নেশ্যনেল ডেস্ক, ৩ জুন :‘‘না মোক কোনোবাই পঠিয়াইছে, না মই নিজে ইয়ালৈ আহিছো, মোক মা গংগাই মাতিছে ।’’ এই বাক্যকেইশাৰী চাগে আপোনাৰ নিশ্চয় মনত আছে ! হয় আপুনি ঠিকেই অনুমান কৰিছে ৷ এয়া ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া বক্তব্য ৷ এতিয়াও কাশীবাসীৰ মনত আছে ।
এক কথাত ক’ব পাৰি যে যিখন চহৰে একেৰাহে দুবাৰ অভিলেখ ভোটৰ ব্যৱধানত প্ৰধানমন্ত্ৰী মোদীক সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল, তেতিয়া সেই ৰাইজে নিশ্চয় প্ৰাৰ্থীজনৰ মাজত বেলেগ কিবা এটা দেখা পাইছিল । এই ভিত্তিতে ২০২৪ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ১০ লাখৰ ব্যৱধানত জয়ী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল বিজেপিয়ে । সেয়ে ইয়াৰ পাচতেই তেওঁ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে ।
বাৰাণসীৰ আসনখন হৈছে দেশৰ এখন অন্যতম আসন বুলি গণ্য কৰা হয় । বেছিভাগ বিৰোধীয়েই এই ঠাইখনৰ ওপৰত প্ৰতিটো ক্ষণতে নিজৰ দৃষ্টি নিক্ষেপ কৰি থাকে ৷ কাৰণ ইয়াৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাংসদ হৈছে । সেয়াও একেৰাহে দুবাৰকৈ ।
২০১৪ চনৰ নিৰ্বাচনত তেওঁ দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল - গুজৰাটৰ বডোদৰা আৰু উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা । দুয়োখন আসনৰ পৰাই তেওঁ জয়ী হৈছিল । পিছত বদোদৰাৰ আসন এৰি কাশী আসন বাছি লৈছিল । ইয়াৰ পিছত কি হৈছিল সকলোৱে দেখিছিল । কাশীয়ে তেওঁক পুনৰ সাংসদ হিচাবে বিপুল ভোটেৰে জয়লাভ কৰে । কাশীত এই জয়ৰ লগে লগে বিজেপি অধিক আত্মবিশ্বাসী হৈ পৰিল ।
বাৰাণসৰ জাতীয় সমীকৰণ কি :অন্ত পৰিল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । ১ জুনত বাৰাণস আসনতো ভোটগ্ৰহণ কৰা হৈছে । ইয়াৰ ফলাফল আহিব ৪ জুনত । বাৰাণস আসনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অজয় ৰায়ৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি অনুমান কৰা হৈছে ।
আমাৰ হাতত পৰা কিছু তথ্য অনুসৰি জানিবলৈ চেষ্টা কৰিছো যে প্ৰধানমন্ত্ৰী মোদীয়ে ১০ লাখ ভোটত জয়ী হ’ব পাৰিবনে ? ভোটৰ সমীকৰণৰ কথা ক’বলৈ গ’লে বাৰাণসত ৮২% হিন্দু ভোটাৰ আছে । মুছলমানৰ সংখ্যা ১৬ শতাংশ । ইয়াৰ উপৰিও হিন্দুসকলৰ মাজতো ১২ শতাংশ ভোটাৰ অনুসূচিত জাতিৰ আৰু এটা বৃহৎ অংশ পিছপৰা জাতি ।
১৯ লাখৰো অধিক ভোটাৰে নিজৰ সাংসদ নিৰ্বাচন কৰে : বাৰাণস আসনত মুঠ ভোটাৰৰ সংখ্যাৰ ১৯,৬২,৮২১ জন । ইয়াৰে ৮,৯৭,৩৪৩ গৰাকী মহিলা ভোটাৰ আৰু ১০,৬৫,৩৪৩ গৰাকী পুৰুষ ভোটাৰ । আনহাতে অন্য ভোটাৰ আছে ১৩৫ জন । এই আসনৰ ৬৫ শতাংশ জনসংখ্যা চহৰ অঞ্চলত আৰু ৩৫ শতাংশ জনসংখ্যা গ্ৰামাঞ্চলত বাস কৰে । মুঠ জনসংখ্যাৰ ১০.০১ শতাংশ জনজাতীয় আৰু ০.৭ শতাংশ দলিত শ্ৰেণীৰ ।