তন প্ৰশাসনিক সাধাৰণ সম্পাদক তথা বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈক জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে । আজি বৃহৎ ৰেলী কৰি নৱনিযুক্ত সভাপতি উৎপল গগৈক কংগ্ৰেছ কৰ্মীসকলে চৰাইদেউৰ সোণাৰিত জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ আদৰি আনে । দলীয় কৰ্মীক উষ্ম আদৰণি জনোৱাৰ পাচতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াই উৎপল গগৈক দায়িত্বভাৰ প্ৰদান কৰে ।