অসম

assam

ETV Bharat / politics

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান অলিম্পিয়ান বক্সাৰ বিজেন্দৰ সিঙৰ - VIJENDER SINGH QUITS CONGRESS - VIJENDER SINGH QUITS CONGRESS

Boxer vijender singh Join Bjp : কংগ্ৰেছে পুনৰ এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। অলিম্পিয়ান বক্সাৰ বিজেন্দৰ সিঙে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

Boxer vijender singh Join Bjp
বিজেপিত যোগদান অলিম্পিয়ান বক্সাৰ বিজেন্দৰ সিঙৰ

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 10:20 PM IST

Updated : Apr 3, 2024, 10:29 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিল :লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত অব্যাহত আছে খহনীয়া ৷ ইটোৰ পিচত সিটো বিপৰ্যয়ৰ সন্মুখীন হৈছে কংগ্ৰেছ ৷ আজি পুনৰ কংগ্ৰেছ দলত আন এক ডাঙৰ আঘাত ৷ হাৰিয়ানাৰ অলিম্পিয়ান বক্সাৰ বিজেন্দৰ সিঙে কংগ্ৰেছ দলৰ পৰা বিদায় লৈ বিজেপিত যোগদান কৰিছে ৷ নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ খেলুৱৈগৰাকীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

বক্সাৰ বিজেন্দৰ সিঙৰ বিজেপিত যোগদান-

ইয়াৰ পূৰ্বে কংগ্ৰেছ দলে উত্তৰ প্ৰদেশৰ মথুৰাৰ পৰা বক্সাৰ বিজেন্দৰ সিঙক লোকসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি চৰ্চা চলি আছিল ৷ য’ত তেওঁক বিজেপি প্ৰাৰ্থী তথা অভিনেত্ৰী হেমা মালিনীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা দেখা গ’লহেতেন ৷ কিন্তু ৰাজনৈতিক বতাহৰ দিশ সলনি হয় ৷ হাৰিয়ানাৰ ভীৱানীৰ বাসিন্দা অলিম্পিয়ান বক্সাৰ বিজেন্দৰ সিঙৰ ক্ষেত্ৰতো একেই দেখা গ’ল ৷

2019 চনত কংগ্ৰেছত যোগদান-

উল্লেখ্য যে, হাৰিয়ানাৰ অলিম্পিয়ান বক্সাৰ বিজেন্দৰ সিঙে 2019 চনত কংগ্ৰেছত যোগদান কৰিছিল ৷ কংগ্ৰেছে তেওঁক দক্ষিণ দিল্লীৰ পৰা লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যদিও নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিল ৷ এইবাৰ তেওঁ কংগ্ৰেছৰ টিকটত হাৰিয়ানাৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল ৷ তেওঁ এক বিবৃতিও দিছিল য’ত তেওঁ ভীৱানীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷ অৱশ্যে পিচলৈ খবৰ আহিবলৈ ধৰিলে যে কংগ্ৰেছে তেওঁক কৃষ্ণ চহৰ মথুৰাৰ পৰা প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে ৷

একে সময়তে তেওঁ আম আদমী পাৰ্টিত যোগদান কৰিবলৈ ওলাইছে বুলিও খবৰ বিয়পি পৰিছিল ৷ হাৰিয়ানাৰ অলিম্পিয়ান বক্সাৰ বিজেন্দৰ সিঙে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাতো অংশগ্ৰহণ কৰিছিল ৷ একে সময়তে বিজেন্দৰ সিঙে কৃষক আন্দোলনকো সমৰ্থন কৰিছিল ৷

বক্সাৰ বিজেন্দৰ সিং জাট সম্প্ৰদায়ৰ ৷ 2008 চনত চীনৰ বেইজিঙত অনুষ্ঠিত অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিচিল ৷ এছিয়ান গেমছতো তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল ৷ ইয়াৰ উপৰিও তেওঁ বলীউডৰ ছবিতো অভিনয় কৰিছে ৷ কেইমাহমানৰ পূৰ্বে তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম (এক্স)ত এটা পোষ্ট দি সকলোকে আচৰিত কৰি তুলিছিল ৷ য'ত তেওঁ লিখিছিল যে "ৰাজনীতিক ৰাম-ৰাম ভাই" ৷ কিন্তু পিচত তেওঁ এই মন্তব্য নাকচ কৰি ৰাজনীতিত সক্ৰিয় হৈ থকাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক :১১ কোটি ১৫ লাখ ২ হাজাৰ ৫৯৮ টকাৰ সম্পত্তিৰ গৰাকী ৰাহুল গান্ধী - Lok Sabha Election 2024

Last Updated : Apr 3, 2024, 10:29 PM IST

ABOUT THE AUTHOR

...view details