অসম

assam

অসমৰ উপ-নিৰ্বাচন : ৫টা সমষ্টিৰ ৩ টাতে নতুন সাংসদৰ পত্নী-পুত্ৰ হ'ব পাৰে প্ৰাৰ্থী ! - Bye Election in Assam

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 4:02 PM IST

Updated : Jun 28, 2024, 6:15 PM IST

Family centric politics in Assam : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত হয়তো দেখা যাব পৰিয়ালকেন্দ্ৰিক প্ৰাৰ্থিত্ব ৷ সেয়া বিৰোধীয়েই হওক বা শাসকীয় পক্ষৰে হওক ৷ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ শাসক-বিৰোধী কোনেও হয়তো সমালোচনা কৰিব নোৱাৰিব ৷

Family centric politics in Assam
অসমৰ উপ-নিৰ্বাচনত পৰিয়ালকেন্দ্ৰিক প্ৰাৰ্থিত্ব (Social media photos)

গুৱাহাটী, ২৮ জুন :অসমত হয়তো আৰু কেবাটাও নিৰ্বাচনলৈ শাসক-বিৰোধী কোন দলেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কৈ কাকো সমালোচনা কৰিব নোৱাৰিব । কাৰণ এইবাৰ অসমত উপ-নিৰ্বাচনত বিজেপি, অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ সকলোৱেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে প্ৰাৰ্থী দিয়াৰ দিশে আগবাঢ়িছে ।

বাৰিষাৰ বতৰ শেষ হোৱাৰ পিচতে অসমত লোকসভা নিৰ্বাচনৰ বাবে বিধায়কশূন্য হোৱা ৫টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন পাতিবৰ বাবে ইংগিত দিছে অসম চৰকাৰেও ৷ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী ৷ কিন্তু অসমৰ এই উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে ব্যাপক চৰ্চা লাভ কৰিছে । ৫ টা বিধানসভা সমষ্টিৰ ৩টাতেই প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত চৰ্চালৈ আহিছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ৷ কি বিৰোধী, কি শাসক দুয়োটা পক্ষতে কোনো শীৰ্ষনেতাৰ পৰিয়ালৰ সদস্যক প্ৰাৰ্থিত্ব দিবৰ বাবে কুচকাৱাজ অব্যাহত আছে ।

লগতে পঢ়ক:চিদলী দখলৰ বাবে অকলেই উঠি-পৰি লাগিছে কংগ্ৰেছ

এইবাৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা মুঠ ৫ জনকৈ বিধায়ক সংসদলৈ নিৰ্বাচিত হৈছে৷ বিধায়কশূন্য হৈ পৰিল বিহালী, চামগুৰি, ধলাই, বঙাইগাঁও আৰু ছিদলী বিধানসভা সমষ্টি । এতিয়া এই পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সমীকৰণ । চামগুৰি, বঙাইগাঁও, ধলাই এই তিনিটা সমষ্টি বিশেষভাৱে চৰ্চালৈ আহিছে পৰিয়ালকেন্দ্ৰিক প্ৰাৰ্থিত্বৰ প্ৰস্তুতিৰ বাবে ।

চামগুৰি বিধানসভা :

চামগুৰিত বিৰোধী কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ মিত্ৰ অগপ তিনিও দলেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ভিত্তিত আগন্তুক উপ-নিৰ্বাচনত প্ৰাৰ্থী দিবলৈ আগবাঢ়িছে ৷

এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰায় ১০ লাখ ১২ হাজাৰ ভোটত জয় লাভ কৰা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন আছিল 2001ৰ পৰা নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ৫ বাৰকৈ বিধায়ক ৷ উল্লেখযোগ্য যে ৰকিবুল হুছেইনৰ পিতৃ নৰুল হুছেইনো ১৯৮৩ আৰু ১৯৯১চনত দুবাৰকৈ চামগুৰিৰ বিধায়ক নিৰ্বাচিত হৈছিল ৷

ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন (Social media photo)

২০২৪ত ৰকিবুল হুছেইন সংসদলৈ যোৱাৰ পিচত এতিয়া ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক উপ-নিৰ্বাচনৰ বাবে সাজু কৰিছে ৰকিবুল হুছেইনে । ৰাজ্যিক এন এছ ইউ আইৰ মুখপাত্ৰৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ৰকিবুল হুছেইনৰ পুত্ৰৰ চামগুৰিত প্ৰাৰ্থিত্বক লৈ সংবাদ মাধ্যমৰ আগত সেউজ সংকেতো দিছে ইতিমধ্যে ৷

লগতে পঢ়ক:চিদলী দখলৰ বাবে অকলেই উঠি-পৰি লাগিছে কংগ্ৰেছ

আনহাতে চামগুৰিত উপ-নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে ৰকিবুল হুছেইনৰ পুত্ৰই ৷ এক অঘটন নঘটিলে ৰকিবুল হুছেইনৰ পুত্ৰই চামগুৰিত লাভ কৰিব কংগ্ৰেছৰ পৰা উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব ৷ ৰকিবুল হুছেইনৰ পুত্ৰই উপ-নিৰ্বাচনত বিধায়কৰূপে জয় লাভ কৰিলে হুছেইন পৰিয়ালৰ তিনিটা প্ৰজন্মই প্ৰতিনিধিত্ব কৰিব চামগুৰি সমষ্টিক ।

মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্ত (Social media photo)

বিজেপি মিত্ৰজোঁটৰ পৰা চামগুৰিত এন ডি এৰ মিত্ৰদল অগপৰ মণিমাধৱ মহন্তৰ নাম প্ৰাৰ্থীৰূপে চৰ্চিত হৈছে । মণিমাধৱ মহন্ত হ’ল অগপৰ কাৰ্যকৰী সভাপতি তথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তৰ সহোদৰ ৷ অৰ্থাৎ বিজেপিৰ পৰাও পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ভিত্তিতেই চামগুৰিত প্ৰাৰ্থী প্ৰক্ষেপৰ যো-জা চলিছে ৷

লগতে পঢ়ক:ৰাজ্যত ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন : টঙালি বান্ধি সাজু হ’ল বিজেপি

আনহাতে, কংগ্ৰেছে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক চামগুৰিত প্ৰক্ষেপ কৰিলে ধুবুৰীত ৰকিবুল হুছেইনৰ হাতত ১০ লাখ ভোটত পৰাজিত হোৱাৰ পোতক তুলিবলৈ সাজু হৈছে এ আই ইউ ডি এফ দল আৰু বদৰুদ্দিন আজমল ৷ এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা তথা বিধায়ক আমিনুল ইছলামে ইতিমধ্যে চামগুৰিত এজন যোগ্য প্ৰার্থী দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । এ আই ইউ ডি এফৰ পৰা চামগুৰিত চৰ্চিত হৈছে বদৰুদ্দিন আজমল পুত্ৰৰ নাম ।

বঙাইগাঁও বিধানসভা :

বঙাইগাঁও বিধানসভা সমষ্টিৰ ৮ বাৰৰ বিধায়ক NDAৰ অংশীদাৰ অসমৰ আঞ্চলিক দল অগপ নেতা ফণী ভূষণ চৌধুৰী ৷ ১৯৮৫ চনৰ পৰা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়কৰূপে প্ৰতিনিধিত্ব কৰি অহা ফণীভূষণ চৌধুৰী এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱাৰ পিচত খালী হৈ পৰিল বঙাইগাঁও বিধানসভা সমষ্টি ৷

পত্নী দিপ্তীময়ী চৌধুৰী আৰু পুত্ৰৰ সৈতে ফণীভূষণ চৌধুৰী (Social media photo)

ইতেমধ্যে বিজেপিয়ে স্পষ্ট কৰিছে যে বঙাইগাঁও বিধানসভাত অগপ আৰু চিদলী বিধানসভাত সহযোগী দল ইউ পি পি এলে উপ-নিৰ্বাচন খেলিব । বঙাইগাঁও সমষ্টিত অগপ দলৰ তৰফৰ পৰা ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থিত্ব দিব বুলি প্ৰায় নিশ্চিত হৈছে ৷

ধলাই বিধানসভা সমষ্টি :

কেবাবাৰো ধলাই সমষ্টিৰ বিধায়ক হৈ দিছপুৰলৈ অহা পৰিমল শুক্লবৈদ্য এইবাৰ শিলচৰৰ সাংসদৰূপে দিল্লীলৈ যাবলগীয়া হ’ল ৷ সাংসদ নিৰ্বাচিত হোৱাৰ পিচতে শুক্লবৈদ্যই বিধায়ক হোৱাৰ যোগ্যতা থকা স্বতেও নিজৰ পৰিয়ালৰ কোনো সদস্যই নিৰ্বাচনত ধলাই সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে বুলি দাবী কৰিছিল । সততে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কৈ কংগ্ৰেছক সমালোচনা কৰি আহিছে যদিও পৰিমল শুক্লবৈদ্যই সমষ্টিটোৰ মোহ এৰিব খোজা নাই ।

পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্য (Social media photo)

বিজেপিৰ ভিতৰুৱা চৰ্চামতে সাংসদ পৰিমল শুক্লবৈদ্যই এইবাৰ উপ-নিৰ্বাচনত ধলাই বিধানসভা সমষ্টিত তেওঁৰ পুত্ৰ উৎপল শুক্লবৈদ্যক প্ৰার্থী হিচাপে প্ৰক্ষেপ কৰাব বিচাৰিছে ৷ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ গৱেষক ছাত্ৰ উৎপলক পৰিমল শুক্লবৈদ্যই নিজৰ সমষ্টিটোৰ পাৰিবাৰিক উত্তৰাধিকাৰী কৰিব খোজা কাৰ্যক লৈ ৰাজ্যিক বিজেপি, বিশেষকৈ বৰাক উপত্যকাৰ বিজেপিৰ মাজত ইতিমধ্যে সৰৱ চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক:ফণীভূষণ চৌধুৰীৰ দুৰ্গত কোন হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ?

Last Updated : Jun 28, 2024, 6:15 PM IST

ABOUT THE AUTHOR

...view details