বৰপেটা, ৬ মাৰ্চ:আলোচনা শেষ হোৱা নাই বুলি ক’লেও বৰপেটাত টিকট প্ৰত্যাশী কংগ্ৰেছ নেতাই নিজাববীয়াকৈ আৰম্ভ কৰিলে প্ৰচাৰ অভিযান ৷ ইণ্ডি এলায়েন্স অথবা অসমত বিৰোধী ঐক্যমঞ্চৰ কোনো সিদ্ধান্তৰ আনুষ্ঠানিক ঘোষণা নোহোৱাকৈ কংগ্ৰেছ নেতাই বৰপেটাত একপ্ৰকাৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা কাৰ্যই অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷
ইণ্ডি এলায়েন্সৰ হৈ বৰপেটাত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বুলি ভাবি থকা চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰৰ আশাত চেঁচাপানী পৰিব নেকি তাক লৈয়ো উঠিছে প্ৰশ্ন ৷ কংগ্ৰেছ নে চিপিআইএম নিৰ্বাচনী যুঁজত নামিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সভাপতি তথা বৰপেটাৰ টিকটৰ দাবীদাৰ দীপ বায়ন তৎপৰ হৈ পৰিছে নিৰ্বাচনক লৈ ৷
উল্লেখ্য যে ইণ্ডি এলায়েঞ্চৰ মিত্ৰদল হিচাপে চিপিআই(এম)এ আৰম্ভণিৰ পৰাই বৰপেটা সমষ্টি দাবী কৰি আহিছিল ৷ ইয়াৰ বিপৰীতে সাধাৰণ কংগ্ৰেছ কৰ্মীসকলে বৰপেটা কোনোকাৰণতে এৰি নিদিয়াৰ দাবী জনাই আহিছে ৷ আনকি বৰপেটা জিলা কংগ্ৰেছ নেতৃত্বয়ো সাধাৰণ কংগ্ৰেছ কৰ্মীসকলৰ মনোভাৱ বুজি হাই কমাণ্ডক বৰপেটা এৰি নিদিয়াৰ দাবী জনাইছিল ৷