অসম

assam

ETV Bharat / politics

জাভেদ ইছলাম ১ লাখ ভোটত বিজয়ী হ'ব : জয়ন্ত মল্লবৰুৱা - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

Dhubri Lok Sabha constituency : ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ চেঙাৰ পদ্মপাৰাত প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফ-ক সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে ।

Dhubri Lok Sabha constituency
বিজেপিৰ বিজয় সংকল্প সমাৱেশ

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 9:55 PM IST

বিজেপিৰ বিজয় সংকল্প সমাৱেশ

বৰপেটা, ৩০ এপ্ৰিলঃ"কংগ্ৰেছৰ কটা হাতখন ৫০ ফুট দ' মাটিৰ তলত পোত গৈছে আৰু খান্দি উলিয়াওতে ৫০ বছৰ লাগিব"- এই মন্তব্য় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ সমৰ্থনত চেঙাৰ পদ্মপাৰাত বিজেপিৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় কৰে ।

ইখনৰ পিচত সিখন সভাৰে ধুবুৰীত জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফ-কো সমালোচনা কৰে । বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক বাহিৰৰ মানুহ বুলি উল্লেখ কৰি "আমাৰ নিজৰ মানুহ জাভেদ ইছলামক ভোট দিয়াৰ আহ্বান" জনায় ৷

চেঙাৰ পদ্মপাৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জাভেদ ইছলামৰ হৈ ভোট ভিক্ষা কৰি কয়, "ধুবুৰী চৰণীয়া পথাৰ নেকি যে যাৰে মন যায় সিয়ে আহিব" ৷ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ কয়, "মন্ত্ৰী হৈ থাকোতে প্ৰতিদিনে এটা-দুটা গঁড় হত্যা কৰি কাজিৰঙাৰ গঁড়েই শেষ কৰিছিল ৷ লাওখোৱা অভয়াৰণ্যৰ সকলো গছ কাটি তহিলং কৰা মানুহজনে এইবাৰ ধুবুৰীত শিল, বালি, মাছৰ ছিণ্ডিকেট চলাই লোকেল মুৰ্গী খোৱাৰ পাং পাতিছে" ৷

কংগ্ৰেছৰ কটা হাতখন ৫০ ফুট দ' মাটিৰ তলত পোত যোৱা বুলি উল্লেখ কৰি তেওঁ নগাঁৱৰ পৰা অহা ৰকিবুল হুছেইনক নিৰ্বাচনী যুঁজত হৰুৱাই বাংলাদেশলৈ পঠাই দিবলৈ ধুবুৰীবাসীক আহ্বান জনায় ৷ ধুবুৰীত জাভেদ ইছলাম এক লাখ ভোটত জয়ী হ'ব বুলিও দাবী কৰি জয়ন্ত মল্ল বৰুৱাই কয়, "এইবাৰ ধুবুৰী সমষ্টিৰ ৰাইজ ব্যতিক্ৰম ৷ ধুবুৰীৰ সংখ্যালঘু অধ্যুষিত অঞ্চলতো যিদৰে হাজাৰ হাজাৰ সংখ্যালঘু লোক ওলাই আহিছে, তাৰপৰা নিশ্চিত যে এইবাৰ জাভেদ ইছলাম ১ লাখ ভোটত বিজয়ী হ'ব" ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিখনৰ চাৰিখন আসনেই লাভ কৰিব বুলিও কয় জয়ন্ত মল্ল বৰুৱাই ৷ তেওঁ কয়, "আমি সংখ্যালঘু মানুহক বিশ্বাস দিছো আৰু ঘৰ, পানী, উজলা, শৌচাগাৰ, অৰুণোদয় আদি আঁচনিৰ জৰিয়তে উন্নয়নৰ কাম কৰিছো ৷ সেয়ে সংখ্যালঘু মানুহক বিশ্বাস দি ভোট বিচাৰিছো, যাতে সংখ্যালঘু মানুহৰ পুনৰ উন্নয়ন কৰিব পাৰো" ৷

তেওঁ উন্নয়নশীল সংখ্যালঘু লোক, মহিলা আৰু যুৱকসকল এইবাৰ বিজেপিৰ লগত থকা বুলি দাবী কৰে । পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে সংখ্যালঘু ভোট লাভ নকৰাৰ বাবেই বিজেপিৰ সংখ্যালঘু মৰ্চা ভাঙি দিবলগীয়া হোৱাৰ কথা সাংবাদিকে সোঁৱৰাই দিয়াৰ পিচত মন্ত্ৰীগৰাকীয়ে কয়, "এইবাৰ আপোনালোক নিশ্চিত থাকক ৷ যিদিনা ধুবুৰীৰ ৰিজাল্ট ওলাব, সিদিনা আপোনালোকো আচৰিত হ'ব" ৷

লগতে পঢ়ক:সামগ্ৰীৰ দাম কিছুদিনৰ পৰা কমিছেহে: জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details