অসম

assam

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 9:29 PM IST

ETV Bharat / politics

লোকসভা নিৰ্বাচন ২০২৪: ৰাষ্ট্ৰীয় ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা উজলিল ঠিকেই ! পিচে কি লাভ হ’ব অসমৰ ? - Himanta Biswa Sarma

Modi cabinet 3.O: মোদী মন্ত্ৰীসভাৰ প্ৰায়বোৰ মন্ত্ৰীৰ হৈ প্ৰচাৰ চলাইছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায়বোৰ কেন্দ্ৰীয় মন্ত্ৰীৰেই এতিয়া হিমন্ত বিশ্বৰ ঘৰুৱা সম্পৰ্ক । অসমৰ উন্নয়নৰ স্বাৰ্থত সেয়া ব্যৱহাৰ কৰিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই ? কি কয় মুখ্যমন্ত্ৰীয়ে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

ASSAM MPS IN MODI CABINET
HIMANTA BISWA SARMA (Himanta Biswa Sarma X handle)

গুৱাহাটী, ১১ জুন: “মধ্যপ্ৰদেশ, ওড়িশাক বাদ দিলে অসমত ১৪ খনৰ ভিতৰত ১১ খন আসনেই পোৱাটো আমাৰ বাবে ডাঙৰ সাফল্য আছিল । দিল্লীয়ে এইবাৰ নিৰ্বাচনত অসমত আমি ৮/৯ খন আসন দিব পাৰিম বুলি ভাবি আছিল । এইবাৰৰ দিল্লীৰ নতুন চৰকাৰৰ ওচৰত অসমৰ খোপনি আগতকৈ বহুত সদৃঢ় হ’ব । অসমলৈ আমি ভাল ভাল আঁচনি আনিব পাৰিম ।” এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

ৰাষ্ট্ৰীয় ৰাজনীতিত উজলিল হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

অসমৰ সাংসদে মোদী মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰা কাৰ্যই এক্ট ইষ্ট পলিচিক সহায় কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লোকসভা নিৰ্বাচনৰ ব্যস্ততাৰ অন্ত পেলাই ৰাজ্যত নিজৰ কামত ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

অসমৰ ফলাফলক লৈ সন্তুষ্ট দিল্লী তথা মোদীৰ স্বীকৃতি:

অসমত মুঠ ১৪ খন লোকসভা আসনৰ ভিতৰত ১১ খনতেই জয়লাভ কৰে বিজেপি মিত্ৰজোঁটে ৷ লোকসভা নিৰ্বাচনত অসমৰ মুঠ ১২৬ টা বিধানসভা সমষ্টিৰ ৯৫ টাতেই বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰে । এইবাৰৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাৰ শিৰোনামত থাকি অধিক আত্মবিশ্বাসী হৈ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটে অসমত ১৪ খন আসনৰ বিতৰত ১১ খন লাভ কৰা বিষয়টোক লৈ আজি যথেষ্ঠ সন্তুষ্টি প্ৰকাশ কৰে ।

লগতে পঢ়ক:৩-৩ বিবাহ বন্ধ কৰক 'অন্যথা... : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি সতৰ্কবাণী - Lok Sabha Election 2024

তেওঁ কয়, “অসমত ১৪ খন আসনৰ ১১ খন আসনেই বিজেপিয়ে পোৱাটো আমাৰ বাবে ডাঙৰ সাফল্য আছিল ৷ মোদী ডাঙৰীয়াই সুধিছিল যে ১৪ খন আসনৰ অন্তৰ্গত বিধানসভাত আমি এইবাৰ কিমান আসন পাইছো । আমি মিত্ৰজোঁটৰ সকলো আসন ধৰিলে প্ৰায় ৯৫ খন বিধানসভা আসন পাইছো লোকসভাৰ ভোটত ৷ মোডীজীয়ে আমাৰ জয়ক স্বীকৃতি দিছে ।” উল্লেখযোগ্য যে ২০২৬ চনৰ মাৰ্চ-এপ্ৰিল মাহত অসমত বিধানসভা নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে । আজি মুখ্যমন্ত্ৰীজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে ২০২৫ ৰ অক্টোবৰলৈ তেওঁ ৰাজ্যৰ বিকাশৰ কামতে মনোনিৱেশ কৰিব আৰু তাৰ পিচতহে বিধানসভা নিৰ্বাচনৰ কামত ধৰিব ।

হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় সমাদৰে কি সহায় কৰিব অসমক ?

এইবাৰ মোদী কেবিনেটত স্থান লাভ কৰা বহুতৰ হৈ ভাৰতৰ বিভিন্ন ঠাইত প্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই ৷ সাংবাদিকৰ প্ৰশ্নত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে, ‘‘দিল্লীত মন্ত্ৰী হোৱা বহুতৰে হৈ মই এইবাৰ প্ৰচাৰ চলাইছিলো ।’’ ইয়াক লৈ সুখী হিমন্ত বিশ্ব শৰ্মা ৷ এই প্ৰচাৰ কাৰ্যসূচীৰ জড়িয়তে বৃদ্ধি হোৱা ৰাজনৈতিক গুৰুত্ব আৰু ঘৰুৱা সম্পৰ্কই ৰাজ্যখন উন্নয়নৰ বাবে আঁচনি অনাত সহায় কৰিব বুলি প্ৰৱল আাশাবাদী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক:৪০০ৰো অধিক আসন পালে কাশী, মথুৰা আৰু জ্ঞানবাপীত মন্দিৰ স্থাপন কৰিব এন ডি এ চৰকাৰে: ড৹ শৰ্মা - Lok Sabha Election 2024

মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, “এইবাৰ দিল্লীত মন্ত্ৰী হোৱা বহুতৰে হৈ মই প্ৰচাৰ চলাইছো ৷ ওড়িশাত ধৰ্মেন্দ্ৰ প্ৰধানৰ হৈ প্ৰচাৰ চলাইছিলোঁ । তেওঁ এইবাৰো গুৰুত্বপূৰ্ণ মন্ত্ৰী । শিৱৰাজ সিং চৌহান মন্ত্ৰী হৈছে, বিদিশাত তেওঁৰ হৈ মই প্ৰচাৰ চলাইছিলোঁ । মধ্য প্ৰদেশত অসমৰ অৰুণোদয় আঁচনি লৈ যোৱাৰ পৰা আৰম্ভ কৰি গোটেই প্ৰক্ৰিয়াটোৰ লগত মই বহুদিনৰ পৰা জড়িত হৈ আছোঁ । জুৱেল ওৰাং মন্ত্ৰী হৈছে, তেখেতেৰ সমষ্টিতো মই প্ৰচাৰ চলাইছোঁ । অন্নপূৰ্ণা দেৱী মন্ত্ৰী হৈছে, তেওঁৰ সমষ্টিতো মই প্ৰচাৰ চলাইছোঁ । বিগ ফ’ৰক বাদ দি, নাড্ডা চাহাব, অমিত শ্বাহ, প্ৰধানমন্ত্ৰী, জয়শংকৰ আদিক বাদ দি মই বাকী প্ৰায়বোৰৰ সমষ্টিতে মই প্ৰচাৰ চলাইছোঁ । পশ্চিমবংগৰ পৰা ৰাজ্যিক মন্ত্ৰী হোৱা দুয়োজনৰেই হৈ মই প্ৰচাৰ চলাইছোঁ । ”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলোৱা এই ৰাষ্ট্ৰীয় প্ৰচাৰৰ পৰা অসমৰ কি লাভ হ’ব তাকো নিজমুখে ক’লে তেওঁ । ড৹ শৰ্মাই কয়, “নাড্ডা চাহাব, অমিত শ্বাহ, প্ৰধানমন্ত্ৰী, জয়শংকৰ আদিক বাদ দি মই প্ৰায় সকলোখিনি মন্ত্ৰীৰে হৈ যোৱা দুমাহ ধৰি প্ৰচাৰ চলাইছোঁ । গতিকে তেওঁলোকৰ লগত মোৰ এতিয়া সম্পৰ্ক ঘৰুৱা হৈ পৰিছে ৷ এপইণ্টমেণ্ট নল’লেও হয় ৷ মোবাইল ফোনতে কথা পাতি লগ পাব পাৰো আমি । সৌ সিদিনা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক মই লগ পাব বিচাৰো বুলি ক’লো । তেওঁ মোক ক’লে ময়েই আপোনাৰ ঘৰলৈ গৈ আছো ।”

লগতে পঢ়ক:ওড়িশাৰ মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ’ দেখি হতাশ হ’ল মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Himanta Biswa Sarma

নিৰ্বাচনী প্ৰচাৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীৰে হোৱা ঘৰুৱা সম্পৰ্কৰ পৰা অসমৰ ৰাইজৰ কি লাভ হ’ব সেই কথা হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে, “মোদী মন্ত্ৰীসভাৰ প্ৰায় সকলো মন্ত্ৰীৰ সৈতে এতিয়া ৱান টু ৱান ঘৰুৱা সম্পৰ্ক মোৰ ৷ এই ঘৰুৱা সম্পৰ্ক মই অসমৰ স্বাৰ্থত কি দৰে ব্যৱহাৰ কৰিব পাৰো সেয়াহে গুৰুত্বপূৰ্ণ । মই ভাবো অসমে এইবাৰ কেন্দ্ৰত বহু গুৰুত্বপূৰ্ণ পৰিৱেশ পাইছে ।’’

এক্ট ইষ্ট পলিচি ৰূপায়ণত সহায়ক হ’ব:

মোদী কেবিনেট 3.0 ত এইবাৰ বৈদেশিক আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে অসমৰ ৰাজ্যসভাৰ সাংসদ তথা নতুন মুখ পৱিত্ৰ মাৰ্ঘৰিটাই । ইয়াকে লৈ আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীজনৰ মতে, “Act East Policy ৰ ৰূপায়ণ অসমৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয়৷ এনেকুৱা এটা বিভাৰ দায়িত্ব অসমৰ কাৰণে গুৰুত্বপূৰ্ণ । বিশেষকৈ বাংলাদেশ, ম্যানমাৰ, ভূটান, ছিংগাপুৰ, থাইলেণ্ড এই দক্ষিণ এছিয়াক লৈ আমি যিবোৰ পৰিকল্পনা কৰি আছিলো পৱিত্ৰ মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্বই সেইটো আগুৱাই লৈ যাব ৷’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আশা আৰু সপোনে কি ৰূপ লয় বা তেওঁ কিদৰে তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰে কেন্দ্ৰৰ পৰা অসমলৈ পৰৱৰ্তী ৫ টা বছৰত সুবিধা আদায় কৰিব পাৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব ।

লগতে পঢ়ক:কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৰিলে টাৰ্গেট, মুখ্যমন্ত্ৰীৰ মতে বাঢ়িল সামাজিক মৰ্যদা - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details