গুৱাহাটী, 28 জুন : ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা গৃহ বিভাগ ৷ এই অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷ শুকুৰবাৰে দলৰ গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই কয় যে বিগত সাত দিনত ৰাজ্যত 25 টাৰো অধিক হত্যা, ধৰ্ষণ, লুণ্ঠনৰ দৰে অপৰাধৰ ঘটনা সংঘটিত হৈছে ৷ তেওঁ কয় যে আৰক্ষী ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হ'ব লাগিব ৷ বৰ্তমান সময়ত আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা নোহোৱা হৈছে ৷ আৰক্ষীৰ লোকো সম্প্ৰতি অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈছে ৷
তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত দ্ৰুতগতিত আইন-শৃংখলাৰ অৱনতি ঘটিব ধৰিছে আৰু লাহে লাহে অসমত জংঘলৰাজ আৰম্ভ হ'ব ধৰিছে ৷ সংবাদমেল যোগে ৰিপুণ বৰাই 20 জুনৰ পৰা 27 জুনলৈ অসমত হোৱা হত্যা, ধর্ষণ আদি অপৰাধ তথ্য সহকাৰে দাঙি ধৰে ৷ এক সপ্তাহতে যদি এনেদৰে অপৰাধ বৃদ্ধি পাই তেন্তে বিজেপি চৰকাৰৰ বাকী থকা আঢ়ৈ বছৰত অসমৰ আইন-শৃংখলাই কি ৰূপ ধাৰণ কৰিব সহজে অনুমান কৰিব পাৰি বুলি তেওঁ কয় ৷
ৰিপুণ বৰাই দিয়া তথ্য অনুসৰি সপ্তাহটোৰ অপৰাধৰ তালিকা-
- ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড ৷ মৃতদেহৰ ডি এন এ টেষ্টৰ পিচত মৃতদেহটো সুনীল গগৈৰ পৰিৱৰ্তে ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি পোহৰলৈ আহিছে ৷ বৰ্তমানেও জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে বা সুনীল গগৈ সমগ্ৰ ঘটনাৰ লগত কিদৰে জড়িত সেই কথা এতিয়াও তদন্ততেই সীমাবদ্ধ ৷
- জালুকবাৰীত এটি 10 বছৰীয়া শিশুক যৌন নির্যাতন দিলীপ দাস নামৰ লোকজনৰ ৷
- লাওখোৱা অভয়াৰণ্যত ৰৌমাৰী বিলত মাছ মাৰিবলৈ যাওঁতেই দুই মাছমৰীয়া ভাতৃ আব্দুল জলিল আৰু ছমিৰ আলীক গুলিয়াই হত্যা বনৰক্ষীৰ ৷
- লাহোৱালত কনিষ্ঠ ভাতৃ অৰূপজ্যোতি দত্তৰ সহযোগত পিতৃ মনোজ দত্ত আৰু মাতৃ পল্লৱী দত্তই দাৰে ঘপিয়াই হত্যা কৰিলে জেষ্ঠ পুত্ৰ হীৰকজ্যোতি দত্তক ৷
- যোগীঘোপাত 13 বছৰীয়া ছাত্ৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ ৷ ইউনিফর্ম পিন্ধি থকা অৱস্থাতেই দুৰ্বৃত্তই হত্যা কৰি ওলমাই থোৱাৰ সন্দেহ ৷
- কাছাৰত এনকাউন্টাৰঃ কাছাৰৰ লক্ষীপুৰত যুৱতী অপহৰণত অভিযুক্তৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা ৷
- গোৱালপাৰাৰ বগুৱানত বোৱাৰীক হত্যা কৰি পেলাই দিলে পুখুৰীত ৷
- হাজোৰ দামপুৰত 23 জুনৰ নিশা ৰাজপথৰ পৰা অপহৰণ কৰি যুৱকক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ দলৰ ৷ ৰক্তাক্ত অৱস্থাত পথাৰত উদ্ধাৰ আহত আলকাছ আলী ৷
- 22 জুনত ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীক 5 যুৱকৰ দলবদ্ধধর্ষণ ৷
- শিৱসাগৰ জিলা সদৰ থানাৰ সমীপতে মোবাইল ফোন চুৰিক কেন্দ্ৰ কৰি গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা ৷ উন্মাদ আক্ৰমণত নিহত পালু গোৱালা ৷ মৃত্যুৰ সৈতে যুঁজ দিছে নির্যাতনত আহত দাদু ওৰাঙে ৷
- সুৰাৰ নিচাত মত্ত হৈ কোকৰাঝাৰ জিলাৰ নিউ আমগুৰিত বন্ধু বগা বসুমতাৰীয়ে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিলে নিজৰে বন্ধু দেহাছাৎ বসুমতাৰীক ৷
- গুৱাহাটীৰ কাহিলীপাৰাৰ ভাড়াঘৰত দুই সন্তানৰ সন্মুখতে মাতৃয়ে প্ৰেমিক তথা বিজেপি নেতা অৰূপ দাসৰ সৈতে মিলি স্বামী তথা চি আৰ পি এফৰ জোৱান দিতুমনি হালৈক হত্যা কৰে ৷ অভিযুক্ত পত্নী তথা দুটি সন্তানৰ মাতৃৰ নাম হীৰামণি হালৈ ৷
- মাজবাটৰ পিছত ঢেকীয়াজুলিৰ অৰুণ চাহবাগিছাত টিউচনৰ পৰা উভতি অহা দশম শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ চহিদুল আলী নামৰ লোকজনৰ ৷
- হোজাই জিলাৰ ডবকাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ ৷ পিতৃ পৰিয়ালৰ হত্যাৰ অভিযোগ ৷
- কোকৰাঝাৰৰ হাতীমাঘাত ড্ৰাগছ ক্ৰয়ৰ বাবে ধন নোপোৱাৰ বাবেই মাতৃক হত্যা কৰিলে অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ পুত্ৰ পদ্মপাণি ব্ৰহ্মই ৷
- সৰ্থেবাৰীৰ এৰাগাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ মৃত মহিলাগৰাকী এৰাগাঁৱৰ প্ৰণৱ দাসৰ পত্নী দীপাঞ্জলী দাস ৷
- গোলাঘাটৰ কলেজ তিনিআলিত অগ্নিদগ্ধ হৈ এগৰাকী বোৱাৰীৰ মৃত্যু ৷ বোৱাৰীগৰাকী গোলাঘাটৰ কলেজ তিনিআলিস্থিত নিৰঞ্জন বৰ্মনৰ পত্নী পৰিস্মিতা দাস ৷
- কোকৰাঝাৰত বেংকত এল আই চিৰ ধন জমা দিবলৈ যাওঁতেই দুৰ্বৃত্তই লুটি নিলে প্ৰায় 34 লাখ টকা ৷
- বশিষ্ঠত ৰক্ষকেই ভক্ষকৰ ৰূপত ৷ তিনি সুৰামত্ত আৰক্ষী বিষয়াই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ভৰি ভাঙিলে মানসিকভাৱে বাধাগ্ৰস্ত যুৱকৰ ভৰি ৷ মহিলাসহ মুঠ চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত সুৰামত্ত আৰক্ষীৰ নিৰ্মম অত্যাচাৰত ৷
- বঙাইগাঁৱত বাইকত অহা দুই পিষ্টলধাৰী দুৰ্বৃত্তই কাশীডোবাৰ তিনিআলি চ'কত দিন দুপৰতে গুলিয়াই হত্যা কৰিলে চিপনশিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসক ৷
- মৰিয়নীত পত্নীৰ দাৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ ৷
- নলবাৰীৰ দাহুদীত পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনত অতীষ্ঠ মহিলাৰ জুই লগাই আত্মহননৰ চেষ্টা ৷
- মানকাছাৰত একেদিনাই উদ্ধাৰ দুগৰাকী বোৱাৰীৰ মৃতদেহ ৷
তদুপৰি তেওঁ কয় যে, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চিচি কেমেৰা থকা সত্ত্বেও মটৰবাইকত অহা যুৱকে চিলনী চোৰৰ দৰে মহিলাৰ অলংকাৰ, বেগ থাপ মাৰি নিয়া ঘটনা নিত্যনৈমিত্তিক হ'ব ধৰিছে ৷ এন চি আৰ বিৰ 2022-23 চনৰ প্ৰতিবেদনত অসমত মহিলা নির্যাতন সম্পৰ্কীয় অপৰাধ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক হোৱাৰ লগতে 2024 চনৰ প্ৰতিবেদনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অপৰাধ সংক্ৰান্তত অসম 6 নং ৰাজ্য হিচাপে পৰিগণিত হৈছে ৷ এই তথ্যই প্ৰমাণ কৰে অসমৰ আইন-শৃংখলাৰ ফোঁপোলা স্বৰূপ ৷