অসম

assam

ETV Bharat / politics

সমাগত লোকসভা নিৰ্বাচন : গুৱাহাটী লোকসভা সমষ্টিৰ এক অৱলোকন - লোকসভা নিৰ্বাচন

Loksabha Elections 2024: নতুন তালিকা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ২০,১৩,১৪৫ গৰাকী । পূৰ্বৰ তুলনাত ভোটাৰৰ সংখ্যা হ্ৰাস পালে ১,৬৫,৪৭২ গৰাকীলৈ । সমষ্টি পুনৰ গঠনৰ পাচত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টিৰ ৰূপৰেখা । বহু ভোটাৰৰ সলনি হ’ল সমষ্টি । পাঁচটা সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে ১০,৪০,৭০৮ গৰাকী । ইয়াৰে ৫,১০,২৪৪ জন পুৰুষ ভোটাৰ আৰু ৫,৩০,৪৬৪ গৰাকী মহিলা ভোটাৰ । ৩৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । পাঁচটা সমষ্টিত পুৰুষৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা বেছি ।

Lok Sabha elections overall scenario of Guwahati Lok Sabha constituency
লোকসভা নিৰ্বাচন

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:21 PM IST

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন সমাগত । সকলো ৰাজনৈতিক দল সাজু হৈছে ভোট যুদ্ধৰ বাবে । অসমৰ ১৪টা লোকসভা সমষ্টিতে এতিয়া নিৰ্বাচনী তৎপৰতা । অৱশ্যে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হৈছে । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত লোকসভা নাইবা বিধানসভাৰ সমষ্টি সংখ্যা একেই আছে যদিও সীমাৰ ব্যাপক সাল-সলনি হৈছে । তদুপৰি কেতবোৰ সমষ্টিৰ বিলুপ্তিকৰণৰ লগতে কেতবোৰ নতুন সমষ্টি কৰা হৈছে । এক কথাত সমষ্টিৰ জনগাঁথনি বহুখিনি সলনি হৈছে । এনে প্ৰেক্ষাপটত এইবাৰৰ নিৰ্বাচনৰ ৰণকৌশল কিছু পৃথক হ'ব ৰাজনৈতিক দল সমূহৰ বাবে । নিৰ্বাচনী ফলাফলতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।

গুৱাহাটী লোকসভা সমষ্টি

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ লগতে অন্যতম গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় সমষ্টি ৰূপে পৰিচিত গুৱাহাটী লোকসভা সমষ্টিটো এতিয়া নিৰ্বাচনীৰ গৰম পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যৰ অন্যতম সন্মানীয় সমষ্টি হিচাপে সদায়ে চৰ্চাত থকা গুৱাহাটী লোকসভা সমষ্টিটো একেলেথাৰিয়ে তিনিবাৰকৈ বিজেপিৰ দখলত আছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত সমষ্টিটোৰ কিছু সাল-সলনি হৈছে যদিও বিধানসভা সমষ্টি সংখ্যা পূৰ্বৰ দৰে দহটাই আছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টি হৈছে - পশ্চিম গোৱালপাৰা (এছ টি), দুধনৈ (এছ টি), ছমৰীয়া, বকো-ছয়গাঁও (এছ টি), পলাশবাৰী, দিছপুৰ, ডিমৰীয়া (এছ চি), নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী সমষ্টি । উল্লেখ্য যে বেছিভাগ সময় কংগ্ৰেছৰ দখলত থকা গুৱাহাটী লোকসভা সমষ্টিটোত কোনো এটা দল নাইবা প্ৰাৰ্থীক সমষ্টিবাসীয়ে দুবাৰৰ বেছি থাকিবলৈ দিয়া নাই যদিও বিজেপিৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা গৈছে । বিগত তিনিটা নিৰ্বাচনত সমষ্টিটোৰ ৰাইজে বিজেপিৰ পক্ষতে সমৰ্থন আগবঢ়াই আহিছে ।

গুৱাহাটী সমষ্টিত ১৯৫১ চনত কংগ্ৰেছৰ ৰোহিনী কুমাৰ চৌধুৰী, ১৯৫৬ চনত কংগ্ৰেছৰ দেবেন্দ্ৰ নাথ শৰ্মা, ১৯৫৭ চনত প্ৰজা ছ’চিয়েল পাৰ্টীৰ হেম বৰুৱা, ১৯৬২ চনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ হেম বৰুৱা, ১৯৬৭ চনত কমিউনিষ্ট পাৰ্টী অৱ্ ইণ্ডিয়াৰ ধীৰেশ্বৰ কলিতা, ১৯৭১ চনত কংগ্ৰেছৰ দীনেশ গোস্বামী, ১৯৭৭ চনত ভাৰতীয় লোক দলৰ ৰেনুকা দেৱী বৰকটকী, ১৯৮৫ চনত নিৰ্দলীয় হিচাপে দীনেশ গোস্বামী, ১৯৯১ চনত কংগ্ৰেছৰ কিৰিপ চলিহা, ১৯৯৬ চনত অগপৰ প্ৰবীণ চন্দ্ৰ শৰ্মা, ১৯৯৮ চনত কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতা, ১৯৯৯ চনত বিজেপিৰ বিজয়া চক্ৰৱৰ্তী, ২০০৪ চনত কংগ্ৰেছৰ কিৰিপ চলিহা, ২০০৯ চনত বিজেপিৰ বিজয়া চক্ৰৱৰ্তী, ২০১৪ চনৰ বিজেপিৰ বিজয়া চক্ৰৱৰ্তী আৰু ২০১৯ চনত বিজপিৰ কুইন ওজা জয়ী হয় ।

সমাগত লোকসভা নিৰ্বাচন

লক্ষণীয় বিষয় বিগত নিৰ্বাচনৰ সময়ত গুৱাহাটী লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা আছিল ২১,৭৮,৬১৭ গৰাকী । কিন্তু শেহতীয়াকৈ প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ২০,১৩,১৪৫ গৰাকী । অৰ্থাৎ সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা ১,৬৫,৪৭২ গৰাকীলৈ হ্ৰাস পালে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ ৰূপৰেখা : বিগত নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা আছিল মুঠ ২১,৭৮,৬১৭ গৰাকী । ইয়াৰে ১১,০০৭৪৬ জন পুৰুষ আৰু ১০,৭৭,৭৯৬ গৰাকী মহিলা ভোটাৰ । আনহাতে তৃতীয় লিংগৰ ভোটাৰ আছিল ৭৮ গৰাকী । সমষ্টিটোত আছিল ২৫৯২ টা ভোটকেন্দ্ৰ । সেইদৰে বিগত নিৰ্বাচনৰ সময়ত থকা দহটা বিধানসভা সমষ্টি হৈছে ক্ৰমে ৩৬ নং দুধনৈ বিধানসভা সমষ্টি (এছ টি), ৪৮ নং বকো বিধানসভা সমষ্টি (এছ চি), ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টি, ৫০ নং পলাশবাৰী বিধানসভা সমষ্টি, ৫১ নং জালুকবাৰী বিধানসভা সমষ্টি, ৫২ নং দিচপুৰ বিধানসভা সমষ্টি, ৫৩ নং পূব গুৱাহাটী বিধানসভা সমষ্টি, ৫৪ নং পূৱ গুৱাহাটী বিধানসভা সমষ্টি, ৫৫ নং হাজো বিধানসভা সমষ্টি আৰু ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি ।

২০১৯ ৰ নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । বিগত নিৰ্বাচনত বিজেপিয়ে বিজয়া চক্ৰৱৰ্তীৰ বিপৰীতে কুইন ওজাক টিকট দিছিল । আন প্ৰতিদ্বন্দ্বী আছিল ক্ৰমে ববিতা শৰ্মা (কংগ্ৰেছ),মনোজ শৰ্মা (তৃণমূল কংগ্ৰেছ), অভিজিত চক্ৰৱৰ্তী (ভাৰতীয় গণ পৰিষদ), চাদেক আলী (ৰিপাব্লিকান পাৰ্টী অৱ্ ইণ্ডিয়া), পংকজ দাস (শ্বৰ্ণ ভাৰত পাৰ্টী), পাৰ্থ প্ৰতীম বৰুৱা (ভোটাৰ পাৰ্টী নেশ্যনেলিষ্ট), মামনি শৰ্মা (পূৰ্বাঞ্চল জন পাৰ্টী), ৰাজীৱ কাকতি (হিন্দুস্থান নিৰ্মাণ দল), ৰাতুল কুমাৰ চৌধুৰী (সমাজৱাদী পাৰ্টী), ৰুবী নেওগ (নেশ্যনেলিষ্ট ৰিপাব্লিকান কংগ্ৰেছ), আলীমুদ্দিন আহমেদ (নিৰ্দলীয়), উপমন্যু হাজৰিকা (নিৰ্দলীয়), উৎপল বৰগোঁহাই (নিৰ্দলীয়), জোনমনি দেৱী খাউণ্ড (নিৰ্দলীয়), ফাৰুক আহমেদ ভূঞা (নিৰ্দলীয়) আৰু শশাংস সিনহা (নিৰ্দলীয়) । বিগত নিৰ্বাচনত বিজেপিৰ কুইন ওজাই ৫৭.২০ শতাংশ ভোটেৰে ১০,০৮,৯৩৬ টা ভোট লাভ কৰি জয়ী হৈছিল । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ববিতা শৰ্মাই ৬,৬৩,৩৩০টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত নতুন ভোটাৰ তালিকাৰ ৰূপৰেখা : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত প্ৰকাশ পোৱা নতুন ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হ’ল ২ কোটি ৪৩ লাখ ১ হেজাৰ ৯৬০ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ হ’ল ১ কোটি ২১ লাখ ৭৯ হেজাৰ ৩৫৮ গৰাকী আৰু মহিলা ভোটাৰ হ’ল ১ কোটি ২১ লাখ ২২ হেজাৰ ৬০২ গৰাকী । পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা প্ৰায় সমান । নতুন ভোটাৰ তালিকা অনুসৰি বিগত বর্ষতকৈ চলিত বর্ষত ১ লাখ ৯০ হেজাৰ ২১৭ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পালে । এইবাৰৰ ভোটাৰ তালিকাত ৭ লাখ ২৬ হেজাৰ ৭৮৩ গৰাকী নতুন ভোটাৰ অন্তর্ভুক্ত হোৱাৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা নাম কর্তন হ’ল ৭ লাখ ২৭ হেজাৰ ২৯১ গৰাকীৰ । নতুন ভোটাৰ তালিকাত থকা দিব্যাংগ আৰু তৃতীয় লিংগৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৬৯ হেজাৰ ৬৬৮ গৰাকী । চাকৰিজীৱী ভোটাৰ হ’ল ৬৫ হেজাৰ ৬৩৫ গৰাকী ।

ইফালে বিধানসভা সমষ্টি অনুসৰি সৰ্বনিম্ন ৯৬,৫৪২ গৰাকী লোক থকা সমষ্টি হ’ল আমৰি আৰু সৰ্বাধিক ২,৯৭,৮৪৬ গৰাকী ভোটাৰ থকা সমষ্টি হ’ল দলগাঁও । আনহাতে লোকসভা সমষ্টি অনুসৰি সৰ্বনিম্ন ৮,৯২,৭৮৯ গৰাকী ভোটাৰ থকা সমষ্টি হ’ল ডিফু আৰু সৰ্বাধিক ২৬,৪৩,৪০৩ গৰাকী ভোটাৰ থকা সমষ্টি হ’ল ধুবুৰী । ৰাজ্যত সৰ্বমুঠ ভোট গ্ৰহণ কেন্দ্ৰ হ’ল ২৮,৬৪৫টা । নতুন ভোটাৰ তালিকাত ১৮ ৰ পৰা ১৯ বছৰৰ বয়সৰ ভোটাৰ হ’ল ৪,৩৫,৫০৩ গৰাকী । ২০ ৰ পৰা ২৯ বছৰ বয়সৰ ভোটাৰ ৬৭,০৫,৪৩৬ গৰাকী, ৩০ ৰ পৰা ৩৯ বছৰ বয়সৰ ভোটাৰ ৫৯,৪৭,৯৮৮ গৰাকী, ৪০ ৰ পৰা ৪৯ বয়সৰ ভোটাৰ ৪৭,৯৮,২৬২ গৰাকী, ৫০ ৰ পৰা ৫৯ বছৰ বয়সৰ ভোটাৰ ৩৪,৪১,৫২৬ গৰাকী, ৬০ ৰ পৰা ৬৯ বছৰ বয়সৰ ভোটাৰ ১৯,১৮,৩৮৮ গৰাকী, ৭০ ৰ পৰা ৭৯ বছৰ বয়সৰ ভোটাৰ ৭,৮২,৩৯৭ জন আৰু ৮০ বছৰ বা তাৰ উৰ্ধৰ ভোটাৰ হ’ল ২,৭২,৪৬০ গৰাকী ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত নতুন ভোটাৰ তালিকাৰে কামৰূপ মহানগৰ জিলা : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কামৰূপ মহানগৰ জিলাত বিধানসভা সমষ্টিৰ সংখ্যা পাঁচখনলৈ বৃদ্ধি পালে । লগতে পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিলুপ্ত ঘটাই ডিমৰীয়া (এছ চি), নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল কৰা হ’ল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টি হ’ল ক্ৰমে ৩৩নং দিছপুৰ, ৩৪নং ডিমৰীয়া (এছ চি), ৩৫নং নিউ গুৱাহাটী, ৩৬নং গুৱাহাটী চেণ্ট্ৰেল আৰু ৩৭নং জালুকবাৰী বিধানসভা সমষ্টি । উল্লখ্য যে বিলুপ্ত হোৱা পূব গুৱাহাটী সমষ্টিটো একমাত্ৰ বিধানসভা সমষ্টি আছিল য'ত কোনো ধৰণৰ গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত নাছিল । সমষ্টিটো সম্পূৰ্ণ ৰূপে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ দ্বাৰা গঠিত আছিল । যাৰ বাবে সমষ্টিটোক মহানাগৰিক সমষ্টি কোৱা হৈছিল । এই পাঁচটা সমষ্টিৰ শেহতীয়া ভোটাৰ তালিকা অনুসৰি ভোটাৰৰ সংখ্যা হৈছে ১০,৪০,৭০৮ গৰাকী । ইয়াৰে ৫,১০,২৪৪ জন পুৰুষ ভোটাৰ আৰু ৫,৩০,৪৬৪ গৰাকী মহিলা ভোটাৰ । আনহাতে ৩৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । লক্ষণীয় বিষয় যে এই পাঁচটা সমষ্টিত পুৰুষৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা বেছি ।

গুৱাহাটীৰ চাৰিটা বিধানসভা সমষ্টিয়ে বৰ্তমান বিজেপি মিত্ৰজোঁটৰ দখলত আছে । দিছপুৰ সমষ্টিটো বিজেপি বিধায়ক অতুল বৰা, পূব গুৱাহাটী সমষ্টিটো বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, জালুকবাৰী সমষ্টিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম গুৱাহাটী সমষ্টিটো বিজেপিৰ মিত্ৰদল অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত আছে ।

দিছপুৰ বিধানসভা সমষ্টি : গুৱাহাটীৰ পাঁচটা সমষ্টিৰ ভিতৰত নতুনকৈ সীমা নিৰ্ধাৰণেৰে গঠিত দিছপুৰ সমষ্টিত পৌৰ নিগমৰ ১৩ টা ৱাৰ্ডক সামৰি লোৱা হয় । ৩৩ নং দিছপুৰ বিধানসভা সমষ্টি পৌৰ নিগমৰ ১৬ নং ৱাৰ্ডৰ লালগণেশ, জ্যোতিকুছি, ১৭ নম্বৰৰ সাউকুছি, ২২ নম্বৰৰ লুটুমা, কাহিলীপাৰা পাৱাৰ হাউছ, ২৪ নং ৱাৰ্ডৰ উদয়াচল, গণেশগুৰি, ২৬ নম্বৰৰ শ্ৰীমন্তপুৰ, ৪৩ নম্বৰৰ খ্ৰীষ্টানবস্তি, আনন্দনগৰ, ৪৪ নম্বৰৰ চিৰিয়াখানা, জাপৰিগোগৰ অংশবিশেষ, ৫৫ নং ৱাৰ্ডৰ বেলতলা, চাৰ্ভে, ৰুক্মিণীগাঁও, ৫৬ নং ৱাৰ্ডৰ বশিষ্ঠ, লতাকটা, ৫৭নং ৱাৰ্ডৰ ভেটাপাৰা, বশিষ্ঠ, ঘোঁৰামাৰা, ৫৮ নং ৱাৰ্ডৰ বেলতলা অঞ্চল, ৫৯ নং ৱাৰ্ডৰ কাহিলীপাৰা, হাতীগাঁও আৰু ৬০ নং ৱাৰ্ডৰ হাতীগাঁও, ভেটাপাৰাৰ বিস্তীর্ণ অঞ্চল অন্তর্ভুক্ত হয় । নতুন ভোটাৰ তালিকা অনুসৰি দিছপুৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৩৬,১১২ গৰাকী । ইয়াৰে ১,১৫,৮৭৪ জন পুৰুষ আৰু ১,২০,২৩৮ গৰাকী মহিলা । আনহাতে ১৪ গৰাকী হৈছে তৃতীয় লিংগৰ ভোটাৰ ।

ডিমৰীয়া বিধানসভা সমষ্টি :নতুনকৈ কৰা ৩৪ নং ডিমৰীয়া (এছ চি) বিধানসভা সমষ্টি গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড নম্বৰ ৪৬ ৰ নুনমাটি অঞ্চলৰ অংশবিশেষ, ৪৯ নং ৱাৰ্ডৰ মঠঘৰীয়া, গীতানগৰ, পাথৰকোৱাৰী অঞ্চলৰ অংশবিশেষ আৰু ৫২ নং ৱাৰ্ধৰ ডাউন টাউন, দ্বাৰকা নগৰৰ অংশবিশেষক সামৰি লোৱা হৈছে । তদুপৰি সমষ্টিটোত আছে চন্দ্ৰপুৰ উন্নয়ন খণ্ড, ডিমৰীয়া উন্নয়ন খণ্ড, নাৰেংগী উন্নয়ন খণ্ডৰ অংশবিশেষ । সেইদৰে ডিমৰীয়া বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে মুঠ ২,১৭,১১১ গৰাকী । ইয়াৰে ১,০৬,৬২৪ জন পুৰুষ আৰু ১,১০,৪৮৭ গৰাকী মহিলা । আনহাতে ৫ গৰাকী হৈছে তৃতীয় লিংগৰ ভোটাৰ ।

নিউ গুৱাহাটী বিধানসভা সমষ্টি : ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিটো পৌৰ নিগমৰ ১৭ টা ৱাৰ্ডৰ এলেকাক সামৰি লোৱা হৈছে । এই সমষ্টিটোত পৌৰ নিগমৰ ৩৩ নম্বৰ ৱাৰ্ডৰ চোলাপাৰা, পল্টনবজাৰ, আমবাৰী, লেম্বৰোড, লতাশিল, ৩৪ নং ৱাৰ্ডৰ উজানবজাৰ, ৩৫ নং ৱাৰ্ডৰ চেনিকুঠী, হেপীভিলা, ৩৬ নং ৱাৰ্ডৰ নেহৰু ষ্টেডিয়াম, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিতনগৰ, ৩৭ নং ৱাৰ্ডৰ চানমাৰি, কৰ্নাচল, পদুমপুখুৰী, ৩৮ নং ৱাৰ্ডৰ কৃষ্ণনগৰ, ৩৯ নং ৱাৰ্ডৰ ৰাজগড়, গান্ধীবস্তিৰ অংশবিশেষ, ৪০ নং ৱাৰ্ডৰ জ্যোতিনগৰ, মিলনপুৰ, ৪১ নং ৱাৰ্ডৰ হাতীগড় চাৰিআলি, জুৰোড, ৪২ নং ৱাৰ্ডৰ তৰুণ নগৰ, অনিল নগৰ অঞ্চলৰ অংশবিশেষ, ৪৪ নং ৱাৰ্ডৰ চিৰিয়াখানা, জাপৰিগোগৰ অঞ্চলৰ অংশবিশেষ, ৪৫ নং ৱাৰ্ডৰ বামুণীমৈদামৰ অংশবিশেষ, ৪৭ নং ৱাৰ্ডৰ জ্যোতিনগৰ, গোপালনগৰ, ৪৮ নং ৱাৰ্ডৰ নুনমাটিৰ অংশবিশেষ, ৫০ নং ৱাৰ্ডৰ হেঙেৰাবাৰী, লিচুবাগানৰ অংশবিশেষ, ৫১ নং ৱাৰ্ডৰ বৰবাৰী আৰু ৫৩ নং ৱাৰ্ডৰ ছয়মাইল,আনন্দনগৰৰ অংশবিশেষেৰে সামৰি লোৱা হৈছে । নিউ গুৱাহাটী বিধানসভা সমষ্টিত আছে মুঠ ১,৯২,৯২১ গৰাকী ভোটাৰ । ইয়াৰে ৯৪,০৫৪ জন পুৰুষ আৰু ৯৮,৮৬৭ গৰাকী মহিলা আৰু চাৰিগৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি : ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত পৌৰ নিগমৰ ১৬ টা ৱাৰ্ডৰ অংশবিশেষ সামৰি লোৱা হৈছে । সমষ্টিটোত পৌৰ নিগমৰ ১১ নং ৱাৰ্ডৰ ফটাশিল অঞ্চলৰ অংশবিশেষ, ১২ নং ৱাৰ্ধৰ মিঠা আমতল, আদিংগিৰি, ১৪ নং ৱাৰ্ডৰ ভাস্কৰ নগৰ, কালাপাহাৰ, ১৫ নং ৱাৰ্ডৰ বর্ষাপাৰা, ১৮ নং ৱাৰ্ডৰ ভৰলুমুখ অঞ্চলৰ অংশবিশেষ, ১৯ নং ৱাৰ্ডৰ মাছখোৱা, ২০ নং ৱাৰ্ডৰ বিষ্ণুপুৰ, ২১ নং ৱাৰ্ডৰ বিহাবাৰী, ২৩ নং ৱাৰ্ডৰ বিৰুবাৰী হিলছাইড, ২৫ নং ৱাৰ্ডৰ বিৰুবাৰী, ৰূপনগৰ অঞ্চলৰ অংশবিশেষ, ২৭ নং ৱাৰ্ডৰ ৰিহাবাৰী, নেপালী মন্দিৰৰ অংশবিশেষ, ২৮ নং ৱাৰ্ডৰ ছাত্ৰীবাৰী, আৰ্যনগৰ, ২৯ নং ৱাৰ্ডৰ ফাঁচীবজাৰ, ৩০ নং ৱাৰ্ডৰ ফাঁচীবজাৰ, পাণবজাৰ, পুলিচ ৰিজাৰ্ভৰ অংশবিশেষ, ৩১ নং ৱাৰ্ডৰ পাণবজাৰৰ ডনবস্ক’ৰ সমীপৰ অংশবিশেষ আৰু ৩২ নং ৱাৰ্ডৰ মণিপুৰীবস্তি, উলুবাৰী, ৰিহাবাৰীৰ অংশবিশেষ অন্তৰ্ভুক্ত হৈছে । গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত ৯৬,০১৫ গৰাকী পুৰুষ, ৯৬,১৬৪ গৰাকী মহিলা আৰু ৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯২,১৭৯ গৰাকী ৷

জালুকবাৰী বিধানসভা সমষ্টি :৩৭ নং জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ গাড়ীগাঁও, জালুকবাৰী, ২ নং ৱাৰ্ডৰ পদুমবড়ী, গুৱাহাটী বিশ্ববিদ্যালয়, সুন্দৰবড়ী, ৩, ৪, ৫, ৬, ৭, ৮ আৰু ৯ নং ৱাৰ্ডৰ পাণ্ডু, মালিগাঁও, গোশালাৰ বৃহৎ অঞ্চল, ১০ নং ৱাৰ্ডৰ বৰাগাঁৱৰ অংশবিশেষ আৰু ১৩ নং ৱাৰ্ডৰ ফটাশিলৰ অংশবিশেষ । সমষ্টিটোত লগতে অন্তৰ্ভুক্ত হৈছে ৰাণী উন্নয়ন খণ্ড আৰু উত্তৰ গুৱাহাটী পৌৰ সভাৰ অংশবিশেষ । জালুকবাৰী বিধানসভা সমষ্টিত ৯৭,৬৭৭ গৰাকী পুৰুষ, ১,০৪,৭০৮ গৰাকী মহিলা আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,০২,৩৮৫ গৰাকী ।

লগতে পঢ়ক :কংগ্ৰেছৰ কাৰ্যকলাপত অসন্তুষ্ট তৃণমূল কংগ্ৰেছ

ABOUT THE AUTHOR

...view details