নিউজ ডেস্ক, 2 অক্টোবৰ:আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাবলৈ এইবাৰ সাজু হৈছে এগৰাকী প্ৰাক্তন বিধায়ক ৷ দুবাৰকৈ নিৰ্দলীয় বিধায়কৰূপে জয়ী হৈ দিছপুৰলৈ অহা এইগৰাকী বিধায়কে 4 অক্টোবৰত হাতত তুলি ল'ব আঞ্চলিকতাবাদৰ পতাকা ৷ ইতিমধ্যে যোগদানৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, বাকী আছেগৈ কেৱল আনুষ্ঠানিকতাহে ৷
বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে শুকুৰবাৰে অৰ্থাৎ 4 অক্টোবৰত আনুষ্ঠানিকভাৱে যোগদান কৰিব অসম জাতীয় পৰিষদ চমুকৈ এজেপিত ৷ বুধবাৰে ই টিভি ভাৰতক এই কথা জানিবলৈ দিছে অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বই ৷ উল্লেখ্য যে 2001 চনত প্ৰথমবাৰৰ বাবে বোকাখাত সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়কৰূপে নিৰ্বাচিত হৈছিল জীতেন গগৈ ৷
লগতে পঢ়ক:নতুন ৰাজনৈতিক ঠিকনা অনুপ চেতিয়াৰ - Anup Chetia to join AGP
দুটাকৈ কাৰ্যকালৰ বাবে সমষ্টিটোৰ পৰা জীতেন গগৈ নিৰ্বাচিত হৈ আহিছিল বিধায়ক হিচাপে ৷ অৱশ্যে ইয়াৰ পৰৱৰ্তী সময়ত বোকাখাত সমষ্টি যায় অগপৰ বৰ্তমানৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ হাতলৈ ৷ বিগত প্ৰায় দুটা দশকৰো অধিককাল জুৰি বোকাখাত নিৰ্মাণ গোট নামৰ এটা সংগঠনৰ নেতৃত্ব বহন কৰি আহিছে জীতেন গগৈয়ে ৷
4 অক্টোবৰত বোকাখাতত অনুষ্ঠিত হ'বলগীয়া এই যোগদান কাৰ্যসূচীত তেওঁৰ বোকাখাত নিৰ্মাণ গোট নামৰ সংগঠনটোও চিৰদিনৰ বাবে চামিল হ'ব অসম জাতীয় পৰিষদত ৷ স্মৰ্তব্য যে বিধায়ক হৈ থকা সময়ছোৱাত বা তাৰ পৰৱৰ্তী পৰ্যায়তো বিভিন্ন বিষয়ত প্ৰায়েই চৰ্চাত থকা দেখা গৈছিল জীতেন গগৈক ৷ আনকি "মই কাজিৰঙাৰ ৰজা" বুলি মন্তব্য কৰিও ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল জীতেন গগৈ ৷
লগতে পঢ়ক:কাজিৰঙাক খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰিছে কোনে ?