গুৱাহাটী, 31 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত শাসকীয় দল বিজেপিলৈ সোঁত বৈছে কংগ্ৰেছকে ধৰি আন বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ ৷ কংগ্ৰেছৰ বাহিৰেও এ আই ডি এফৰ নেতা-কৰ্মীয়েও এতিয়া বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে ৷ 29 মাৰ্চত এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে বিজেপিত যোগদান কৰাৰ পিচতে দেওবাৰে পুনৰ আন এজন এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়কে যোগদান কৰে বিজেপিত ৷ দেওবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালোৱে ৷ বিজেপিৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত তেওঁ দলটোত যোগদান কৰে ৷
বিজেপিত যোগদান কৰিয়েই এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ হৈ পৰে অনন্ত মালো ৷ এ আই ইউ ডি এফত যি সকল লোকৰ টকা আছে তেওঁলোকেহে টিকট লাভ কৰে বুলি অভিযোগ কৰে প্ৰাক্তন বিধায়কজনে ৷ টকা নাই বাবে তেওঁ বিধানসভা নিৰ্বাচনত এ আই ইউ এফ দলৰ পৰা টিকট বঞ্চিত হ’ল বুলিও অভিযোগ কৰে তেওঁ ৷