গুৱাহাটী, 21 এপ্ৰিল :দেশৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ 5 টাকৈ সমষ্টিত 19 এপ্ৰিলত ভোটগ্ৰহণ সম্পন্ন হৈ যায় ৷ ৰাজ্যখনৰ উজনি অসমৰ ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা আৰু শোণিতপুৰ- ভোটগ্ৰহণ হৈ যোৱা এই পাঁচ সমষ্টিত দুটাকৈ জনগোষ্ঠীয়ে পূৰ্বৰ দৰে এইবাৰো বিশেষ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে ৷ পূৰ্বৰ দৰেই এইবাৰো চাহ জনগোষ্ঠীয় আৰু আহোম সম্প্ৰদায়ৰ ভোটাৰে অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ বিস্তাৰ কৰিব ৷ কিন্তু এইবাৰ ইয়াৰ প্ৰভাৱৰ দিশবোৰ মন কৰিবলগীয়া ৷
অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ বাবে সৰৱ আৰু সচেতন ব্যক্তি ড৹ দয়ানন্দ বুঢ়াগোঁহায়ে ভোটগ্ৰহণ হৈ যোৱা 5 টা লোকসভা সমষ্টিৰ এক বিশ্লেষণ আগবঢ়াইছে ‘ইটিভি ভাৰত অসম’ৰ সাংবাদিকৰ আগত ৷ ড৹ বুঢ়াগোঁহাইৰ স্পষ্ট মত- “এইবাৰ যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিৰ দুটা বৈশিষ্ট্য হৈছে ৷ 5 টা সমষ্টিৰ ভিতৰত যোৰহাট সমষ্টিত প্ৰায় 80% ভোটদানৰ কাৰণ- নৱ প্ৰজন্মৰ ভোটাৰৰ উচ্চহাৰত ভোটদানত অংশগ্ৰহণ আৰু আহোম ভোটাৰ ব্যাপক হাৰত ওলাই অহা বুলি মই বিশ্বাস কৰো” ৷
মন কৰিবলগীয়া যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অসমত মুঠ ভোটদানৰ হাৰ 78.4 % ৷ তাৰ ভিতৰত যোৰহাট সমষ্টিতে ভোটদানৰ হাৰ সৰ্বোচ্চ 79.89% ৷ তাৰপিছত ক্ৰমে শোণিতপুৰত 78.3%, ডিব্ৰুগড়ত 76.75%, কাজিৰঙাত 79.33 আৰু লখিমপুৰত 76.42 শতাংশ হৈছে ভোটদানৰ হাৰ ৷ ইতিমধ্যে হৈ যোৱা ভোটগ্ৰহণত যোৰহাট সমষ্টিতে আটাইতকৈ বেছি হৈছে ভোটদানৰ হাৰ ৷ আনুষ্ঠানিক পিয়ল নহ’লেও জনগোষ্ঠীয় সংগঠন আৰু সমাজকৰ্মীসকলৰ তথ্য অনুসৰি, সমগ্ৰ অসমত প্ৰায় 60 লাখ ভোটাৰ আৰু 50 লাখৰো অধিক আহোম সম্প্ৰদায়ৰ ভোটাৰ আছে ৷ বিশেষকৈ, যোৰহাট লোকসভা সমষ্টিত আহোম সম্প্ৰদায়ৰ সকলোতকৈ বেছি দখল আছে আৰু ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় ভোটাৰৰ সৰ্বাধিক দখল আছে ৷ আহোমসকলৰ ৰাজনৈতিক অধিকাৰ কৰ্মী ড৹ দয়ানন্দ বৰগোঁহায়ে কয়- “বিশেষকৈ যোৰহাট সমষ্টিত আহোমসকলৰ বিস্তৰ প্ৰভাৱ আছে ৷ যোৰহাটত 5 লাখতকৈয়ো বেছি আহোম ভোটাৰ আছে। এইবাৰৰ নিৰ্বাচনটোত পাৰ্টিৰ ভিত্তিত নহয়, সাম্প্ৰদায়িক ভিত্তিয়ে বিশেষ কাম কৰিছে ৷ যোৰহাটত 80% ভোটদান হোৱাৰ অন্যতম কাৰণ হৈছে আহোমসকলৰ অংশগ্ৰহণ”৷
লগতে তেওঁ কয়- “আহোমসকলৰ পিছতেই যোৰহাটত প্ৰায় 3 লাখৰ ওপৰত চাহ জনগোষ্ঠীয় ভোট আছে ৷ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু ভোটো আছে ৷ ইয়াৰ আহোম ভোটাৰৰ এক গৰিষ্ঠসংখ্যক কংগ্ৰেছৰ গৌৰৱ গগৈয়ে লাভ কৰিছে ৷ তপন গগৈ যোৱা 5 বছৰ বিজেপিৰ প্ৰাৰ্থী হৈ আছিল যদিও মানুহ তেওঁক লৈ সুখী নাছিল ৷ সেয়ে যোৰহাটত চাহ বাগানৰ ভোটাৰ আৰু নেপালী আদি অনান্য ভোটাৰৰ ওপৰত বিজেপি এইবাৰ নিৰ্ভৰশীল”৷
উল্লেখযোগ্য যে, যোৰহাটৰ মূল দুগৰাকী প্ৰতিদ্বন্দ্বীয়েই এইবাৰ আহোম সম্প্ৰদায়ৰ ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ জনগোষ্ঠীয় সংগঠনৰ তথ্য অনুসৰি চাহ বাগিচাৰ ভোটৰ সংখ্যা 7.4 লাখ ৷ প্ৰসংগত ৰাজনৈতিক বিশেষজ্ঞ ড৹ দয়ানন্দ বৰগোঁহায়ে কয়- “ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় ভোটাৰ সংখ্যাগৰিষ্ঠ ৷ ইয়াত আহোম ভোটাৰসকলৰ সংখ্যা দ্বিতীয় স্থানতহে আছে ৷ ৪ লাখতকৈ অধিক আহোম ভোটাৰ আছে ডিব্ৰুগড়ত ৷ লুৰিণজ্যোতি গগৈ এগৰাকী আহোম লোক৷ সেয়ে ইয়াৰ সংখ্যাধিক আহোম ভোট তেওঁ লাভ কৰিব । কিন্তু বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল এগৰাকী শক্তিশালী প্ৰাৰ্থী ৷ তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ ডিব্ৰুগড়ত চাহ জনগোষ্ঠী আৰু অনান্য জনগোষ্ঠীৰ ভোটৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল বিজেপি ৷ লুৰিণজ্যোতি গগৈৰ আশা স্পষ্ট নহয় । কিন্তু যোৰহাটত জিকাৰ সম্ভাৱনা আছে” ৷
ইফালে, ডিব্ৰুগড়ৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ এগৰাকী চহা জনগোষ্ঠীয় নেতা ৷ ধানোৱাৰৰ পিতৃ ৰামেশ্বৰ ধানোৱাৰ ৮ বাৰৰ বিধায়ক আছিল ৷ সেয়ে ডিব্ৰুগড় লোকসভাৰ নিৰ্বাচনী যুঁজখন এইবাৰ বাৰুকৈয়ে লক্ষণীয় হৈছে ৷ ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত ডিব্ৰুগড় জিলাত 178 খন, তিনিচুকীয়াত 123 খন চাহ বাগিচাৰ বিপৰীতে যোৰহাটত আছে 135 খন চাহ বাগিচা ৷ ইফালে লখিমপুৰ লোকসভা সমষ্টিতো বৃহৎসংখ্যক আহোম ভোটাৰ আছে ৷ লগতে আছে বৃহৎসংখ্যক চাহ জনগোষ্ঠীয় ভোটাৰ ৷ কেৱল লখিমপুৰ জিলাতে 9 খন চাহ বাগিচা থকাৰ বিপৰীতে লোকসভা সমষ্টিটোত প্ৰায় 2 লাখ চাহ জনগোষ্ঠীয় ভোটাৰ আছে যাৰ ভিতৰত অকল লখিমপুৰতে প্ৰায় 1 লাখ ভোটাৰ আছে বুলি জানিব পৰা গৈছে ৷ ড৹ দয়ানন্দ বৰগোঁহাইৰ মতে, আহোম ভোটাৰৰ মুষ্টিমেয় অংশ লখিমপুৰ সমষ্টিত বিজেপিলৈ গৈছে ৷ ইয়াৰে এটা অংশহে কংগ্ৰেছে লাভ কৰিছে, যাৰ বাবে বিজেপিয়েই লখিমপুৰত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব ৷