অসম

assam

ETV Bharat / politics

দিবাং ভেলীৰ নদীবান্ধে ধ্বংসলীলা চলাব শদিয়াৰ পৰা কাজিৰঙালৈকে: অখিল গগৈ - AKHIL GOGOI SADIA VISIT

শদিয়াত ৰাইজৰ দলে দিব আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী । শদিয়াৰ মূৰৰ ওপৰত দিবাংভেলীত বনোৱা নদীবান্ধে নিঃশেষ কৰিব কাজিৰঙা পৰ্যন্ত । অখিল গগৈৰ মন্তব্য ।

Akhil Gogoi Sadia visit
শদিয়াত নিৰ্বাচনী কুচকাৱাজ অখিল গগৈৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 11:37 AM IST

তিনিচুকীয়া :তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তত অৱস্থিত শদিয়াত এক জনসভাত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । শদিয়াৰ অম্বিকাপুৰ বজাৰৰ খেলপথাৰত পাঁচ শতাধিক ৰাইজক এই জনসভাত সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

এই জনসভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় কুচকাৱাজ চলায় ৷ উল্লেখ্য যে এইখন হৈছে শদিয়াত ৰাইজৰ দলৰ প্ৰথমখন ৰাজহুৱা সভা আৰু শদিয়াৰ পৰাই ৰাইজৰ দলে আগন্তুক নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে ৷

শদিয়াত নিৰ্বাচনী কুচকাৱাজ অখিল গগৈৰ (ETV Bharat Assam)

জনসভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, "২০২৬ চনৰ নিৰ্বাচনত শদিয়া বিধানসভা সমষ্টিত ৰাইজৰ দলৰ পৰা প্ৰাৰ্থী দিয়াটো এশ শতাংশ নিশ্চিত । শদিয়াৰ ভিতৰৰ পৰাই শদিয়াবাসী এজনক যে প্ৰাৰ্থিত্ব দিয়া হ'ব সেয়াও নিশ্চিত । প্ৰাৰ্থীগৰাকীক জিকাই অনাৰ দায়িত্ব কিন্তু ৰাইজৰ ।"

আনহাতে, দুদিন শদিয়াত থাকি কিছু কামকাজ কৰি ৰাইজৰ লগত কথাবাৰ্তাৰ পাছত পুনৰ দীঘলীয়াকৈ শদিয়াত থাকিবলৈ আহিব বুলি উল্লেখ কৰে অখিল গগৈয়ে । ইফালে শদিয়াৰ মূৰৰ ওপৰত অৰুণাচল প্ৰদেশৰ দিবাং নদীবান্ধৰ বিষয়ে সৰৱ হোৱাৰ লগতে শাসকীয় বিজেপিক তুলাধুনা দিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

নদীবান্ধ সন্দৰ্ভত অখিল গৈগয়ে কয়, "এই নদীবান্ধে ৰাইজৰ বাবে বিপদ মাতিব । সেয়ে শদিয়াৰ পৰাই আৰম্ভ কৰা হ'ব বৃহৎ নদীবান্ধবিৰোধী আন্দোলন ৷ কেৱল দিবাং ভেলীয়ে নহয় অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলগা ১৩৫ টা নদীবান্ধে বিপদ কঢ়িয়াই আনিব অসমলৈ । এই নদীবান্ধৰ পৰা শদিয়া, তিনিচুকীয়া জিলাৰ লগতে কাজিৰঙা পৰ্যন্ত নিঃশেষ কৰি দিব । গতিকে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি অতি সোনকালে এই বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ।"

লগতে পঢ়ক :পৰাজয় স্বীকাৰ কৰিলে নেকি ৰকিবুল হুছেইনে ?
লগতে পঢ়ক :গৌৰৱ গগৈৰ কামত ক্ষুণ্ণ মন্ত্ৰী পীযুষ হাজৰীকা; বিচাৰিলে উত্তৰ

ABOUT THE AUTHOR

...view details